UGC NET পৰীক্ষাৰ দিন ঘোষণা NTA ৰ...

UGC NET পৰীক্ষাৰ দিন ঘোষণা NTA ৰ...

author-image
Asomiya Pratidin
New Update
UGC NET পৰীক্ষাৰ দিন ঘোষণা NTA ৰ...

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই বাতিল হোৱা আৰু পিছুৱাই দিয়া বিভিন্ন পৰীক্ষাৰ নতুন সূচী ঘোষণা কৰিছে। সংস্থাটোৱে শুকুৰবাৰে জাৰি কৰা এখন জাননীত কোৱা হৈছে যে, বিশ্ববিদ্যালয় অনুদান আয়োগৰ ৰাষ্ট্রীয় যোগ্যতা নিৰূপণ পৰীক্ষা, ইউ জি চি-নেট জুন-২০২৪, ২১ আগষ্টৰ পৰা ৪ ছেপ্তেম্বৰৰ ভিতৰত অনুষ্ঠিত হ'ব।

Advertisment

উল্লেখযোগ্য যে ১৮ জুনত এই পৰীক্ষা অনুষ্ঠিত হোৱাৰ পাছত শিক্ষা মন্ত্র্যালয়ে পৰীক্ষাৰ সততাক লৈ আপোচ হোৱা বুলি অভিযোগ লাভ কৰাৰ পাছত বাতিল কৰা হৈছিল। নেট পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাত পৰীক্ষা বাতিল কৰা হৈছিল।  ইপিনে, সতর্কতামূলক ব্যৱস্থাৰ অংশ হিচাপে স্থগিত ৰখা সংযুক্ত চি এছ আই আৰ- ইউ জি চি নেট জুন-২০২৪, ২৫ৰ পৰা ২৭ জুলাইলৈ অনুষ্ঠিত হ'ব।

একেদৰে, ৪ বছৰীয়া সংহত শিক্ষক শিক্ষা কার্যসূচী আই টি ই পিত নামভর্তিৰ বাবে ৰাষ্ট্ৰীয় উমৈহতীয়া প্রৱেশ পৰীক্ষা এন চি ই টি ১০ জুলাইত অনুষ্ঠিত হ'ব। এই পৰীক্ষাও বিভিন্ন কাৰণত পিছুৱাই দিয়া হৈছিল। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই প্রকাশ কৰিছে যে, সৰ্বভাৰতীয় আয়ুষ স্নাতকোত্তৰ প্ৰৱেশ পৰীক্ষা পূর্ব নির্ধাৰিত সূচী অনুযায়ী ৬ জুলাইত অনুষ্ঠিত হ'ব। সংস্থাটোৱে অধিক তথ্যৰ বাবে শিক্ষার্থীসকলক www.nta.ac.in ৱেবছাইট চাবলৈ পৰামর্শ দিছে।

Also Read: Employment Exchange ত পুনৰ কৰিব লাগিব পঞ্জীয়নঃ ১৫ আগষ্ট শেষ সময়...

ugc net NTA