চীনে দখল কৰিছে ভাৰতৰ মাটি, জি-২০ত জিনিপিঙৰ সৈতে একেলগে প্ৰধানমন্ত্ৰী মোডী...

চীনে দখল কৰিছে ভাৰতৰ মাটি, জি-২০ত জিনিপিঙৰ সৈতে একেলগে প্ৰধানমন্ত্ৰী মোডী...
চীনে দখল কৰিছে ভাৰতৰ মাটি, জি-২০ত জিনিপিঙৰ সৈতে একেলগে প্ৰধানমন্ত্ৰী মোডী...

ডিজিটেল ডেস্কঃ সীমা অতিক্ৰম কৰি ভাৰতৰ মাটিত গাওঁ সাজিছে ৰঙা চীনে। বাৰে বাৰে দেখাই আহিছে যুদ্ধংদেহি মনোভাৱ। অৱশ্যে ৰাজনৈতিক মুনাফা আদায়ৰ ক্ষেত্ৰত চীনতকৈ পাকিস্তানৰ গুৰুত্ব অধিক হোৱাৰ বাবেই হয়তো পাকিস্তানৰ প্ৰসংগই ভাৰতত বিশেষ চৰ্চা লাভ কৰে যদিও চীনৰ প্ৰসংগই বৰ বেছি চৰ্চা লাভ নকৰে।

তাৰ মাজতো আগ্ৰাসী চীনৰ দুই এটা খবৰ প্ৰকাশ পাই আহিছে। এনে খবৰে চীনে ভাৰতৰ ভূমি দখল কৰাৰ কথা সোঁৱৰাই আহে। এনে প্ৰেক্ষাপটত স্বাভাৱিকতেই চীনৰ প্ৰতি ভাৰত কঠোৰ হোৱাটো বিচাৰি আহিছে বহুলোকে।

অৱশ্যে চীনা সেনাই ভাৰতৰ ভূমিত প্ৰৱেশ কৰি ভাৰতীয় সেনাক আক্ৰমণ কৰাৰ ঘটনাৰ ঠিক আগৰে পৰাই চীনৰ সৈতে ভাৰতৰ কূটনৈতি সম্পৰ্কৰ অৱনতি ঘটিছিল। লাডাখত সংঘটিত হোৱা সেই হতাহতিৰ পিছৰে পৰা দুয়ো দেশৰ ব্যৱসায়িক সম্পৰ্ক অটুট আছে যদিও কূটনৈতিক সম্পৰ্কৰ অৱনতি ঘটিছে।

এনে পৰিস্থিতৰ মাজতে জি-২০ সন্মিলনত প্ৰধানমন্ত্ৰী মোডীয়ে চীনৰ ৰাষ্ট্ৰপতি ছি জিনিপিঙক সাক্ষাৎ কৰা বিষয়টোৱে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে। ইণ্ডোনেছিয়াৰ বালিত অনুষ্ঠিত হোৱা জি-২০ সন্মিলনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চীনৰ ৰাষ্ট্ৰপতি জিনিপিঙক সাক্ষাৎ কৰি চমু আলোচনাত মিলিত হয়।

অৱশ্যে এই আলোচনা আছিল অনানুষ্ঠানিক। দুয়ো নেতাৰ মাজত নাই কোনো বৈঠকৰ সূচী। প্ৰধানমন্ত্ৰী মোডীয়ে চীনা ৰাষ্ট্ৰপতি জিনিপিঙক সাক্ষাৎ কৰাৰ এক চমু ভিডিঅ' ভাইৰেল হৈছে।

সেই ভিডিঅ'ক কেন্দ্ৰ কৰি বহুতেই বহু ধৰণে নিজা বিশ্লেষণ আগবঢ়াইছে। ইফালে পূব লাডাখত চীনে সীমান্ত অনুপ্ৰৱেশক লৈ চলি থকা অচলাৱস্থাৰ মাজত দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বৈঠকৰ সম্ভাৱনাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে।

উল্লেখ্য যে, ২০২০ চনৰ পিছত প্ৰথমবাৰৰ বাবে দুয়ো ৰাষ্ট্ৰনেতাক এইদৰে একেলগে দেখা গৈছে। সেই একে বছৰতে লাডাখত দুয়ো ৰাষ্ট্ৰৰ সেনাৰ মাজত সৃষ্টি হৈছিল হতাহতি, মৰামৰি। য'ত কেইবাজনো সেনা আহত হোৱাৰ লগতে মৃত্যুও হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in