ডিজিটেল সংবাদ,চিলাপথাৰঃ নৱবৰ্ষৰ আৰম্ভণিৰ দিনতে চিচিবৰগাঁৱত সংঘটিত হয় এক জঘন্য ঘটনা ।এগৰাকী বিবাহিতা মহিলাক তিনিজন যুৱকে মিলি যৌন নিৰ্যাতন চলায় মুমুৰ্ষূ অৱস্থাত পেলাই থৈ যায় বেওৰা নদীৰ পাৰত ।
অভিযোগ অনুসৰি চিচিবৰগাঁৱৰ সমীপৰ গেলুৱাচুক গাঁৱৰ এগৰাকী ২৪ বছৰীয়া মহিলাই আবেলি প্ৰায় ৩ মান বজাত গা ধুবলৈ বুলি বেউৰা নদীলৈ গৈছিল । সন্ধিয়ালৈকে ঘূৰি নহাত শাহুৱেকে বিচাৰি গৈ নদীৰ পাৰত মুমুৰ্ষূ অৱস্থাত পৰি থকা দেখি হুলস্থুল লগায় ।
প্ৰাথমিক অৱস্থাত চিচিবৰগাঁৱৰ চিকিৎসালয়লৈ চিকিৎসাৰ বাবে নিয়ে যদিও পৰৱৰ্তী সময়ত মহিলাগৰাকীক ধেমাজিৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । আঘাত গুৰুতৰ হোৱাৰ বাবে আজি উন্নত চিকিৎসাৰ বাবে মহিলাগৰাকীক প্ৰেৰণ কৰা হয় ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ ।
মহিলাগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি তিনিজন যুৱকে লগলাগি মহিলাগৰাকীক উপৰ্যুপৰি যৌন নিৰ্যাতন চলোৱাৰ লগতে মুখত আঘাত কৰাত উপৰি ডিঙি চেপি হত্যা কৰাৰ চেষ্টা কৰে । উক্ত ঘটনা সন্দৰ্ভত আজি পৰিয়ালৰ লোকে চিচিবৰগাঁও আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে । অপৰাধীক শীঘ্ৰে কৰায়ত্ব কৰি ন্যায় প্ৰদানৰ দাবী তুলিছে স্থানীয় ৰাইজে ।
পৰিয়ালৰ অভিযোগৰ ভিত্তিত বৰ্তমানে আৰক্ষীয়ে অব্যাহত ৰাখিছে অনুসন্ধান প্ৰক্ৰিয়া।