স্বাস্থ্য মন্থন অনুষ্ঠানত কেবাটাও বঁটাৰে উজ্বলিল মৰিগাঁও জিলা

স্বাস্থ্য মন্থন অনুষ্ঠানত কেবাটাও বঁটাৰে উজ্বলিল মৰিগাঁও জিলা

author-image
Asomiya Pratidin
New Update
স্বাস্থ্য মন্থন অনুষ্ঠানত কেবাটাও বঁটাৰে উজ্বলিল মৰিগাঁও জিলা

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ খানাপাৰত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনতস্বাস্থ্য মন্থন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। বৃহস্পতিবাৰে অনুষ্ঠিত এই স্বাস্থ্য মন্থন কাৰ্যসূচীত মৰিগাঁও জিলালৈ কেইবাটাও বঁটা প্ৰদান কৰা হয়।

পুষ্টিহীনতা দূৰীকৰণ আৰু পৰিপুষ্টি পুণৰ সংস্থাপন, সৰ্পদংশনৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ আৰু চিকিৎসালয়ৰ গুণগত মান শিতানত জিলাখনক শ্ৰেষ্ঠত্বৰ বঁটা প্ৰদান কৰা হয়।

উল্লেখ্য যে, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ প্ৰকল্প সঞ্চালক ডাঃ এম. এছ. লক্ষীপ্ৰিয়াই এই বঁটাসমূহ প্ৰদান কৰে। মৰিগাঁও জিলাৰ হৈ স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডঃ অৰুণ কুমাৰ নাথ, ডি পি এম জুফিন চুলতানাৰ লগতে স্বাস্থ্য বিভাগৰ কেইবাগৰাকী জিলা পৰ্য্যায়ৰ বিষয়াই বঁটা গ্ৰহণ কৰে।

Also Read: দিল্লীত বিজেপিৰ সংসদীয় সমিতিৰ বৈঠক...

Morigaon district Morigaon district award winning