বৰষুণৰ অপেক্ষাত উত্তৰ প্ৰদেশ-বিহাৰ, বিপৰীতমুখী ছবি অসমত...

বৰষুণৰ অপেক্ষাত উত্তৰ প্ৰদেশ-বিহাৰ, বিপৰীতমুখী ছবি অসমত...
Published on
Updated on

ডিজিটেল ডেস্কঃ অসমত পুনৰ প্ৰৱল বৃষ্টিপাতে পৰিস্থিতিৰ অৱনতি ঘটোৱাৰ আশংকা কৰা হৈছে। নেৰানেপেৰা বৰষুণৰ ফলত ব্যাহত হৈছে সাধাৰণ মানুহৰ জীৱন-যাপন।

ইতিমধ্যে ৰাজ্যৰ কেইবাখনো জিলাত বতৰে ধৰিছে কালৰূপ। ধাৰাসাৰ বৰষুণ, বিজুলী-ঢেৰেকণিৰ ফলত ঘৰৰ পৰা ওলাব নোৱাৰা এক পৰিস্থিতিৰ সৃষ্টি হৈছে।

উল্লেখযোগ্য যে উত্তৰ-পূৰ্বাঞ্চলৰ উত্তৰ ছিকিমত কিছুদিন ধৰি বতৰে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ৰাজ্যখনত হোৱা ধৰাষাৰ বৰষুণৰ ফলত ঠায়ে ঠায়ে ভূমিস্খলনৰ লগতে বানপানীৰো সৃষ্টি হৈছে।

বানত সর্বাধিক ক্ষতিগ্রস্ত হৈছে মংগন জিলা। জিলাখনত স্তব্ধ হৈ পৰিছে যাতায়ত ব্যৱস্থা। যাৰ ফলত বহিঃ বিশ্বৰে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। ইয়াৰোপৰি ৰাজ্যখনত মোবাইল সেৱা তথা ইন্টাৰনেট সেৱা বিঘ্নিত হৈ পৰিছে। তথ্য অনুসৰি ৰাজ্যখনৰ দুৰ্যোগপ্ৰস্ত এলেকাত প্ৰায় ২০০০ পৰ্যটক আৱদ্ধ হৈ আছে।

এনে পৰিস্থিতিৰ মাজতে অসম তথা উত্তৰ পূৱৰ কেইবাখনো ৰাজ্যত বতৰ বিজ্ঞান বিভাগে সতৰ্কতা জাৰি কৰিছে। কেইবা ঠাইতো বতৰ বিজ্ঞান কেন্দ্ৰই অৰেঞ্জ এলাৰ্ট জাৰি কৰাৰ লগতে কেইবাখনো ঠাইত জাৰি কৰিছে ৰেড এলাৰ্ট।

ৰেড এলাৰ্ট জাৰি কৰা অঞ্চলসমূহত ধাৰাষাৰ বৰষুণৰ লগতে বজ্ৰপাতৰ পূৰ্ণ সম্ভাৱনা থকাৰ কথা সদৰী কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। অৱশ্যে হালধীয়া এলাৰ্ট জাৰি কৰা অঞ্চলসমূহত দুই এজাক মজলীয়া বৰষুণ আহিব যদিও অঞ্চলসূহ প্ৰায় বিপদমুক্ত বুলি কেন্দ্ৰই উল্লেখ কৰে।

ইয়াৰোপৰি বতৰ বিজ্ঞান কেন্দ্ৰই জনাই যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আগন্তুক চাৰি-পাঁচদিন প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে। য়েইসমূহ জিলা হল ধুবুৰী, বঙাইগাঁও, বৰপেটা আদি। এই কেইখন জিলাত ৰেড এলাৰ্ট জাৰি কৰিছে। অৱশ্যে বিপদমুক্ত যদিও গোৱালপাৰা, কোকৰাঝাৰ, চিৰাং আৰু বাক্সাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে।

বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক ৫দিনৰ বাবে প্ৰৱল বৃষ্টিপাতৰ আগজাননী দিছে। এই আগজাননীয়ে ৰাজ্যৰ বানপীড়িত অঞ্চলত পৰিস্থিতিয়ে অতি জটিল ৰূপ ধাৰণ কৰাৰ আশংকাৰ সৃষ্টি হৈছে।

অসম তথা উত্তৰ পূৰ্বাঞ্চলত জাৰি কৰা ৰেড এলাৰ্ট অথবা ইয়েল্ল' এলাৰ্টৰ বিপৰীতমুখী প্ৰতিক্ৰিয়া দেখা দিছে দেশৰ কেইবাখনো ৰাজ্যত। কিয়নো উত্তৰ প্ৰদেশ, বিহাৰ, দিল্লী আদিৰ দৰে ব্যস্ত মহানগৰত গ্ৰীষ্ম প্ৰবাহে বৰকৈ দহিছে সৰ্বসাধাৰণক।

সকলোৰে এটাই আশা কেনেকৈ পৰিত্ৰাণ পাব পাৰি এই গ্ৰীষ্ম প্ৰবাহৰ পৰা। পিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ আগলি বাৰ্তাই এক সুখৰ বাৰ্তা কঢ়িয়াই আনিছে এই কেইখন ৰাজ্যলৈ।

বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি অহা ১৯-২০ জুনৰ পৰা উত্তৰ প্ৰদেশত বৰষুণ হোৱাৰ প্ৰৱল সম্ভাৱনা আছে। ৰাজ্যখনৰ বিভিন্ন স্থানত ঘণ্টাত ৩০ৰ পৰা ৪০ কিলোমিটাৰ বেগত বতাহ বলাৰ সম্ভাৱনা আছে।

অৱশ্যে উত্তৰ প্ৰদেশত শুকুৰবাৰেও অধিকাংশ অঞ্চলত দিনৰ তাপমাত্ৰা ৪৪-৪৫ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত আছিল। ৰাজ্যখনৰ আটাইতকৈ উষ্ণ স্থানসমূহ হ’ল প্ৰয়াগৰাজ আৰু কানপুৰ, য’ত দিনৰ তাপমাত্ৰা ক্ৰমে ৪৬.৯ আৰু ৪৬.৭ ডিগ্ৰী চেলছিয়াছ।

বংগোপসাগৰত শেহতীয়াকৈ সৃষ্টি হোৱা পৰিস্থিতিৰ বাবে উত্তৰ প্ৰদেশত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আগন্তুক ৪-৫দিনত পশ্চিম বংগ, উৰিষ্যা, বিহাৰতো বৰষুণৰ পূৰ্ণ সম্ভাৱনাৰ কথা সদৰী কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

বতৰৰ আগলি বতৰাই ৰাজ্যবাসীক কিছু সকাহ দিছে। কিয়নো বহুদিনৰ পৰা ৰাজ্যকেইখনক গ্ৰীষ্ম প্ৰৱাহে দহিছে। বৰষুণৰ অভাৱত ৰাজ্যকেইখনত নাটনি হৈছিল খোৱা পানীৰ। খেতি বাতিৰ ক্ষেত্ৰত বহু সমস্যাৰ সন্মুখীন হৈছিল কৃষকসকল। বিভিন্ন বেমাৰৰ সন্মুখীন হৈছিল শিশুকে ধৰি আবাল বৃদ্ধ বনিতা।

এতিয়া সকলোৰে মুখত বিৰিঙিছে হাঁহি। বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননীয়ে আশাৰ ৰেঙণি বোৱাই আনিছে তেঁওলোকৰ মনবোৰলৈ। আহিব এজাক বৰষুণ। তিয়াই দিব তেঁওলোকৰ ধূসৰ সপোনবোৰ।

বৰষুণৰ অপেক্ষাত উত্তৰ প্ৰদেশ-বিহাৰ, বিপৰীতমুখী ছবি অসমত...
লখিমপুৰ জিলা সাংবাদিক সংস্থাৰ কাৰ্যনিৰ্বাহক সভা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in