মহাকাশতো যুদ্ধ কৰাৰ ক্ষমতা আছে এই দেশসমূহৰঃ তালিকাত ভাৰত অন্তৰ্ভুক্ত নে?

২০১৯ চনৰ মাৰ্চ মাহত ভাৰতে ক্ষেপণাস্ত্ৰৰে নিম্ন কক্ষপথৰ উপগ্ৰহ এটা সফলতাৰে ধ্বংস কৰিছিল। এই ক্ষেত্ৰত ভাৰত কিন্তু বৰ্তমানেও সেই তালিকাত অন্তৰ্ভুক্ত হোৱা নাই।

New Update
1

ডিজিটেল ডেস্কঃ  স্থল, আকাশ আৰু সাগৰৰ বাহিৰেও বিশ্বৰ কিছুমান শক্তিশালী দেশে এতিয়া মহাকাশতো যুদ্ধ কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে। এই দেশসমূহে এনে প্ৰযুক্তিৰে সজ্জিত ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰিছে যিয়ে মহাকাশত থকা শত্ৰু দেশৰ উপগ্ৰহক লক্ষ্য কৰি ল’ব পাৰে।

Advertisment

বর্তমান তিনিখন দেশ আছে, যাৰ যিকোনো সময়তে মহাকাশত শত্রুৰ উপগ্রহ নিক্ষেপ কৰাৰ ক্ষমতা আছে ৷ দেশ কেইখন ক্ৰমে চীন, which-countries-are-capable-of-destroying-satellites-in-space-does-india-have-such-missile-technologyম আৰু ৰাছিয়া। অৱশ্যে ২০১৯ চনৰ মাৰ্চ মাহত ভাৰতে ক্ষেপণাস্ত্ৰৰে নিম্ন কক্ষপথৰ উপগ্ৰহ এটা সফলতাৰে ধ্বংস কৰিছিল। এই ক্ষেত্ৰত ভাৰত কিন্তু বৰ্তমানেও সেই তালিকাত অন্তৰ্ভুক্ত হোৱা নাই।

মহাকাশত পৃথিৱীক প্ৰদক্ষিণ কৰা উপগ্ৰহবোৰেই হৈছে পৃথিৱীৰ তথ্য, যোগাযোগ আৰু বুদ্ধিমত্তাৰ আটাইতকৈ ডাঙৰ উৎস। ভাৰত, আমেৰিকা, চীন, ৰাছিয়া, ব্ৰিটেইন আদি দেশে মহাকাশলৈ চোৰাংচোৱা উপগ্ৰহ প্ৰেৰণ কৰিছে। এই উপগ্ৰহসমূহে কেৱল দেশৰ সীমান্ত নিৰীক্ষণ কৰাই নহয়, শত্ৰুৰ প্ৰতিটো খোজৰ ওপৰতো চকু ৰাখে।

লক্ষ্যণীয় যে আকাশত এই গোপন চকুৱে মাটিত থকা সেনাবাহিনীক বাস্তৱ সময়ৰ তথ্য প্ৰদান কৰে। আধুনিক যুগত যদি কোনো এখন দেশে নিজৰ উপগ্ৰহৰ সৈতে যোগাযোগ হেৰুৱাই পেলায় তেন্তে সেই দেশখন শক্তিহীন হৈ পৰিব। দেশখনৰ সেনাই নিজৰ লক্ষ্যৰ তথ্যও নাপাব, শত্ৰুৰ গতিবিধিৰ বিষয়েও তথ্য নাপাব। আনকি ইয়াৰ ক্ষেপণাস্ত্ৰ, ড্ৰোন আৰু যুদ্ধ বিমানেও সঠিকভাৱে কাম কৰিব নোৱাৰিব।

গতিকে যুদ্ধৰ সময়ত যদি শত্ৰু দেশৰ উপগ্ৰহবোৰ ধ্বংস হয়, তেন্তে যুদ্ধৰ প্ৰয়োজন নাথাকিব। কিন্তু এয়া এনে এক পদক্ষেপ যিটো আজিলৈকে কোনো দেশেই যুদ্ধৰ সময়ত গ্ৰহণ কৰা নাই। 

ৰাছিয়া মহাকাশ