ভাষা গৌৰৱ সপ্তাহ উপলক্ষে ভোলানাথ মহাবিদ্যালয়ত সপ্তাহজোৰা কাৰ্যসূচী

ছাত্ৰ-ছাত্ৰীৰ মাজত অসমীয়া ফকৰা যোজনাৰ লিখাৰ প্ৰতিযোগিতা

author-image
Asomiya Pratidin
New Update
ভাষা গৌৰৱ সপ্তাহ উপলক্ষে ভোলানাথ মহাবিদ্যালয়ত সপ্তাহজোৰা কাৰ্যসূচী

ডিজিটেল সংবাদ, ধুবুৰী : অসমীয়া ভাষাটোৱে ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ প্ৰসংগত ধুবুৰী ভোলানাথ মহাবিদ্যালয় (স্বায়ত্বশাসিত) অসমীয়া বিভাগৰ উদ্যোগত , ভাষা -সাহিত্য চ'ৰা অসমীয়া বিভাগৰ সহযোগত, সপ্তাহজোৰা কাৰ্যসূচীৰে ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ প্ৰসংগত বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰি থকা হৈছে। এই প্ৰসংগত ৬ অক্টোবৰত পুৱা ৯.৩০ বজাৰ পৰা ছাত্ৰ -ছাত্ৰীসকলৰ জৰিয়তে এটি অসমীয়া ভাষাৰ সজাগতা সম্পৰ্কে শোভাযাত্ৰা উলিওৱা হয়।

Advertisment

ছাত্ৰ-ছাত্ৰীসকলে হাতে হাতে অসমীয়া ভাষা-সাহিত্যৰ মহান সেৱকবৃন্দৰ মধুৰ বচন আৰু ভাষাক ৰক্ষা কৰাৰ বাবে আগবঢ়োৱা আপ্ত বাক্য লিখিত ৰূপত হাতে হাতে লৈ বিভিন্ন সংগীত পৰিবেশনেৰে ধুবুৰী চহৰ পৰিভ্ৰমণ কৰে। ইয়াৰ পিছতে অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা ড .অলকা শৰ্মাই ছাত্ৰ -ছাত্ৰীসকলৰ মাজত ভাষাৰ সজাগতাৰ বাবে অসমীয়া ফকৰা যোজনা লিখা এক প্ৰতিযোগিতা অনুষ্ঠিত কৰে।

ফকৰা যোজনাসমূহ আমাৰ ভাষাৰ আপুৰুগীয়া বৈভৱ। ফকৰা যোজনাৰ প্ৰয়োগে আমাৰ সৃষ্টিশীল সাহিত্যিক সমৃদ্ধ কৰিব পাৰে বুলি ড০ অলকা শৰ্মাই দোহাৰে। বিভিন্ন কাৰ্যপন্থাৰে আয়োজন কৰা ভাষা সজাগতাৰ শোভাযাত্ৰাটো মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ড০ পলী বেজবৰুৱাই নেতৃত্ব প্ৰদান কৰে। আন আন অধ্যাপক -অধ্যাপিকা সকলৰ লগতে কেইবা শতাধিক ছাত্ৰ -ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

Also Read: গোৰেশ্বৰত অনুষ্ঠিত হ’ব অস্মিতা ৰাগবী লীগ : বিজয়ী দলে লাভ কৰিব ৩ লাখ টকাৰ আৰ্থিক পুৰস্কাৰ

ভোলানাথ মহাবিদ্যালয় ভাষা গৌৰৱ সপ্তাহ