নেপাললৈ যাব, বিমানত নুঠিব...

নেপাললৈ যাব, বিমানত নুঠিব...
নেপাললৈ যাব, বিমানত নুঠিব...

তুষাৰ প্ৰতিম

২০২২ ৰ নৱেম্বৰ। খবৰ প্ৰকাশ পাইছিল নেপালে বিক্ৰী কৰিব ৫ খনকৈ বিমান। সঘনে দেখা দিয়া বিজুতি আৰু মেৰামতিৰ ব্যয় বহন কৰিব নোৱাৰাৰ বাবেই বিক্ৰী কৰিবলৈ সিদ্ধান্ত লোৱা হৈছিল এই বিমান কেইখন।

চীনৰ পৰা ক্ৰয় কৰা এই বিমান কেইখনে নেপালক বাৰুকৈয়ে জ্বলা-কলা খোৱাইছিল। পৰিস্থিতি এনে পৰ্যায়ত আছিল যে, কেতিয়া, কোন সময়ত মাজ আকাশত এই বিমান কেইখনৰ ইঞ্জিন বিকল হৈ পৰে অথবা বিজুতি ঘটি দুৰ্ঘটনা সংঘটিত হয় তাৰ কোনো নিশ্চিয়তা নাছিল।

মাজত মাত্ৰ দুমাহ। তাৰ পিছতেই আজি নেপালত সংঘটিত হ'ল সেই ভায়বহ বিমান দুৰ্ঘটনা। পোখৰা বিমানবন্দৰৰ কাষতেই এখন য়েতি এয়াৰ লাইনছৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৬৮ জনকৈ লোকৰ প্ৰাণ কাঢ়িলে। দুৰ্ঘটনাগ্ৰস্ত এই বিমানখন কাঠমাণ্ডুৰ পৰা পোখৰালৈ উৰা মাৰিছিল।

৪ জন ক্ৰু মেম্বাৰ আৰু ৬৮ জন সদস্যলৈ পোখৰালৈ উৰা মৰা এই বিমানখন দুৰ্ঘটনাত পতিত হোৱাৰ পিছতে এই পৰ্যন্ত ৬৮ জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। সম্পূৰ্ণৰূপে ভস্মিভূত হৈ পৰিছে বিমানখন।

ছ'চিয়েল মিডিয়াৰ জৰিয়তে পোহৰলৈ আহিছে এই বিমান দুৰ্ঘটনাৰ ভয়াবহ দৃশ্য সমূহ। সেই দৃশ্য সমূহত দেখা গৈছে দুৰ্ঘটনাৰ পূৰ্বে বিমানখন ঘন বসতিপূৰ্ণ এলেকাত কম উচ্চতাত উৰিছিল আৰু তাৰ পিছত দ্ৰুতগতিত ধৰালৈ নামি আহিছিল।

তথ্য অনুসৰি বিমানখনে কাঠমাণ্ডুৰ পৰা পুৱা ১০.৩২ বজাত উৰা মাৰিছিল। বিমানখনৰ সৈতে অন্তিম সম্পৰ্ক আছিল পুৱা ১০.৫০ বজাত। এই দুৰ্ঘটনাগ্ৰস্ত বিমানখনত ৫ জন ভাৰতীয় যাত্ৰীও আছিল।

নেপালৰ অসামৰিক বিমান পৰিবহন কৰ্তৃপক্ষৰ মুখপাত্ৰ জগন্নাথ নিৰুলাই এই বিষয়ে তথ্য প্ৰকাশ কৰিছে। তেওঁ কৈছে, বিমানখনত থকা ৬৮ জন যাত্ৰীৰ ভিতৰত নেপালৰ যাত্ৰী আছিল ৫৩ জন। ভাৰতৰ যাত্ৰী আছিল পাঁচজন।

আনহাতে বিমানখনত আছিল ৰাছিয়াৰ চাৰিজন, কোৰিয়াৰ দুজন আৰু আয়াৰলেণ্ড, আৰ্জেণ্টিনা, অষ্ট্ৰেলিয়া আৰু ফ্ৰান্সৰ এজনকৈ যাত্ৰী। উল্লেখ্য যে ২০২২ ত নেপালত সংঘটিত হৈছিল আন এক বিমান দুৰ্ঘটনা।

এই দুৰ্ঘটনাত তাৰা এয়াৰ লাইনছৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল। সেইবাৰ মুঠ ২২ জন লোকে প্ৰাণ হেৰুৱাইছিল। কেৱল সেয়াই নহয়, ইয়াৰ পূৰ্বেও নেপালত বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে আন বহু লোকে।

২০১৮ চনৰ মাৰ্চ মাহত কাঠমাণ্ডু বিমানবন্দৰৰ ওচৰত এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল। য'ত ৫১ জন লোকৰ মৃত্যু হৈছিল। ১৯৯২ চনত পাকিস্তান ইণ্টাৰনেচনেল এয়াৰলাইনছৰ এখন বিমান দুৰ্ঘটনাত পতিত হৈছিল।

বিমানখনত থকা ১৬৭ জন লোক কাঠমাণ্ডুলৈ যোৱাৰ পথত নিহত হৈছিল। ইয়াৰ ঠিক দুমাহ আগতে থাই এয়াৰৱেজৰ এখন বিমানো দুৰ্ঘটনাগ্ৰস্ত হৈছিল। যাৰ ফলত ১১৩ জন লোকৰ মৃত্যু হৈছিল।

নেপালৰ বিমান পৰিবাহী সংস্থাসমূহে ব্যৱহাৰ কৰি অহা বিমানসমূহ কিমান সুৰক্ষিত তাকলৈও এতিয়া প্ৰশ্ন উত্থাপন হৈছে। যাত্ৰীৰ সুৰক্ষাৰ দিশটোক লৈ এই বিমান পৰিবাহী সংস্থাসমূহে হেতালি খেলি অহাৰ অভিযোগ উঠিছে।

নেপালৰ এয়াৰলাইন ব্যৱসায় কৰি অহা প্ৰতিষ্ঠানসমূহে সুৰক্ষাৰ দিশটোক অৱহেলা কৰি আহিছে। নেপালৰ আকাশত দুৰ্ঘটনাত পতিত হৈ শ শ লোকে প্ৰাণ আহুতি দিয়াৰ পিছতো সুৰক্ষাৰ ক্ষেত্ৰত কোনো বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰা নাই। নীৰৱ নেপালৰ চৰকাৰো।

আনহাতে বিমান পৰিবাহী সংস্থাসমূহেও কৰ্মচাৰীক পৰ্যাপ্ত প্ৰশিক্ষণ প্ৰদান নকৰাৰ অভিযোগ। যাৰ বাবে ২০১৩ত ইউৰোপীয় ইউনিয়নে নেপালক বিমান সুৰক্ষাত ব্লেক লিষ্টেড কৰিছে।

বহুতেই ক'ব বিচাৰে নেপালে অতি কম খৰচত তুলনামূলক ভাৱে নিম্ন মান সম্পন্ন বিমানেৰে সেৱা আগবঢ়াই আহিছে। যাৰ বাবে এনেদৰে দুৰ্ঘটনাৰ সন্মুখীন হ'বলগীয়া হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in