/asomiyapratidin/media/media_files/2025/05/12/PwG9Q7lXdnHeWzPWcMtD.jpg)
ডিজিটেল ডেস্কঃ ভাৰত-পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ লগে লগে আতংকিত হৈ পৰিছিল পাকিস্তান। পাকিস্তানৰ আটাইতকৈ ডাঙৰ চিন্তা আছিল দেশখনৰ পাৰমাণৱিক কামাণ্ড কৰ্তৃপক্ষৰ ওপৰত ভাৰতৰ সম্ভাৱ্য আক্ৰমণ।
পাকিস্তানে এই আক্ৰমণক ভাৰতৰ সতৰ্কবাণী হিচাপে লৈছিল। কাৰণ পাকিস্তানৰ পৰমাণু বোমা মজুত ৰখা ঘাটিৰ নিচেই সমীপতে ভাৰতে বিধ্বংসী আক্ৰমণ চলাইছিল। ৰাৱালপিণ্ডিৰ পৰমাণু বোমা মজুত ৰখা স্থানৰ সমীপতে ড্ৰ'নেৰে আক্ৰমণ চলাইছিল ভাৰতে।
উল্লেখ্য যে, ভাৰতীয় বায়ুসেনাই পাকিস্তানৰ ৰাৱালপিণ্ডিত থকা পৰমাণু বোমাৰ ঘাটি সন্দৰ্ভত অৱগত আছিল। সেয়ে অবাঞ্ছিত বিপদৰ পৰা ৰক্ষা পাবলৈ আমেৰিকাই মধ্যস্থতাকাৰীৰ ভূমিকা গ্ৰহণ কৰা বুলি বিশেষজ্ঞ সকলে প্ৰকাশ কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us