মণিপুৰৰ জিৰিবামত বুজন পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ

মনিপুৰৰ জিৰিবামত বুজন পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ

author-image
Asomiya Pratidin
New Update
মণিপুৰৰ জিৰিবামত বুজন পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ

ডিজিটেল সংবাদ,শিলচৰঃ হিংসা জৰ্জৰ মণিপুৰত অবৈধ মাৰণাস্ত্ৰ আৰু দুস্কৃতিকাৰীৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ অভিযান অব্যাহত। বুধবাৰে কাছাৰ জিলা সীমান্তৱৰ্তী মণিপুৰৰ জিৰিবাম জিলাত অভিযান চলাই নিৰাপত্তা বাহিনীয়ে বুজন পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ কৰে। লগতে কেবাটাও বাংকাৰ ধ্বংস কৰে।

মণিপুৰ আৰক্ষীৰ এক সূত্ৰই জানিব দিয়া মতে, জিৰিবাম জিলাৰ ছেইজাং গাঁৱত অভিযান চলাই ৬ টা ছিংগল বেৰেল গান, ১০৮ টা ১২ ব'ৰ কাৰ্টিজ, ১ টা ১২ ব'ৰৰ খালী কাৰ্টিজ, চাৰ্জাৰৰ সৈতে ৪ টা ৱাকি টকি ৰেডিঅ' ছেট, ৭টা বুলেট প্ৰুফ জেকেট আৰু ২টা কাৰ্টিজ বেল্টসহ বহু সামগ্ৰী জব্দ কৰে। লগতে গাঁৱখনত নিৰ্মাণ কৰা ১২টা বাংকাৰো ধ্বংস কৰে নিৰাপত্তা বাহিনীয়ে।

Also Read: আৰম্ভ হ'ল ২০২৫বৰ্ষৰ পদ্ম সন্মানৰ মনোনয়ন প্ৰক্ৰিয়া...

manipur latest news manipur incident manipur violence