এফালে ৰাজকীয় অভিষেকৰ প্ৰস্তুতি আনফালে নিৰ্বাচনত পৰাস্ত হোৱাৰ বেদনাত দগ্ধ মুখ্যমন্ত্ৰী...

এফালে ৰাজকীয় অভিষেকৰ প্ৰস্তুতি আনফালে নিৰ্বাচনত পৰাস্ত হোৱাৰ বেদনাত দগ্ধ মুখ্যমন্ত্ৰী...
এফালে ৰাজকীয় অভিষেকৰ প্ৰস্তুতি আনফালে নিৰ্বাচনত পৰাস্ত হোৱাৰ বেদনাত দগ্ধ মুখ্যমন্ত্ৰী...

ডিজিটেল ডেস্কঃ এফালে জয়জয়কাৰ আনফালে বিমৰ্ষ মনেৰে সংবাদ মেল সম্বোধন। হয়, আজিৰ দিনটোত দেশৰ দুটা প্ৰান্তৰ দুটা ভিন্ন দৃশ্য। গুজৰাট নিৰ্বাচনত অভূতপূৰ্ব সফলতাৰ পাছত ৰাজ্যখনত পুনৰবাৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিবলৈ প্ৰস্তুতি চলাইছে ভূপেন্দ্ৰ পেটেলে।

আনহাতে হিমাচল প্ৰদেশত কংগ্ৰেছৰ হাতত শাসনাধিস্ত বিজেপি পৰাস্ত হোৱাৰ পিছতে এতিয়া হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে বিমৰ্ষ বদনৰে সংবাদ মেল সম্বোধন কৰি ৰাইজৰ জনাদেশ মানি লোৱাৰ কথা প্ৰকাশ কৰিছে।

হিমাচলৰ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা জয় ৰাম ঠাকুৰে সংবাদমেল সম্বোধন কৰি কয়, "আমি জনসাধাৰণৰ আদেশক সন্মান কৰোঁ। ফলাফলবোৰ আমাৰ পক্ষত অহা নাই। আমি বহু আসনত অতি কম ব্যৱধানত পৰাস্ত হৈছো।

কংগ্ৰেছ আৰু বিজেপিৰ ভোটৰ শতাংশৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়, ভোটৰ শতাংশৰ মাজত মাত্ৰ ১% পাৰ্থক্য আছে। আমি অতি কম ব্যৱধানত ১১ খন আসন হেৰুৱাইছো। যিসকলে নতুন চৰকাৰ গঠন কৰিছে তেওঁলোকলৈ শুভেচ্ছা। আমি ইতিবাচক বিৰোধীৰ ভূমিকা পালন কৰিবলৈ সাজু।

ইয়াৰোপৰিও তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কৃতজ্ঞতা জ্ঞাপন কৰিছে। তেওঁ কৈছে যে মোডীজীয়ে হিমাচলৰ উন্নয়নত যথেষ্ট অৱদান আগবঢ়াইছে। জয় ৰাম ঠাকুৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাকো ধন্যবাদ জনাইছে।

উল্লেখ্য যে, এইবাৰ নিৰ্বাচনত দলটোৱে ৰাজ্যখনত সফলতা লাভ নকৰিলেও মুখ্যমন্ত্ৰী জয় ৰাম ঠাকুৰে অৱশ্যে চিৰাজ আসনৰ পৰা জয় লাভ কৰিছে। এই বিজয়ৰ লগে লগে জয়ৰাম ঠাকুৰে এক অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

জয় ৰাম ঠাকুৰে একেখন আসনৰ পৰা একেৰাহে ছটা নিৰ্বাচনত জয়লাভ কৰিছে। ইয়াৰ পূৰ্বে, হিমাচলৰ কোনো নেতাই একেখন আসনৰ পৰা একেৰাহে নিৰ্বাচনত জয়ী হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in