/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/7564f274-47f7-4409-8dad-b4603f1f0cf8/9.jpg)
ডিজিটেল সংবাদ,নদুৱাৰঃ নদুৱাৰ সমষ্টিৰ অন্তৰ্গত ঢাৰিকাটি পালেঙ গাঁৱত তাণ্ডৱ চলাই বন্যহস্তীয়ে। পুৱতি নিশা গাঁওখনত প্ৰৱেশ কৰি বিপুল ঙাটে নামৰ লোকজনৰ ভঁৰাল ঘৰ ভাঙি ধান খাই তহিলং কৰে এটা বনৰীয়া হতীয়ে৷
ৰাইজে অভিযোগ মতে, নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত নিশাৰ ভাগত ওলাই অহা জাক জাক বনৰীয়া হাতীয়ে ঢাৰিকাটি অঞ্চলৰ গাঁও সমূহত প্ৰবেশ কৰি বহুলোকক হত্যা কৰাৰ লগতে খেতি পথাৰ নষ্ট কৰি আহিছে ৷ কিন্তু এই পৰ্যন্ত বনৰীয়া হাতী প্ৰতিৰোধৰ কোনো ব্যৱস্থা কৰা নাই বন বিভাগে ৷
সম্প্ৰতি ৰাইজে বন বিভাগক শীঘ্ৰে বনৰীয়া হাতী প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ দাবী জনোৱাৰ লগতে স্থানীয় বিধায়ক গৰাকীক প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৷
Also Read: বঢ়মপুৰত অচিনাক্ত মৃতদেহ উদ্ধাৰ...