নিচাসক্ত সঞ্জয়ৰ ৰূপ দেখি ভয়ত পেপুৱা লাগিছিল শ্ৰীদেৱী! খুলি দিয়া নাছিল ৰূমৰ দৰ্জা...

সঞ্জু বাবা। দয়ালু স্বভাৱ আৰু মুকলিকৈ কথা কোৱাৰ ষ্টাইলৰ বাবে অনুৰাগীসকলৰ হৃদয়ত বিশেষ স্থান লাভ কৰা সঞ্জয় দত্তৰ অতীত অতি ভয়ংকৰ। সুৰা আৰু নিচাজাতীয় দ্ৰব্যৰ বাবে এটা সময়ত সঞ্জয়ে নৰকসদৃশ জীৱন অতিবাহিত কৰিছিল। দিনটোৰ বেছিভাগ সময়তে নিচাত থকা সঞ্জয় দত্তৰ বাবে বহু অভিনেতা-অভিনেত্ৰীয়ে এটা সময়ত দুৰ্ভোগ ভুগিব লগীয়াও হৈছিল। তাৰে ভিতৰত এগৰাকী অভিনেত্ৰী আছিল প্ৰয়াত মোহময়ী অভিনেত্ৰী শ্ৰীদেৱী।

author-image
Asomiya Pratidin
New Update
নিচাসক্ত সঞ্জয়ৰ ৰূপ দেখি ভয়ত পেপুৱা লাগিছিল শ্ৰীদেৱী! খুলি দিয়া নাছিল ৰূমৰ দৰ্জা...

ডিজিটেল ডেস্কঃ সঞ্জু বাবা। দয়ালু স্বভাৱ আৰু মুকলিকৈ কথা কোৱাৰ ষ্টাইলৰ বাবে অনুৰাগীসকলৰ হৃদয়ত বিশেষ স্থান লাভ কৰা সঞ্জয় দত্তৰ অতীত অতি ভয়ংকৰ। সুৰা আৰু নিচাজাতীয় দ্ৰব্যৰ বাবে এটা সময়ত সঞ্জয়ে নৰকসদৃশ জীৱন অতিবাহিত কৰিছিল। দিনটোৰ বেছিভাগ সময়তে নিচাত থকা সঞ্জয় দত্তৰ বাবে বহু অভিনেতা-অভিনেত্ৰীয়ে এটা সময়ত দুৰ্ভোগ ভুগিব লগীয়াও হৈছিল। তাৰে ভিতৰত এগৰাকী অভিনেত্ৰী আছিল প্ৰয়াত মোহময়ী অভিনেত্ৰী শ্ৰীদেৱী।

Advertisment

আশী দশকৰ কথা। সেই সময়ত দক্ষিণৰ ‘হিম্মতৱালা’ নামৰ জনপ্ৰিয় ছবিখনত অভিনয় কৰাৰ পাছত ছবিজগতত এটা চিনাকি নাম হৈ পৰিছিল শ্ৰী দেৱী। তাৰ পাছতে কেইবাখনো হিন্দী ছবিৰ অফাৰ আহিছিল অভিনেত্ৰীগৰাকীলৈ। চন ১৯৯৩ত শ্ৰীদেৱীলৈ আহিছিল এখন হিন্দী ছবিৰ অফাৰ। নাম আছিল গুমৰাহ। ছবিখনত শ্ৰীদেৱীৰ বিপৰীতে আছিল সঞ্জয় দত্ত।

শ্বুটিঙত প্ৰায়ে মদ খাই অতপালি কৰা সঞ্জয় দত্তক লৈ ছবিৰ কলা-কুশলী সকলৰ লগতে শ্ৰীদেৱীও যথেষ্ট অশান্তি পাইছিল। ১৯৮২চনতে ৰকি ছবিৰ জৰিয়তে বলিউদত ভুমুকি মাৰিলেও নিজৰ স্বভাৱৰ বাবে ছবিজগতত তেতিয়ালৈকে বৰ এটা বিশেষ পৰিচিতি লাভ কৰা নাছিল সঞ্জয়ে।

গুমৰাহৰ শ্বুটিং আৰম্ভণিৰ এটা দিনত হঠাতে সঞ্জয় দত্তে শ্ৰীদেৱীক লগ কৰিবলৈ ব্যাকুল হৈ পৰিল। মেকআপ ৰূপত ব্যস্ত হৈ থকা শ্ৰীদেৱীক এতিয়া লগ কৰিব নোৱাৰে বুলি নিৰাপত্তাৰক্ষীয়ে বাধা প্ৰদান কৰিছিল যদিও মদৰ নিচাত একো গম পোৱা নাছিল সঞ্জয়ে। জোৰ জোৰকৈ শ্ৰীদেৱীৰ মেকআপৰ ৰূমৰ দৰ্জাত টুকুৰিয়াবলৈ ধৰিছল সঞ্জয়ে। ভয় খাই ৰূমৰ দৰ্জা শ্ৰীদেৱীয়ে খুলি দিয়া নাছিল যদিও অৱশেষত সঞ্জয়ৰ অতপালি দেখি খুলি দিবলৈ বাধ্য হ'ল দৰ্জা।

দৰ্জা খুলি দিয়াৰ লগতে অতি বেয়া বেয়া শব্দৰে গালি পাৰিছিল অভিনেত্ৰীগৰাকীক। সঞ্জয়ৰ এনে ব্যৱহাৰত অতি আঘাত পাইছিল শ্ৰীদেৱীয়ে। যাৰ ফলত গুমৰাহৰ পাছত পিছত সঞ্জয়ৰ সৈতে অভিনয় নকৰাৰ সিদ্ধান্ত লৈছিল শ্ৰীদেৱীয়ে। যাৰ বাবে পিছৰ পৰ্যায়ত কোনো এখন ছবিতে একেলগে দেখা পোৱা নগল সঞ্জয়-শ্ৰীদেৱীক।

Also Read: মেষ, বৃষ, মিথুন আৰু কৰ্কট ৰাশিৰ লোকৰ বাবে আহি আছে GOOD NEWS...

শ্ৰীদেৱী