/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/ae2e137b-f861-42dc-ba63-9df667b01ef4/wangla.jpg)
ডিজিটেল সংবাদ,ছমৰীয়া : গাৰো সাংস্কৃতিক মঞ্চ আৰু গাৰো ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে গাৰোসকলৰ উৎসৱ ৱাংগালা উৎসৱ শনিবাৰে গোৱালপাৰা জিলাৰ চোটিপাৰা গাঁৱৰ খেলপথাৰত সামৰণি পৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/d5ccc920-f67b-46aa-ac90-708378beffe9/WhatsApp_Image_2022_11_27_at_4_15_11_PM.jpeg)
দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই উৎসৱত দহটা গাৰো পৰম্পৰাগত ৱাংগালা নৃত্য দলে অংশগ্ৰহণ কৰে।এটা ৱাংগালা দল মেঘালয়ৰ দাদাংগ্ৰে গাঁৱৰ আৰু আন নটা দল অসমৰ কামৰূপ আৰু গোৱালপাৰা দুয়োখন জিলাৰ পৰা আহিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/257cf7a0-6925-446a-8d43-3f9fd9dd4d5e/WhatsApp_Image_2022_11_27_at_4_15_12_PM.jpeg)
গাৰো সাংস্কৃতিক মঞ্চৰ সভাপতি দেশাল বিমিক আৰ মৰাকে কয় যে ৱাংগালা মহোৎসৱ প্ৰতি বছৰে কেৱল মেঘালয়তে পালন কৰা হয়। কিন্তু প্ৰথমবাৰৰ বাবে আমি অসমত বসবাস কৰা গাৰো মানুহে ইয়াত চোটিপাৰাত (জাজং কদোৰাম) উদযাপন কৰিছো। আমি ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ (RHAC)ৰ পৰা সমৰ্থন পাওঁ, কিন্তু অসম ৰাজ্য চৰকাৰৰ পৰা আমাক সম্পূৰ্ণ সমৰ্থন লাগে, যাতে আমি এই বৰ্ণিল উৎসৱটো বহলভাৱে উদযাপন কৰিব পাৰো।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/03c107a5-6220-4491-8b90-3521ba34e501/WhatsApp_Image_2022_11_27_at_4_15_12_PM__1_.jpeg)
ৰাভা হাছং স্বায়িত্ব শাসিত পৰিষদৰ কাৰ্যবাহী পাৰিষদ ফ্ৰাইলিন আৰ মাৰাকে কয় যে আমাৰ গাৰো পৰম্পৰা আৰু সংস্কৃতিৰ বিকাশৰ বাবে এই বছৰৰ পূৰ্বে গোৱালপাৰা জিলাৰ চোটিপাৰা আৰু মুছখুলিত ৱাংগালা নৃত্য আৰু সংগীতৰ ওপৰত কৰ্মশালাৰ বাবে ৰাভা হাছং স্বায়িত্ব শাসিত পৰিষদে ধন আগবঢ়াইছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/b302742f-faa8-4035-91c1-535e58f0985d/WhatsApp_Image_2022_11_27_at_4_15_13_PM.jpeg)
এই উৎসৱত ৰাভা হাছং স্বায়িত্ব শাসিত পৰিষদৰ উপাধ্যক্ষ ৰমাকান্ত ৰাভা,ৰাভা হাছং স্বায়িত্ব শাসিত পৰিষদৰ কাৰ্যবাহী পাৰিষদ আদিত্য ৰাভা, নগৰমল স্বৰ্গীয়াৰী,গাৰো ছাত্ৰ সন্থা অসম ৰাজ্যিক মণ্ডলৰ সভাপতি ফল্ডিন আৰ মৰাককে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি ৱাংগালা নৃত্য উপভোগ কৰে। গাৰো সকলৰ থলুৱা খেল প্ৰতিযোগিতা, থলুৱা খাদ্য উৎসৱো এই মহোৎসৱত অন্তৰ্ভুক্ত কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/c5830caa-3681-447d-bc08-cdd0a9e4052c/WhatsApp_Image_2022_11_27_at_4_15_13_PM__1_.jpeg)
ৰাভা হাছং স্বায়িত্ব শাসিত পৰিষদৰউপাধ্যক্ষ ৰমাকান্ত ৰাভাই কয় যে, গাৰো সাংস্কৃতিক মঞ্চই তেওঁলোকৰ সংস্কৃতি ৰক্ষাৰ বাবে এইবোৰ অতি উত্তম পদক্ষেপ আৰু অসমত প্ৰথমবাৰৰ বাবে তেওঁলোকে খেতি চপোৱাৰ পিছত এই উৎসৱ পালন কৰে। মুখ্য কাৰ্যবাহী পাৰিষদ টংকেশ্বৰ ৰাভাই ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদীয় এলেকাত বসবাস কৰা সকলো জাতি-জনগোষ্ঠীৰ বাবে সদায় চিন্তিত আৰু মনোযোগ দিয়ে।সকলোৰে নিজৰ সংস্কৃতি বচাবলৈ তেওঁ সদায় সহায়ৰ হাত আগবঢ়ায়। বিভিন্ন সংস্কৃতিৰ বিকাশৰ বাবে পৰিষদে সদায় পৰিষদীয় এলেকাৰ অন্তৰ্গত বিভিন্ন ঠাইত কৰ্মশালাৰ বাবে বিত্তীয় সাহায্য আগবঢ়াইছিল।