/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/79219ef7-c972-4362-813e-e3a1430130c6/8.jpg)
ডিজিটেল সংবাদ,বঢ়মপুৰ: নগাঁও জিলাৰ ইটাচালি টাউন আৰক্ষী চকীৰ অন্তৰ্গত বঢ়মপুৰত বিয়লি এজন অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। বঢ়মপুৰ বেটেলিয়ান প্ৰাথমিক বিদ্যালয়ৰ পাছফালে থকা এটা দ' পুখুৰীত মৃতদেহটো উদ্ধাৰ হয়।
মৃতদেহটো কেইবাদিনো ধৰি পানীত ওপঙি আছিল বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।উল্লেখ্য যে, বাতৰি লিখা সময়লৈকে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত নোহোৱা ফলত কি পৰিস্থিতিত কেনেকৈ লোকজনৰ পানীত পৰি মৃত্যু হ'ল সেয়া জানিব পৰা হোৱা নাই।
Also Read: নিৰ্বাচনী দায়িত্ব পালন কৰিবলৈ গৈ ৩মাহে দৰমহাৰ পৰা বঞ্চিত নগাঁৱৰ শিক্ষক