ডিজিটেল সংবাদ, ইটানগৰঃ কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ তিনিদিনীয়া অৰুণাচল প্ৰদেশ ভ্ৰমণ কাৰ্যসূচী লৈ কালি বিয়লি ইটানগৰত উপস্থিত হয়হি। অৰুণাচল সচিবালয়ত কালি কেইবাখনো গুৰুত্বপূৰ্ণ সভাত অংশগ্ৰহন কৰা কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত গ্ৰামীণ বেংকৰ প্ৰসাৰ আৰু সুবিধা প্ৰদানৰ বিষয়ে বেংক প্ৰতিষ্ঠানৰ বিষয়ববীয়া আৰু বিত্ত মন্ত্ৰালয়ৰ বিষয়ববীয়াৰ লগত আলোচনাত মিলিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-01/zifqoer1/cc7bf731-5f1d-450b-a8eb-79a5d8ad4906.jpg)
আজি পুৱাই কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ইটানগৰত এখন ৰাজহুৱা সভাত অংশগ্ৰহন কৰে। মন্ত্ৰী গৰাকীয়ে ভাৰতীয় ষ্টেট বেংকৰ চি এছ আৰ আঁচনীৰ অধীনত বেংকটোৱে অৰুণাচল প্ৰদেশৰ ৫০ গৰাকী চৰকাৰী বিদ্যালয়ৰ ছাত্ৰীক ৫০খন চাইকেল প্ৰদান কৰে। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে এছ বি আই আৰু পাঞ্জাব নেছনেল বেংকে প্ৰদান কৰা কেইবাখনো এম্বুলেন্স প্ৰদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-01/iq53vv0x/35550603-65c4-4823-816f-57884f56577f.jpg)
বিত্ত মন্ত্ৰী গৰাকীয়ে সৌৰশক্তিৰে চালিত দুখন ভ্ৰাম্যমাণ এটি এম বাহনৰো শুভাৰম্ভ কৰে। পাচত মন্ত্ৰী গৰাকীয়ে অসম আৰু অৰুণাচল প্ৰদেশৰ ভালে কেইজন উদ্যোগীক ষ্টাৰ্ট আপ ব্যৱসায়ৰ বাবে ঋণ প্ৰদান পত্ৰ প্ৰদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-01/jwj5a4r8/e3fb12d2-1b2b-4747-9409-e1f47823dd12.jpg)
আজিৰ অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খান্দু, উপ-মুখ্যমন্ত্ৰী চাওনা মেইন, কেইবাটাও বেংকৰ বিষয়া আৰু বিত্ত মন্ত্ৰালয়ৰ বিষয়াও উপস্থিত থাকে। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ ইটানগৰৰ পৰা হেলিকপ্টাৰ যোগে নামচাইলৈ ৰাওনা হৈছে। নামচাইত বিত্ত মন্ত্ৰী গৰাকীয়ে এছ বি আইৰ এটা মাণ্ডলিক কাৰ্যালয় উদ্বোধন কৰিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-01/gd2wmbhz/d6840592-3c2d-4986-a1c8-9695c7c9da99.jpg)