অসমৰ এখন গাঁৱৰে দুজন সাংসদঃ এজন মন্ত্ৰী, আনজন বিৰোধী...

অসমৰ এখন গাঁৱৰে দুজন সাংসদঃ এজন মন্ত্ৰী, আনজন বিৰোধী...

মোডীৰ কেবিনেটত অসমৰ দুজন সাংসদে স্থান পালে। সৰ্বানন্দ সোণোৱালে মোডীৰ নতুন কেবিনেটত স্থান লাভ কৰিব বুলি সকলোৱে অনুমান কৰিব পাৰিছিল। কিন্তু পবিত্ৰ মাৰ্ঘেৰিটাই মোডী কেবিনেটত যে স্থান লাভ কৰিব সেই ধাৰণা ৰাজ্যৰ বিজেপি বহু নেতাই কৰা নাছিল।

অসমৰ পৰা কেন্দ্ৰীয় মন্ত্ৰীসভাত ৰাজ্যিক কেন্দ্ৰীয় মন্ত্ৰী হিচাপে পবিত্ৰ মাৰ্ঘেৰিটাই ইতিমধ্যে শপত গ্ৰহণ কৰাটো ৰাজ্যৰ ৰাজনীতিৰ বাবে গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। সাংস্কৃতিক কৰ্মী হিচাপে বিশেষভাৱে পৰিচিত পবিত্ৰ মাৰ্ঘেৰিটাই ২০১৪চনত সক্ৰিয় ৰাজনীতিত ভৰি থৈছিল।

বিজেপিৰ প্ৰাথমিক সদস্যপদ গ্ৰহণ কৰাৰ পাছত মাৰ্ঘেৰিটাই নিজৰ বাকপটুতাৰ বাবে ৰাজ্যৰ ৰাজনীতিত নিজৰ স্থিতি বৰ্তাই ৰাখিবলৈ সক্ষম হৈছিল। প্ৰথমবাৰ বিধানসভাৰ নিৰ্বাচনত দলীয় টিকট লাভ নকৰিলেও তেওঁৰ নাম মাৰ্ঘেৰিটা সমষ্টিৰ বিজেপিৰ সম্ভাৱ্য প্ৰাৰ্থীৰূপে চৰ্চালৈ আহিছিল।

মাৰ্ঘেৰিটা চহৰৰ সমীপৰে এখন বিশেষ গাওঁ। এই গাঁৱৰে দুজন ৰাজনীতিবিদ এতিয়া চৰ্চাত। এজন পবিত্ৰ মাৰ্ঘেৰিটা, আনজন প্ৰদ্যুত বৰদলৈ। পবিত্ৰ মাৰ্ঘেৰিটা ২০২২চনৰ মাৰ্চত তেওঁ ৰাজ্যসভাৰ বিজেপি সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে উচ্চ সদন ৰাজ্যসভাৰ সাংসদ হিচাপে তেওঁ ৪ এপ্ৰিল ২০২২ৰ পৰা অসমক প্ৰতিনিধিত্ব কৰি আছে।

আনহাতে ২০১৯চনৰ পাছত দ্বিতীয় বাৰৰ বাবে নগাওঁ লোকসভা সমষ্টিৰ পৰা লোকসভালৈ ২০২৪ত নিৰ্বাচিত হৈছে প্ৰদ্যুত বৰদলৈ। একেখন গাঁৱৰে দুজন সাংসদ। এজন ৰাজ্যসভাৰ আৰু আনজন লোকসভাৰ। এজন মোডী কেবিনেটৰ ৰাজ্যিক মন্ত্ৰী, আনজন বিৰোধী দলৰ সাংসদ।

ৰাজনীতিত প্ৰৱেশ কৰাৰ পূৰ্বে সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনৰ সৈতে ওতঃপোতভাৱে জড়িত আছিল পবিত্ৰ মাৰ্ঘেৰিটা। বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ, ৰাজ্যিক বিজেপিৰ ছচিয়েল মিডিয়া কোষৰ প্ৰভাৰীৰ দৰে দায়িত্ব পাইছিল পবিত্ৰ মাৰ্ঘেৰিটাই।

১৯৯৮চনৰ পৰা ২০০২চনলৈ জনপ্ৰিয় মাহেকীয়া আলোচনী মায়াৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল পবিত্ৰ মাৰ্ঘেৰিটা। ২০০২চনৰ পৰা তেওঁ ২০০৫চনৰ লৈকে আন সাংস্কৃতিক মাহেকীয়া সাৰেগামা ৰো প্ৰতিষ্ঠাপক সম্পাদকৰূপে দায়িত্ব পালন কৰিছিল।

ৰাজ্যসভাৰ সাংসদ হোৱাৰ উপৰিও পবিত্ৰ মাৰ্ঘেৰিটা মুখ্যমন্ত্ৰী ৰাজনৈতিক উপদেষ্টা হিচাপে কাৰ্যনিবাহ কৰি আছিল। অসমৰ বিজেপিৰ ৰণনীতি প্ৰস্তুত কৰা অন্যতম কৰ্ণধাৰ আছিল পবিত্ৰ মাৰ্ঘেৰিটা। তেওঁৰ নেতৃত্বতে বিজেপিৰ ছচিয়েল মিডিয়া আৰু সংবাদমাধ্যমত দলটোৰ প্ৰচাৰ প্ৰসাৰে বিশেষ গতি লাভ কৰিছিল।

সাংসদ হিচাপেও যথেষ্ট সৰৱ আৰু সক্ৰিয় পবিত্ৰ মাৰ্ঘেৰিটা। অসমীয়া ভাষা বিকাশ আৰু ইউনিকডৰ স্বীকৃতি তথা অন্যান্য গুৰুত্বপূৰ্ণ বিষয়ত পৱিত্ৰ মাৰ্ঘেৰিটাই তথ্য সমৃদ্ধ ভাষণেৰে দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।

সংসদত তেওঁৰ উপস্থিতিৰ হাৰ ১০০শতাংশ। শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা অধিৱেশনৰ লৈকে পবিত্ৰ মাৰ্ঘেৰিটাই এই কম সময়ৰ ভিতৰতে ৪৫টা গুৰুত্বপূৰ্ণ বিৰ্তকত অংশ লৈছে। উক্ত সময়চোৱাত তেওঁ উত্থাপন কৰিছে ৮০টাকৈ প্ৰশ্ন।

নিশ্চিতভাৱে পবিত্ৰ মাৰ্ঘেৰিটা এগৰাকী মোডী মন্ত্ৰীসভাত স্থান লাভ কৰিব লগা উপযুক্ত নেতা তথা সাংসদ। কিন্তু তাৰ বাবেই জানো পবিত্ৰ মাৰ্ঘেৰিটাক মোডী মন্ত্ৰীসভাত স্থান দিয়া হৈছে। শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা লোকসভা নিৰ্বাচনত উজনি অসমত বিজেপিৰ ভেটিঁত খহনীয়াৰ সৃষ্টি হৈছে।

বিশেষকৈ আহোম ভোটাৰৰ আস্থা দলটোৱে উজনি অসমত হেৰুৱাইছে। গৌৰৱ গগৈৰ যোৰহাটত বিজয় আৰু তপন গগৈৰ পৰাজয় ৰাজনৈতিক আৰ্শীবাদ হৈ আহিল আন এক গগৈৰ বাবে। কিয়নো পবিত্ৰ মাৰ্ঘেৰিটাৰ পূৰ্বতে পবিত্ৰ গগৈৰ নামেৰে পৰিচিত আছিল। আচাম টেক্সটাইল প্ৰতিষ্ঠানত অধ্যয়ন কৰা পবিত্ৰ গগৈয়ে তেওঁৰ নাম পবিত্ৰ মাৰ্ঘেৰিটা কৰিছিল। সেই নামেৰে তেওঁ সাংস্কৃতিক জগতত ভৰি দিছিল। 

উজনি অসমত ২০২৪ৰ নিৰ্বাচনৰ ফলাফল বিশ্লেষণ কৰিলে দেখা যায় যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত ১০টা বিধানসভা সমষ্টিৰ ভিতৰত ৯টাতে বিৰোধী কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে লাভ কৰা ভোটৰ সংখ্যা অধিক।

যোৰহাট লোকসভা সমষ্টিৰ ভিতৰত থকা বিধানসভা সমষ্টি মাজুলীতহে কেৱল বিজেপিয়ে অগ্ৰগতি লাভ কৰিছিল। মাজুলী বিধানসভা সমষ্টিত তপন গগৈয়ে ৬৫৮৬টা ভোট গৌৰৱ গগৈতকৈ বেছিকৈ লাভ কৰিছিল। সমষ্টিটোত তপন গগৈয়ে ৫৯২৭৬টা ভোট লাভ কৰাৰ বিপৰীতে গৌৰৱ গগৈয়ে ৫২৬৯০ টা ভোট লাভ কৰে । এই মাজুলীৰ বাদে বাকী ৯টা বিধানসভা সমষ্টিত কংগ্ৰেছতকৈ পিছ পৰি ৰৈছিল বিজেপি।

বিজেপিৰ দখলত থকা যোৰহাট বিধানসভা সমষ্টিত গৌৰৱ গগৈয়ে ৬০,৬৯৭ টা ভোট লাভ কৰাৰ বিপৰীতে তপন গগৈয়ে ৪৮,৫৬৭ টা ভোট লাভ কৰিবলৈ সক্ষম হয়। সমষ্টিটোত ভোটৰ ব্যৱধান ১২হাজাৰ ১৩০টা। টীয়ক বিধানসভা সমষ্টিত গৌৰৱ গগৈয়ে বিজেপিৰ প্ৰাৰ্থী তপন গগৈতকৈ ২৩হাজাৰৰো অধিক ভোট লাভ কৰিলে এইবাৰ লোকসভা নিৰ্বাচনত। সমষ্টিটোত তপন গগৈয়ে ৬৩,৩৩৫টা ভোট আৰু গৌৰৱ গগৈয়ে ৮৬,৭১২ টা ভোট পায়।

তিতাবৰতো ৪০হাজাৰ ৫৫৫টা ভোট বেছিকৈ লাভ কৰিছিল গৌৰৱ গগৈয়ে। তিতাবৰ বিধানসভা সমষ্টিত গৌৰৱ গগৈয়ে ৯৭,৩৯২ টা ভোট আৰু তপন গগৈয়ে লাভ কৰে ৫৬,৮৩৭ টা ভোট।  বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ সমষ্টি কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে ১৬হাজাৰৰো অধিক ভোট লাভ কৰিবলৈ সক্ষম হয়। মৰিয়নীত গৌৰৱ গগৈৰ ভোট সংখ্যা ৭০,৯১৬টা আৰু তপন গগৈৰ ভোটৰ সংখ্যা ৫৪,১৩১টা।

অখিল গগৈৰ সমষ্টি শিৱসাগৰত গৌৰৱ গগৈয়ে ১৮হাজাৰ ৭৪৮টা ভোটত অগ্ৰগতি লাভ কৰিছিল এইবাৰ লোকসভা নিৰ্বাচনত। শিৱসাগৰ বিধানসভা সমষ্টিত গৌৰৱ গগৈয়ে ৯১, ৮৪৩ টা ভোট আৰু তপন গগৈয়ে ৭৩,০৯৩ টা ভোট লাভ কৰিছিল। ডিমৌতো গৌৰৱ গগৈয়ে ৭৭৯৩৪ টা ভোট আৰু তপন গগৈৰ পক্ষত পৰে ৬১৮৭৯ টা ভোট।

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নাজিৰা বিধানসভা সমষ্টিত গৌৰৱ গগৈয়ে ৭০৭২৭টা ভোট লাভ কৰাৰ বিপৰীতে তপন গগৈয়ে ৭০৬০০টা ভোট লাভ কৰে। তপন গগৈৰ গৃহ সমষ্টি সোণাৰিত গৌৰৱ গগৈয়ে ৭১৬০৩ টা ভোট আৰু তপন গগৈয়ে ৬১২৬৯ টা ভোট পায়। দুয়োৰে মাজত ভোটৰ ব্যৱধান ১০,৩৩৪ টা।  মাহমৰা বিধানসভা সমষ্টিতো গৌৰৱ গগৈয়ে ৬২৬৮০ টা ভোট লাভ কৰাৰ বিপৰীতে তপন গগৈয়ে ৫৩০৩০ টা ভোট লাভ কৰে।

আহোম সম্প্ৰদায়ৰ ভোটাৰৰ প্ৰভাৱ থকা এই সমষ্টিকেইটাৰ ফলাফলে বিজেপি নেতৃত্বক চাপত ৰাখিছে। ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত কেইবাটাও সমষ্টিত কাণে কাণ মাৰিহে বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে।

ডিগবৈ বিধানসভা সমষ্টিতেই আপ আৰু অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী দুজনৰ ভোটৰ সংখ্যা যোগ কৰিলে সমষ্টিটোত বিজেপি প্ৰাৰ্থীগৰাকী ৩৪৭টা ভোটত পিছ পৰিহে ৰয়। সমষ্টিটোত আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে ১৫,২১৪টা ভোট আৰু অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে ৩৭, ১৬৭টা ভোট লাভ কৰিছিল। এই দুয়োজন প্ৰাৰ্থীৰ ভোট সৰ্বানন্দ সোণোৱালৰ ভোটতকৈ অধিক।

ডিব্ৰুগড় লোকসভা সমষ্টিৰ মাকুম, খোৱাং, নাহৰকটীয়া, টিংখং আদি বিধানসভা সমষ্টিত বিজেপি প্ৰৱল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। টিংখঙত সৰ্বানন্দ সোণোৱালে মাত্ৰ লুৰীণজ্যোতি গগৈ আৰু মনোজ ধানোৱাৰে ভোটতকৈ ৩৩৫৬টা, নাহৰকটীয়াত ১৪৮টা, খোৱাঙত ১৬০০টা, মাকুমত ৮১৪৩টা অধিক ভোট লাভ কৰিছিল এই লোকসভা নিৰ্বাচনত।

উজনি অসমত গৌৰৱ গগৈৰ উত্থান আৰু বিজেপিৰ পক্ষত পৰা ভোটৰ পৰিসংখ্যাই বিজেপিক ইয়াৰ প্ৰতিৰোধৰ বাবে নতুন সমীকৰণৰ চিন্তাচৰ্চাৰ বাট মুকলি কৰি দিলে। আহোম মুখক প্ৰাধান্য দি বিজেপিয়ে গৌৰৱ গগৈৰ বিপৰীতে পবিত্ৰ মাৰ্ঘেৰিটাক আগবঢ়াই দিয়া বুলিও চৰ্চা হৈছে।

অনাগত সময়চোৱাত বিজেপিৰ এই ৰণকৌশলৰ প্ৰভাৱ কিদৰে উজনি অসমত পৰে সেয়া লক্ষ্যণীয় হব।  গৌৰৱ গগৈৰ বিৰুদ্ধে পবিত্ৰ মাৰ্ঘেৰিটাক মোডী মন্ত্ৰী সভাত স্থান দি বিজেপিয়ে উজনি অসমত আহোম সম্প্ৰদায়ৰ বিশ্বাস আৰু আস্থা জয় কৰিবলৈ সক্ষম হ’ব নে নহয়, সেয়া ২০২৬এ ক’ব...

অসমৰ এখন গাঁৱৰে দুজন সাংসদঃ এজন মন্ত্ৰী, আনজন বিৰোধী...
আইতাৰে সাধু তৰালি ভৰা চোতাল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in