হাজোত জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰীকা : গর্জন বিল উন্নয়ন কৰি বৃহৎ জলাশয়ৰূপে নিৰ্মাণৰ পৰিকল্পনা

ৰাজ্যৰ বিভিন্ন স্থানত বৃহৎ জলাশয় নিৰ্মাণ তথা উন্নয়ন কৰাৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে। সেইমৰ্মে বৃহস্পতিবাৰে কামৰূপ গ্ৰাম্য জিলাৰ অন্তৰ্গত হাজোৰ ২নং বাগটা ভৈল্লাবড়ীস্থিত গর্জন বিল পৰিদৰ্শন কৰে মন্ত্ৰী পীযুষ হাজৰীকাই

author-image
Asomiya Pratidin
New Update
dxfhnghk

ডিজিটেল সংবাদ, হাজো :  ৰাজ্যৰ বিভিন্ন স্থানত বৃহৎ জলাশয় নিৰ্মাণ তথা উন্নয়ন কৰাৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে। সেইমৰ্মে বৃহস্পতিবাৰে কামৰূপ গ্ৰাম্য জিলাৰ অন্তৰ্গত হাজোৰ ২নং বাগটা ভৈল্লাবড়ীস্থিত গর্জন বিল পৰিদৰ্শন কৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই। 

fhjgf

গৰ্জন বিল পৰিদৰ্শন কৰি এই বিলখন উন্নয়ন কৰি বৃহৎ জলাশয়ৰূপে নিৰ্মাণ কৰাৰ চিন্তা কৰা হৈছে বুলি জানিবলৈ দিয়ে। ইয়াৰ জৰিয়তে হাজোত নিৰ্মাণ হ'ব ২ বৰ্গ কিলোমিটাৰজোৰা বৃহৎ আকাৰ কৃত্ৰিম হ্ৰদ। হাজোৰ ২নং বাগটাৰ গৰ্জন বিলত নিৰ্মাণ হ'ব এই হ্ৰদ। 

fgjf

ইয়াৰ উপৰি গৰ্জন বিল খান্দি পুঠিমাৰী নৈৰ পানী সংৰক্ষণ কৰাৰ পৰিকল্পনা কৰাৰ কথাও অৱগত কৰে। উল্লেখযোগ্য যে বানপানী প্ৰতিৰোধৰ বাবে ঐতিহাসিক গৰ্জন বিলত নিৰ্মাণ হ'বলগীয়া এই চৰকাৰী আঁচনিৰ চৰজমিন তদন্তৰ বাবে উপস্থিত হয় জলসম্পদ মন্ত্ৰী হাজৰীকা। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীক সংগ দিয়ে বিজেপিৰ ৰাজ্যিক সভাপতি তথা বিধায়ক ভৱেশ কলিতাই। 

dgjjf

অন্যহাতে মন্ত্ৰী হাজৰীকাই কংগ্ৰেছ দলে জ্যোতিষীৰ ওপৰত নিৰ্ভৰশীল হোৱা কথা প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়- কংগ্ৰেছ দলত বৃহস্পতি লুপ্ত হৈ এতিয়া শনিয়ে লম্ভিছে। আৰু ২৫ বছৰলৈ কংগ্ৰেছ দলে শাসন কৰিব নোৱাৰিব অসমত।

pijush hazarika hajo