/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/0f43480d-bbfa-4315-b75f-f0b8182368a1/434.jpg)
ডিজিটেল সংবাদ:ঢকুৱাখনা : লখিমপুৰ জিলাৰ সংবাদসেৱীসকলৰ উমৈহতীয়া মঞ্চ লখিমপুৰ জিলা সাংবাদিক সংস্থা । জিলাখনৰ আত্মোৎসৰ্গী সাংবাদিকসকলৰ আৰ্থিক , সামাজিক আৰু বৃত্তিগত নিৰাপত্তা আৰু সুৰক্ষিত ভৱিষ্যতৰ হকে সদা সর্বদা ঐক্যবদ্ধ স্থিতি গ্ৰহণ কৰি অহা জিলা সাংবাদিক সংস্থাৰ তৃতীয়খন কাৰ্যনিৰ্বাহক সভা সোমবাৰে ঘিলামৰাত অনুষ্ঠিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/6270fd82-e72b-4682-a156-d6ee8e19ff4d/d0a60147-84e4-49cb-b059-23a308946116.jpg)
ঘিলামৰা প্ৰেছ ক্লাৱত সোমবাৰে দুপৰীয়া অনুষ্ঠিত হোৱা এই কাৰ্যনিৰ্বাহক সভাত জিলাখনৰ সকলো প্ৰেছ ক্লাব , প্ৰেছ গিল্ডৰ গৰিষ্ঠ সংখ্যক সভাপতি , সম্পাদক , জিলা কাৰ্যনিৰ্বাহক সদস্য উপস্থিত থাকে । সদৌ অসম বার্তাজীৱী সংঘৰ প্ৰাক্তন সভাপতি টুটু মনি ফুকনে বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা কাৰ্যনিৰ্বাহক সভাত জিলা বিষয়ববীয়া সকলক উদ্যোগক্তা ঘিলামৰা প্ৰেছ ক্লাৱৰ তৰফৰ পৰা ফুলাম গামোচাৰে আদৰণি জনোৱা হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/487376a2-8d69-4b17-b04a-f5d6f08bd130/8b4d3829-f448-4f7e-88a9-5916ce4d7298.jpg)
জিলা সভাপতি শৈলেন বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদেশ্য ব্যাখ্যা কৰে জিলা সম্পাদক মুকুল ভূঞাই । সদৌ অসম বার্তাজীৱী সংঘৰ উত্তৰ মণ্ডলৰ সম্পাদক জগত বৰা উপস্থিত থকা সভাত জিলা সংস্থাৰ নিৰ্দ্ধাৰিত কৰ্মসূচী আৰু ভৱিষ্যত কাৰ্যপন্থা আৰু কৰণীয়তা সন্দৰ্ভত পৰ্য্যালোচনা কৰা হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/09d4e0ee-a5b6-45cc-8f43-22e80be184c7/deffe087-9960-4ea7-8d31-87fad2880b17.jpg)
তাৰোপৰি সভাত সৰ্বসন্মতভাৱে বহু কেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় । সভাতেই ঘিলামৰা প্ৰেছ ক্লাৱৰ তৰফৰ পৰা "এই মাহৰ অতিথি" শিতানত ঘিলামৰা ঘাহি গাঁৱৰ বিশিষ্ট জ্যোতিষ শাস্ত্ৰবিদ , বাস্তু শাস্ত্ৰ বিশেষজ্ঞ বাবুল হাজৰিকাক উষ্ণ সম্বৰ্ধনা জনোৱা হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/c879155e-b6fb-4b4e-be48-339fae49d62b/1bb7cf7c-5ade-4941-a98f-7d1b29ca8459.jpg)
এখন পাটৰ চেলেং চাদৰ, এখন প্ৰশস্তি পত্ৰৰে সম্বৰ্ধনা জনাই ঘিলামৰা প্ৰেছ ক্লাৱৰ সমূহ কৰ্মকৰ্তাৰ সহযোগিতাত জিলা সাংবাদিক সংস্থাৰ সভাপতি শৈলেন বৰুৱাই। সভাত সম্বৰ্ধিত জ্যোতিষ শাস্ত্ৰবিদ হাজৰিকাই চমু বক্তব্য ৰাখি ঘিলামৰা প্ৰেছ ক্লাৱৰ এনে উৎসাহপূৰ্ণ পদক্ষেপৰ শলাগ লয় । জিলাখনৰ প্ৰায় ডেৰ কুৰি সাংবাদিক একত্ৰিত হোৱা তৃতীয় কাৰ্যনিৰ্বাহক সভাত ঘিলামৰা প্ৰেছ ক্লাৱৰ নিখুঁত আতিথ্যৰ উচ্চ প্ৰশংসা কৰে জিলা সাংবাদিক সংস্থাই ।
Also Read: কলিয়াবৰত অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বিৰুদ্ধে সজাগতা সভা সম্পন্ন