চুপাৰি চিণ্ডিকেটৰ নায়ক শিৱচান্দ হাতীবৰুৱাক কোনে দিছে ৰক্ষণাবেক্ষণ...

চুপাৰি চিণ্ডিকেটৰ নায়ক শিৱচান্দ হাতীবৰুৱাক কোনে দিছে ৰক্ষণাবেক্ষণ...
Published on
Updated on

ডিজিটেল  সংবাদ, শিৱসাগৰঃ শিৱসাগৰ জিলাৰ আমগুৰি থানাৰ আৰক্ষীয়ে চুপাৰি চিণ্ডিকেটৰ নায়ক শিৱচান্দ হাতীবৰুৱা আৰু জিকু দাসক ৰক্ষণাবেক্ষণ দিয়াক লৈ জনসাধাৰণৰ মাজত বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷ উল্লেখ্য যে যোৱা ২৭ ছেপ্টেম্বৰৰ নিচেই পুৱাতে জব্দ কৰা প্ৰায় ২ কোটি মূল্যৰ ম্যানমাৰৰ চুপাৰি ভৰ্তি  ১৬ চকীয়া ট্ৰাক দুখনৰ নেপথ্যত থকা খলনায়কক এই পৰ্যন্ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই ৷

আৰক্ষীয়ে ট্ৰাক দুখনৰ চালক আৰু সহচালক ক্ৰমে গুৰপ্ৰিত সিং, নিশান সিং, হৰিপল সিং আৰু ৰাজবেন্দ্ৰ সিঙক আমগুৰি থানাত পঞ্জীয়ন হোৱা ১৭/২০২৪ নং গোচৰত গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰে ৷ আদালতে কেউগৰাকী চালক সহচালকক ন্যায়িক জিম্মাত লৈ কাৰাগাৰলৈ নিক্ষেপ কৰে ৷ ইয়াতেই যেন আৰক্ষীৰ তদন্তৰ যৱনিকা পৰিল ৷

ম্যানমাৰৰ চোৰাং চুপাৰি নগালেণ্ডৰ পৰা বিভিন্ন পক্ষক মেনেইজ কৰি অসমত বিক্ৰী কৰি ৰাজ্য চৰকাৰক প্ৰতিমাহতেই কোটি কোটি টকাৰ কৰ ফাকি দিয়া শিৱচান্দ হাতীবৰুৱা, জিকু দাস সহিতে কুখ্যাত চক্ৰটোৰ এটাকো এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰা নাই ৷ সাধাৰণতে ৰাজ্য চৰকাৰক কৰ ফাকি দি ম্যানমাৰৰ চুপাৰি অসমলৈ অনা ট্ৰাকৰ চালক সহচালকহে গ্ৰেপ্তাৰ হয় ৷ এইবাৰো চুপাৰি চিণ্ডিকেটৰ নায়ক বাচি যাব নেকি তাকলৈ জনসাধাৰণৰ মাজত সৰৱ আলোচনা চলিছে ৷ 

শিৱসাগৰ জিলাৰ অসম নগালেণ্ড সীমান্তত থকা হালুৱাটিঙ থানাৰ আৰক্ষীৰ লগতে তাত থকা চেক গেটৰ আৰক্ষীক বৃহৎ অংকৰ ধন দি কেইবাটাও চক্ৰই সুদীৰ্ঘ দিনধৰি নিয়মীয়াকৈ ম্যানমাৰৰ কোটি কোটি টকাৰ চুপাৰি আৰু মাৰাত্মক ড্ৰাগছ ৬১ নং ৰাষ্ট্ৰীয় পথেৰে অসমলৈ আনি ৰমৰমীয়া ব্যৱসায় অব্যাহত ৰাখিছে ৷

হালোৱাটিং থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰামজী দলেৰ লগতে চেকগেটৰ পহৰাদাৰৰ লগত গোপন বুজাবুজি কৰি যোৱা ২৭ ছেপ্টেম্বৰৰ পুৱা ৪'৩৯ বজাত হালোৱাটিং থানা আৰু চেকগেটৰ সন্মুখেদি দুখন ট্ৰাকে প্ৰায় ২ কোটি টকা মূল্যৰ ম্যানমাৰৰ চোৰাং চুপাৰিলৈ অসমত প্ৰবেশ কৰে ৷  শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাই গোপন সূত্ৰৰ পৰা ম্যানমাৰৰ চোৰাং চুপাৰি সৰবৰাহৰ তথ্য লাভ কৰি আমগুৰি আৰক্ষীক খবৰ দিয়ে ৷

আমগুৰি আৰক্ষীয়ে থানাৰ সন্মুখতে দুখনকৈ চুপাৰি ভৰ্ত্তি  ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ৷ হালোৱাটিং থানা আৰু চেকগেটত দায়িত্বশীল আৰক্ষী বিষয়া থকাৰ পিছতো যদি ম্যানমাৰৰ চোৰাং চুপাৰি সৰবৰাহৰ খৱৰ জিলা আৰক্ষী অধীক্ষকে আমগুৰি থানাৰ আৰক্ষীক দিবলগীয়া হয় তেনে উক্ত আৰক্ষী বিষয়া সকলক সংশ্লিষ্ট থানাত বহুৱাই ৰখাৰ যুক্তি কত বুলি ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে ৷  ২ কোটিৰো অধিক  টকা মূল্যৰ ম্যানমাৰৰ চোৰাং চুপাৰি কঢ়িয়াই অনা  ট্ৰাক দুখনৰ নাম্বাৰ ক্ৰমে পি বি ০৫ —এআৰ ৪৯৩০ আৰু পি বি ০২ ই কিউ ৮০০৩ ৷

উক্ত ট্ৰাক দুখনে নগালেণ্ডৰ তুলিত এজন ব্যক্তিয়ে মজুত কৰা ম্যানমাৰৰ চুপাৰি উত্তোলন কৰিছিল ৷ আমগুৰি আৰক্ষীয়ে উক্ত দিনা পুৱা ৪'৩০ বজাত ম্যানমাৰৰ চুপাৰি ভৰ্তি দুখনকৈ ট্ৰাক জব্দ কৰি ২৯ ছেপ্টেম্বৰৰ দুপৰীয়া দুয়োখন ট্ৰাকৰ পৰা চুপাৰি সমূহ নমাই ওজন কৰে ৷

১৬ চকাৰ ট্ৰাক দুখনত ৬৮ টনৰো অধিক চুপাৰি থকাৰ তথ্য পোহৰলৈ আহিছে ৷ ট্ৰাক দুখনত ১০০ কিলোগ্ৰাম ওজনৰ ৬৮০ বস্তা চুপাৰি থকাৰ কথা স্পষ্ট হৈছে ৷ কাছাৰৰ সোণাইৰ উত্তৰ মহানপুৰ নেশ্যনেল এন্টাৰপ্ৰাইজৰ জি এচ টি চালান যোগে পশ্চিম বংগৰ ১২২/ এ চিত্ৰৰঞ্জন এভিনিউস্থিত  সুৰজিত এন্টাৰপ্ৰাইজলৈ এই ৬৮ টন চুপাৰি উত্তোলন কৰা দেখুৱা হৈছে ৷ 

এক শক্তিশালী চক্ৰই বৈধ নথিপত্ৰ থকাৰ কথাকৈ চুপাৰি সহিতে দুয়োখন ট্ৰাক মুকলি কৰি নিয়াৰ বাবে উঠিপৰি লাগিছে যদিও জনসাধাৰণে সকলো নথিপত্ৰ ভুৱা বুলি দাবী কৰিছে ৷  ট্ৰাক চালক দুগৰাকীৰ হাতত মজুত থকা তথ্য মতে আমগুৰি থানাৰ পৰা তিনি কিলোমিটাৰ দুৰত্বৰ শিৱসাগৰৰ এক স্থানৰ পৰা চুপাৰি সমূহ গাড়ীত উত্তোলন কৰা হৈছিল ৷ কিন্তু হালোৱাটিং আৰু আমগুৰিত কোনো লোকে চুপাৰি উৎপাদন বা মজুতকৰণ নকৰে ৷

ইমান বৃহৎ পৰিমাণৰ চুপাৰি মজুত ৰখা স্থানীয় ব্যক্তি বা প্ৰতিষ্ঠানৰ চৰকাৰী অনুমতি থকাটো অতীব প্ৰয়োজন ৷ এনে নথিপত্ৰ মজুত থকা ব্যক্তি এই পৰ্যন্ত ওলোৱা নাই ৷ ইফালেৱ এই চুপাৰি নগালেণ্ডৰ তুলিৰ পৰা অনাৰ তথ্য স্পষ্ট হৈ পৰিছে ৷ উত্থাপিত অভিযোগ অনুসৰি আৰক্ষীক বৃহৎ অংকৰ ধনৰ বিনিময়ত মেনেইজ কৰি এক চক্ৰই ৬১ নং ৰাষ্ট্ৰীয় ঘাই পথেৰে ম্যানমাৰৰ চুপাৰি ভৰ্তি ট্ৰাক দুখন জাঁজীৰ ৩৭  নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষলৈ আনি শিৱচান্দ হাতীবৰুৱাক গতাই দিয়াৰ কথা আছিল ৷

এই চক্ৰটোৱে শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকক সম্পূৰ্ণৰূপে এন্ধাৰৰ ৰাখি প্ৰতিটো মাহতে অতি কমেও ৩০/৪০ খন চুপাৰি ভৰ্তি ট্ৰাক নগালেণ্ডৰ পৰা হালোৱাটিং চেকগেট, হালোৱাটিং থানা আৰু আমগুৰি থানাৰ সন্মুখেদি ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে জাঁজীলৈ আনি বিভিন্ন ব্যৱসায়ীক গতাই দিয়ে ৷  তাৰ পিছতেই ম্যানমাৰৰ চুপাৰি হৈ পৰে স্থানীয় চুপাৰি ।

শেহতীয়া ভাৱে এই চুপাৰি ম্যানমাৰৰ নহয় আৰু চৰকাৰক কৰ দিয়া চুপাৰি বুলি ভুৱা নথিপত্ৰৰ আধাৰত গাড়ী এৰি দিয়াৰ বাবে এক পক্ষই হেঁচা দিছে যদিও এই চুপাৰি ম্যানমাৰৰ পৰা অনা বুলি ৰাইজে দাবী উত্থাপন কৰিছে ৷ আৰক্ষীয়ে ম্যানমাৰৰ চুপাৰি কঢ়িয়াই অনা ট্ৰাকৰ চালক আৰু সহচালকক যি অপৰাধৰ বাবে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে সেই একে অপৰাধত শিৱচান্দ হাতীবৰুৱা আৰু জিকু দাসক কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই তাকলৈ প্ৰশ্ন উঠিছে ৷

চুপাৰি চিণ্ডিকেটৰ নায়ক শিৱচান্দ হাতীবৰুৱাক কোনে দিছে ৰক্ষণাবেক্ষণ...
ইটানগৰত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ....

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in