/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/af3a61f9-4a25-4d28-93bc-d339dfe183f5/aimu.jpg)
ei muhurtar khabar
ডিজিটেল সংবাদ, বিহালীঃ বিহালীৰ বৰগাংৰ মিলনপুৰ গাঁৱৰ ৰে'ল লাইনৰ সমীপত এক অৰ্দ্ধগলিত মৃতদেহ উদ্ধাৰ হৈছে৷ উদ্ধাৰ হোৱা মৃতদেহটো লিয়নী ইন্দুৱাৰ (50)বুলি জানিব পৰা গৈছে৷ মহিলাগৰাৰীৰ ঘৰ বৰগাঙত বুলি স্থানীয় লোকৰ পৰা জানিব পৰা গৈছে।
উল্লেখ্য যে বিগত ২২জুনৰ পৰা নিৰুদ্দেশ হৈ আছিল মহিলাগৰাকী৷ বিগত দিন কেইটাত পৰিয়ালৰ লোকে মহিলাগৰাকী নিখেজ হোৱা বুলি বিচাৰ খোচাৰ কৰি আছিল যদিও কোনো সন্ধান লাভ কৰা নাছিল৷ মহিলাগৰাকী কোনো দূৰ্ঘটনাত মৃত্যু হৈছে নে আন কোনো ঘটনা সংঘটিত হ'ল সেইয়া আৰক্ষীৰ তদন্তত হে স্পষ্ট হ'ৱ ৷
Also Read: UGC NET পৰীক্ষাৰ দিন ঘোষণা NTA ৰ...