মাৰ্ঘেৰিটাত উৰুকাৰ নিশা বন্য হস্তীৰ ৰহস্যজনক মৃত্যু...

মাৰ্ঘেৰিটাত উৰুকাৰ নিশা বন্য হস্তীৰ ৰহস্যজনক মৃত্যু...
মাৰ্ঘেৰিটাত উৰুকাৰ নিশা বন্য হস্তীৰ ৰহস্যজনক মৃত্যু...

ডিজিটেল সংবাদ মাৰ্ঘেৰিটাঃ ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত। বনৰীয়া জীৱ-জন্তুৰ প্ৰতি জীৱ শ্ৰেষ্ঠ মানুহৰ অত্যাচাৰ দিনক দিনে বৃদ্ধি পাই আহিছে। নিতৌ জীৱ শ্ৰেষ্ঠ মানুহৰ হাতত প্ৰাণ গৈছে নিবোধ জীৱ-জন্তুৰ।

উৰুকাৰ নিশাও মাৰ্ঘেৰিটা মাকুমকিল্লা টেঙাপথাৰত এজনী বনৰীয়া হাতী অস্বাভাৱিক মৃত্যু খবৰে সচেতন মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বনাঞ্চলৰ পৰিসৰ হ্ৰাস পাই অহাৰ ফলত বন্যপ্ৰাণীসমূহে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিবলৈ বাধ্য হৈ পৰিছে।

বিশেষকৈ বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বনৰীয়া হাতীৰ অস্বাভাৱিক মৃত্যুৱে প্ৰায়ে সংবাদ শিৰোনামা দখল কৰে। ইয়াৰ পিছতো কিন্তু ৰাজ্যৰ বনবিভাগ কুম্ভকৰ্ণ নিদ্ৰাত। বন্যপ্ৰাণীক সুৰক্ষা দিয়াত সম্পূৰ্ণ ৰূপে বিফল বনবিভাগ।

বনবিভাগে মৃত বন্যপ্ৰাণীসমূহৰ মৰোণোত্তৰ পৰীক্ষা কৰিয়েই দায়িত্ব সামৰে। পৰৱৰ্তী সময়ত কি প্ৰতিবেদন আহিল একো জানিব পৰা নাযায়। অপ্ৰিয় হলেও সত্য, বন্য জীৱসমূহৰ মৃত্যুৰ কাৰণ কিন্তু একাংশ অসাধু মানুহেই।

সচেতন মহলৰ সন্দেহ বনবিভাগৰ বিষয়া কৰ্মচাৰীৰ সহযোগত মৃত জীৱ জন্তুৰ মৃত্যুৰ প্ৰকৃত ঘটনাক গাপ দিয়া হয়। উৰুকা নিশা মাৰ্ঘেৰিটা টেঙাপথাৰত আনন্দৰ উল্লাসৰ মাজতে নিশা মৃত্যু মুখত পৰে এজনী বনৰীয়া হাতী।

কেমেৰাৰ সন্মুখত মুখ খুলিবলৈ নিবিচৰা একাংশ লোকৰ মতে হাতীজনীক কোনো দুষ্ট লোকে পৰিকল্পিত ভাৱে হত্যা কৰিছে। কিন্তু বনবিভাগৰ কৰ্তৃপক্ষই মৰোণোত্তৰ প্ৰতিবেদনতহে হাতীজনীৰ মৃত্যু কাৰণ জানিব পৰা যাব বুলি কয়।

বনবিভাগৰ মন্তব্যত কিন্তু সচেতন মহল আস্বস্ত হ'ব পৰা নাই। উল্লেখ্য যে, ইতিপূৰ্বেও উক্ত অঞ্চলত কেইবাটাও বন্যহস্তী মৃত অৱস্থাত উদ্ধাৰৰ ঘটনা সংঘটিত হৈছিল বুলি স্থানীয় একাংশ ৰাইজে সংবাদমাধ্যমক জানিবলৈ দিয়ে। অন্যহাতে মৃত হাতীজনীৰ দুগ্ধ পাণ কৰি থকা এটি পুৱালিও আছে বুলি সূত্ৰত প্ৰকাশ।

দুষ্ট চক্ৰই বিদ্যুতৰ তাঁ‌ৰ সংযোগ কৰি হাতীজনীক হত্যা কৰে। উক্ত অঞ্চলটো দিহিং সংৰক্ষীত বনাঞ্চালৰ কাষৰীয়া বন গাওঁ‌ হোৱাৰ বাবেই স্থানীয় গাওঁ‌বাসীয়ে মৃত হাতীজনীৰ প্ৰকৃত মৃত্যুৰ কাৰণ গাপ দিয়াৰো অভিযোগ উত্থাপন হৈছে।

একাংশ কমিচন ভোগী বনবিভাগৰ চত্ৰছায়াতে উক্ত অঞ্চলত ব্যাপক বন ধ্বংস হোৱাৰ ফলত খাদ্যৰ সন্ধানত এইদৰে বন্যহস্তী জনাঞ্চলত উলাই আহি মৃত্যুমোখত পৰিবলগা হৈছে বুলি চৰ্চা হৈছে। এইক্ষেত্ৰত বনবিভাগে কেনেধৰণৰ ব্যৱস্থ গ্ৰহণ কৰে সেইয়া লক্ষণীয় হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in