/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/32622ec0-6d22-4611-b2ff-61d62a0a9663/fb_15.jpg)
লাভ নাই, ধাৰাবাহিক লোকচান ! কোনোৱে এৰিছে চাকৰি, ছাঁটাই হৈছে কৰ্মচাৰী...
ডিজিটেল ডেস্কঃ চৰম মন্দাৱস্থাৰ মাজলৈ গতি কৰিছে বিশ্বৰ কেইবাটাও শীৰ্ষ প্ৰতিষ্ঠান। আমাজন, টুইটাৰ, মেটাত পৰিছে এই মন্দাৱস্থাৰ প্ৰভাৱ। যাৰ পৰিপ্ৰেক্ষিটত এই প্ৰতিষ্ঠানসমূহে আৰম্ভ কৰিছে কৰ্মচাৰী ছাঁটাই অভিযান।
ইয়াৰ মাজতে মঙলবাৰে প্ৰকাশ পোৱা খবৰ অনুসৰি হোৱাটছএপৰ ভাৰতৰ মুৰব্বী অভিজিত বসুৱে পদত্যাগ কৰিছে। ইয়াৰ উপৰিও মেটা ইণ্ডিয়াৰ ৰাজহুৱা নীতি নিৰ্দেশক ৰাজীৱ আগৰৱালাইয়ো তেওঁৰ পদৰ পৰা পদত্যাগ কৰিছে।
আকস্মিক ভাৱে এই দুই শীৰ্ষ পদৰ পৰা দুজনকৈ শীৰ্ষ বিষয়াই পদত্যাগ কৰাৰ পিছতে হোৱাটছএপ পাব্লিক পলিচীৰ সঞ্চালক শিৱনাথ থুকৰালক ভাৰতৰ সকলো মেটা প্লেটফৰ্মৰ বাবে ৰাজহুৱা নীতি নিৰ্দেশক হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে। মেটা হৈছে ফেচবুক, হোৱাটছএপ আৰু ইনষ্টাগ্ৰামৰ মূল প্ৰতিষ্ঠান।
উল্লেখ্য যে চলিত মাহত আৰম্ভণিতে ভাৰতৰ মেটাৰ মূৰব্বী অজিত মোহনেও তেওঁৰ পদৰ পৰা পদত্যাগ কৰিছিল। তেওঁ মেটাৰ প্ৰতিদ্বন্দী স্নেপচ্যাটত যোগদান কৰিছে।
ইফালে এই দুই শীৰ্ষ বিষয়াই পদত্যাগ কৰাৰ পিছতে হোৱাটছএপৰ মূৰব্বী উইল কেথকাৰ্টে ভাৰতত হোৱাটছএপৰ প্ৰথম মূৰব্বী হিচাপে অভিজিত বসুক তেওঁৰ অৱদানৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে।
ইফালে আমাজনে চলিত সপ্তাহতে ১০ হাজাৰ কৰ্মচাৰীৰ চাকৰি কৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কোম্পানীটোৰ এই সিদ্ধান্তৰ আঁৰত কোম্পানীটোৱে লাভ অৰ্জন কৰাত বিফল হোৱা বুলি উল্লেখ কৰিছে। যদি প্ৰকাশিত খবৰ মতেই আমাজনে একেলগে ১০ হাজাৰ কৰ্মচাৰীক ছাঁটাই কৰে তেন্তে ই হ'ব আমাজনৰ ইতিহাসৰ সৰ্ববৃহৎ ছাঁটাই অভিযান।
আনহাতে চলিত সপ্তাহৰ আৰম্ভণিতে ফেচবুকৰ মূল কোম্পানী মেটাই ১১ হাজাৰৰো অধিক কৰ্মচাৰীক ছাঁটাই কৰিছে। কোম্পানীটোৱে ব্যয় হ্ৰাস কৰিবলৈ এই ছাঁটাই কৰিছে। এই ছাঁটাইৰ আগত, মেটাত প্ৰায় ৮৭ হাজাৰ কৰ্মচাৰী নিযুক্ত হৈছিল।
ইলন মাস্কে টুইটাৰ অধিগ্ৰহণ কৰাৰ পিছতে নিতৌ ন ন সিদ্ধান্ত গ্ৰহণেৰে সংবাদ শীৰ্ষত আছে। তাৰ মাজতে ইলন মাস্কে যোৱা সপ্তাহত টুইটাৰৰ আধা কৰ্মচাৰীক বৰ্খাস্ত কৰিছে। ভাৰতত, কোম্পানীটোৱে ইয়াৰ ৯০ শতাংশ কৰ্মচাৰীক ছাঁটাই কৰিছে।
মাইক্ৰছফ্টে যোৱা মাহত ১ হাজাৰ কৰ্মচাৰীক ছাঁটাই কৰিছে। ইয়াৰ লগতে, ৰাইড শ্বেয়াৰ কোম্পানী লিফ্টেও ১৩ শতাংশ কৰ্মচাৰীক অপসাৰণ কৰাৰ কথা ঘোষণা কৰিছে। একেদৰে, পেমেণ্ট প্ৰচেছিং ফাৰ্ম ষ্ট্ৰাইপে কৈছিল যে, তেওঁলোকে ্ৰতিষ্ঠানটোৰ ১৪ শতাংশ কৰ্মচাৰীক ছাঁটাই কৰিব। গুগলৰ মূল কোম্পানী এলফাবেটেও নতুন নিযুক্তি নিষিদ্ধ কৰিছে।
ক্লিক কৰি পঢ়কঃ চীনে দখল কৰিছে ভাৰতৰ মাটি, জি-২০ত জিনিপিঙৰ সৈতে একেলগে প্ৰধানমন্ত্ৰী মোডী...