/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/7109f2b7-7b87-47f7-b702-2f0691680577/bono.jpg)
নামৰূপত বনৰীয়া হাতীৰ উপদ্ৰপ
ডিজিটেল সংবাদ, নামৰূপঃ নামৰূপত বনৰীয়া হাতীৰ উপদ্ৰপ। জয়পুৰ আঞ্চলিক বন কাৰ্যলয়ৰ অধীনৰ নামৰূপস্থিত দিল্লী খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত এলেকা সমূহত ক্ৰমাৎ বৃদ্ধি পাইছে বনৰীয়া হাতীৰ উপদ্ৰপ।
দিহিং পাটকাই বনাঞ্চলৰ পৰা ওলাই অহা দুটা বনৰীয়া হাতীয়ে বুধবাৰে নিশাও লেবাংকুলা , কাকজান হাবি, কমাৰ গাঁৱত মুঠ চাৰিটা আবাস ভাঙি লণ্ড ভণ্ড কৰে। সন্ধ্যা প্ৰায় ৬ বজাত লেবাংকুলা গাঁৱত বনৰীয়া হাতীৰ জাকটো প্ৰৱেশ কৰি গৰীব কুৰ্মীৰ ঘৰ ভাঙে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/09eb7fd6-94b3-4d43-94f1-0dd19afc531d/c9f2ee2b_da48_46b6_a369_797342baa05a.jpg)
গাঁওবাসীয়ে হাতীৰ জাকটো খেদি পঠোৱাত নিশা প্ৰায় ৯-১০ বজাত কাকজান হাবি গাঁৱত প্ৰৱেশ কৰি পাহাৰ সিঙৰ ঘৰ ভাঙি মুধচ পৰ্যন্ত খহাই পেলাই। ৰাইজে যেনে তেনে হাতী জাকটো গাঁৱৰ পৰা খেদি পঠিয়াই যদিও জাকটো নিশা কমাৰ গাঁৱত প্ৰৱেশ কৰি অজয় মানকী আৰু মন্দ্বীপ বৰুৱাৰ ঘৰটো আক্ৰমণ কৰি সম্পূৰ্ণ ৰূপে ভাঙি ঘৰৰ ভিতৰতৰ পৰা চাউল আলু খাদ্য সামগ্ৰী আদি খায় লণ্ড-ভণ্ড কৰে।
সেই সময়ত গৃহস্থ শুই আছিল যদিও হাতীৰ অতৰ্কিত আক্ৰমণৰ পৰা পলাই যেনে তেনে প্ৰাণ বচাবলৈ সক্ষম হয় গৃহস্থ সকল। উল্লেখ্য যে, চলিত বছৰটোৰ মাজভাগৰ পৰা বনৰীয়া হাতীয়ে নামৰূপৰ আশে পাশে গাঁৱসমূহত অত্যাধিক ক্ষতি কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/e66a68c3-7fb8-47e1-81a0-609c7e9bd331/670dc839_e230_445c_ae6f_45b6ed6bc5e7.jpg)
প্ৰায় ছেপ্টেম্বৰ মাহৰ পৰাএই চাৰি মাহত হাতীয়ে ১৬ টা ঘৰ ভঙাৰ উপৰি কমাৰ গাঁৱত ৫৯ বছৰীয়া এজনৰ হাতীৰ আক্ৰমণত গুৰুত্বৰভাৱে আহত হৈছিল। ১২ নৱেম্বৰত নামৰূপৰ অভয়পুৰ গাঁৱৰ দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা নন্দেশ্বৰ গগৈ (৫০) নামৰ এজন ব্যক্তিক বনৰীয়া হাতীয়ে গছকি ফেনেকি হত্যা কৰে।
ইয়াৰ উপৰিও ৬ ডিচেম্বৰত কমাৰ কমাৰগাওঁতে বনৰীয়া হাতীয়ে খোদ নামৰূপৰ দিল্লী খণ্ড বন বিষয়া গৰাকীকে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে। বনৰীয়া হাতীৰ উপদ্ৰপৰ বাবেই কমাৰ গাঁও, অভয়পুৰ, আদি গাঁৱত শ শ বিঘা কৃষি ভূমি চন পৰি ৰৈছে । এই ক্ষেত্ৰত চৰকাৰ অথবা বন বিভাগে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে হাতীৰ আক্ৰমণত অধিক ব্যক্তিৰ প্ৰাণ যোৱাটো আশংকা প্ৰকট হৈছে ।
আৰু পঢ়কঃ ৫ বছৰীয়া কন্যাক হত্যা আৰু ধৰ্ষণ কৰিবলৈ ছুপাৰী কিলাৰৰ হাতত তুলি দিলে পিতৃয়ে...