চিৰাঙত লোমহৰ্ষক হত্যাকাণ্ডঃ স্বামীয়ে হত্যা কৰি পুতি থ'লে পত্নীৰ মৃতদেহ

চিৰাঙত লোমহৰ্ষক হত্যাকাণ্ডঃ স্বামীয়ে হত্যা কৰি পুতি থ'লে পত্নীৰ মৃতদেহ

author-image
Asomiya Pratidin
New Update
চিৰাঙত লোমহৰ্ষক হত্যাকাণ্ডঃ স্বামীয়ে হত্যা কৰি পুতি থ'লে পত্নীৰ মৃতদেহ

ডিজিটেল সংবাদ,চিৰাং : চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ আমগুৰী থানাৰ অন্তৰ্গত জনতা বাজাৰ এলেকাত নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। স্বামীয়ে হত্যা কৰি পুঁতি থ'লে পত্নীৰ মৃতদেহ । ১৩ দিনৰ অন্তত বৃহস্পতিবাৰে পোহৰলৈ আহে এই লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা।

Advertisment

হত্যাকাৰী স্বামীৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে মাটি খান্দি উলিয়াই আনিলে পত্নীৰ অৰ্ধগলিত মৃতদেহ । মৃত মহিলা গৰাকী আমগুৰী থানাৰ অন্তৰ্গত জনতা বাজাৰ-সোণাপুৰ গাঁৱৰ বাসিন্দা গাউৰাউ নাৰ্জাৰীৰ দ্বিতীয় পত্নী হাইতী নাৰ্জাৰী (৪৫) বুলি চিনাক্ত কৰা হৈছে ।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী স্বামী ৬০ বছৰীয়া গাউৰাউ নাৰ্জাৰীক । আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া মতে আমগুৰী থানাৰ অন্তৰ্গত জনতা বাজাৰ-সোণাপুৰ গাঁৱৰ বাসিন্দা গাউৰাউ নাৰ্জাৰীয়ে ২৩ মে'ত নিশা মদ্যপান কৰি ঘৰুৱা কাজিয়াত লিপ্ত হৈছিল।

এটা সময়ত কাজিয়া চৰম পৰ্যায়ত গৈ পোৱাত হাইতী নাৰ্জাৰীক লাঠিৰে মুৰত আঘাত কৰে গাউৰাউ নাৰ্জাৰীয়ে। ফলত মৃত্যু হয় ৩ কন্যা আৰু এটা পুত্ৰ সন্তানৰ মাতৃ হাইতী নাৰ্জাৰীৰ। হত্যাকাৰীয়ে ঘটনাৰ গাপ দিবলৈ ঘৰৰ পিছপিনে থকা তামোল বাগানত গাঁত খান্দি পুতি থয় পত্নীৰ মৃতদেহ।

ঘটনাৰ ১৩ দিনৰ মূৰত নিহত মহিলা গৰাকীৰ ককায়েকৰ অভিযোগৰ ভিত্তিত আমগুৰী থানাৰ আৰক্ষীয়ে বৃহস্পতিবাৰে হত্যাকাৰী স্বামী গাউৰাউ নাৰ্জাৰীক গ্ৰেপ্তাৰ কৰে। হত্যাকাৰী স্বামীৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

Also Read: স্বাস্থ্য মন্থন অনুষ্ঠানত কেবাটাও বঁটাৰে উজ্বলিল মৰিগাঁও জিলা

chirang woman dead body chirang police