মুকেশ আম্বানীৰ হ’বলগীয়া বোৱাৰী ৰাধিকাক আপুনি জানেনে ?

মুকেশ আম্বানীৰ হ’বলগীয়া বোৱাৰী ৰাধিকাক আপুনি জানেনে ?

ডি়জিটেল ডেস্ক: ৰাধিকা মাৰ্চেণ্ট, শেহতীয়াকৈ এইগৰাকী সুন্দৰীৰ নাম চৰ্চাৰ একেবাৰে শীৰ্ষত আছে।থকাৰ অৱশ্যে কাৰণো আছে।কিয়নো এইগৰাকী সুন্দৰীৰ প্ৰেমত পৰিছে দেশৰ সবাতোকৈ ধনী ব্যক্তি হিচাপে পৰিচিত মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানী।হয়, বৃহস্পতিবাৰে আম্বানীৰ সৰু পুত্ৰ অনন্ত আম্বানীৰ লগত ৰাধিকাৰ বাগদান হোৱাৰ পৰা এইগৰাকী সুন্দৰী বেছ চৰ্চাত আছে। পিছে আপুনি জানেনে কোন এই ৰাধিকা মাৰ্চেণ্ট ?

এনক'ৰ হেল্থকেয়াৰৰ মুখ্য কাৰ্যবাহী বিষয়া বীৰেন মাৰ্চেণ্ট আৰু শ্যেলা মাৰ্চেণ্টৰ কন্যা ৰাধিকা। ৰাধিকা মাৰ্চেণ্ট মূলতে গুজৰাটৰ যদিও তেওঁ মুম্বাইতে ডাঙৰ-দীঘল হৈছে। মুম্বাইত স্কুলীয়া শিক্ষা গ্ৰহণ কৰি তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছে। ৰাধিকা মাৰ্চেণ্ট বৰ্তমান এনক'ৰ হেল্থকেয়াৰত পৰিচালক হিচাপে কাম কৰি আছে। ৰাধিকাই ইয়াৰ পূৰ্বে বিশ্ব বহু আগশাৰীৰ কোম্পানীত চাকৰি কৰিছে।

মুকেশ আম্বানীৰ হ’বলগীয়া বোৱাৰী ৰাধিকাক আপুনি জানেনে ?
এপ’ল, ছেমছাংকে ধৰি ৪৯ টা ফোনত নচলিব হোৱাটছএপ

কিছু বছৰ পূৰ্বে চিনাকি হোৱা অনন্ত আৰু ৰাধিকা প্ৰথমে বন্ধুত্বৰ এনাজৰীৰে বান্ধ খাইছিল যদিও পাছত এই সম্পৰ্কই প্ৰেমৰ ৰূপ লয়। মুকেশ আম্বানী আৰু তেওঁৰ পত্নী নীতা আম্বানীয়ে এই বছৰৰ জুন মাহত মুম্বাইৰ জিঅ' ৱৰ্ল্ড চেণ্টাৰত ৰাধিকাৰ বাবে এক বিশাল  অনুষ্ঠানৰ আয়োজন কৰিছিল। ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ প্ৰশিক্ষিত শিল্পী ৰাধিকাই এই অনুষ্ঠানত পোন প্ৰথমবাৰৰ বাবে মঞ্চত নৃত্য প্ৰদৰ্শন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল।

উদয়পুৰৰ পৰা ৪৮ কিলোমিটাৰ দূৰত ৰাজস্থানৰ নাথৱাড়াত অৱস্থিত শ্ৰীনাথ মন্দিৰত অনন্ত আৰু ৰাধিকাৰ বাগদান অনুষ্ঠান অনুষ্ঠিত হয়। দুয়োটা পৰিয়ালৰ ঘনিষ্ঠ লোকসকল আৰু মন্দিৰৰ পুৰোহিতসকলে এই অনুষ্ঠানটোত অংশ লয়।উল্লেখ্য, ৰাধিকা মাৰ্চেণ্টক ঈশা আম্বানী আৰু আকাশ আম্বানীৰ বিয়াতো পৰিয়ালৰ সৈতে দেখা গৈছিল।আগন্তুক বৰ্ষৰ মাজভাগত আনুষ্ঠানিকভাৱে আম্বানী পৰিয়ালৰ বোৱাৰী হ’ব ৰাধিকা মাৰ্চেণ্ট।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in