কোন হ'ব বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় সভাপতি ?

কোন হ'ব বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় সভাপতি ?

author-image
Asomiya Pratidin
New Update
এইবাৰ তিতাবৰ বিজেপিৰ পৌৰপতি ৰূপা দত্ত শইকীয়াৰ পদত্যাগ

bjp

ডিজিটেল ডেস্কঃ বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় সভাপতিৰ আসন কোনে অলংকিত কৰিব তাকে লৈ চলিছে ব্যাপক চৰ্চা। দেওবাৰে মোডীৰ তৃতীয় কাৰ্যকালৰ বাবে মন্ত্ৰিত্বৰ শপত গ্ৰহণ কৰে বিজেপিৰ পূৰ্বৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নড্ডাই।

Advertisment

উল্লেখ কৰা প্ৰয়োজন যে, এক পদ নীতিৰ অধীনত এজন নেতা এটা পদতে অধিষ্ঠিত থাকিব লাগে যদিও তাৰ বাবে সংবিধানে ৩ ৰ পৰা ৬মাহৰ সময়সীমা বান্ধি দিছে। অৰ্থাৎ এই নীতি অনুসৰি এজন নেতা নতুন পদ গ্ৰহণ কৰা ৩ ৰ পৰা ৬ মাহৰ ভিতৰত পুৰণি পদটি এৰিব লাগিব। এতিয়া এই সময়সীমাৰ ভিতৰত বিজেপিৰ সভাপতি হিচাপে কাক দায়িত্ব অৰ্পণ কৰিব সেই সন্দৰ্ভত ইতিমধ্যে ৰাজনৈতিক মহলত কেইবাটাও নামক লৈ চিন্তা-চৰ্চা চলিছে।

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে চৰ্চালৈ আহিছে দলৰ জ্যেষ্ঠ নেতা তথা ৰাজ্য সভাৰ সাংসদ অৰুণ সিঙৰ নাম। ২০১৫ চনৰ ১৭ জুনৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক আৰু মুখ্য কাৰ্যালয় প্ৰভাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে সিঙে।

সমান্তৰালকৈ ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা ৰবি শংকৰ প্ৰসাদৰ নাম দলৰ ৰাষ্ট্ৰীয় সভাপতিৰ বাবে বহুল ভাবে চৰ্চিত হৈছে।

উল্লেখ্য যে, জে পি নাড্ডাৰ ৩ বছৰীয়া কাৰ্যকাল ২০২৩ চনৰ জানুৱাৰীত সমাপ্ত হ’ব লাগিছিল যদিও একাধিক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়েই দলীয় কৰ্ণধাৰ সমিতিয়ে নাড্ডাৰ কাৰ্যকাল বৃদ্ধিত সন্মতি জনাইছিল। 

Also Read: অসমৰ এখন গাঁৱৰে দুজন সাংসদঃ এজন মন্ত্ৰী, আনজন বিৰোধী...

BJP national president bjp 2024