এল্ট' গাড়ী সহ সন্ধানহীন ধেমাজিৰ বিপুল বুঢ়াগোহাঁই

এল্ট' গাড়ী সহ সন্ধানহীন ধেমাজিৰ বিপুল বুঢ়াগোহাঁই

ডিজিটেল সংবাদ, ঢকুৱাখনা : স্বাভাৱিক ভাবেই নিজৰ ঘৰৰ পৰা ব্যক্তিগত বাহন লৈ  ধেমাজি জিলা সদৰলৈ বুলি ওলাই যোৱা এগৰাকী ব্যক্তি যোৱা ৫ দিন ধৰি সন্ধানহীন হৈ থকাৰ বাতৰিয়ে জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । ঘটনাৰ বিবৰণি মতে ধেমাজি সদৰ আৰক্ষী থানাৰ অন্তৰ্গত চমৰাজান পঞ্চায়তৰ কেঁকুৰী আহোম গাঁওৰ বিপুল বুঢ়াগোহাঁই (৪৩) নামৰ সহজ সৰল ব্যক্তি গৰাকী অন্য দিনৰ দৰেই নিজৰ এ এছ ২২-এইচ-২৩৫৬ নম্বৰৰ বগা বৰণৰ এল্ট'-৮০০ গাড়ীখনলৈ যোৱা ২৩ নৱেম্বৰত ধেমাজি জিলা সদৰৰ টেক্সি ষ্টেণ্ডত উপস্থিত হৈছিল ।

নিজৰ বাহনেৰে ভাড়া মাৰি পৰিয়াল পোহপাল দি অহা কষ্টসহিষ্ণু ব্যক্তিজনে যোৱা ২৩ নৱেম্বৰৰ সন্ধিয়া স্বাভাৱিকভাৱে পত্নীলৈ ফোন কৰি ঘৰলৈ বজাৰ কৰা সন্দৰ্ভত বাৰ্তালাপ কৰিছিল। পৰৱৰ্তী সময়ত ৯ বজাত পুনৰ পত্নীৰে কথা পাতি অলপ দেৰি হোৱাৰ কথা অৱগত কৰে ব্যক্তিজনে । ৰাতি প্ৰায় ১১ বজালৈ স্বামী ঘৰলৈ উভতি নহাত পত্নী চিত্ৰলেখা বৰগোহাঁইয়ে স্বামীলৈ ফোন কৰাত "গাড়ী ফচিলে" বুলি কোৱাৰ পাছৰে পৰা ব্যক্তি গৰাকীৰ মবাইল বন্ধ হৈ নিখোজ হৈ আছে আজি পৰ্যন্ত।

বিগত প্ৰায় ৫ দিন ধৰি ঘৰৰ মুৰব্বী গৰাকী সন্ধানহীন হৈ থকাৰ পৰবৰ্তী সময়ত বিভিন্ন আত্মীয় স্বজনৰ ঘৰত আৰু সাম্ভাব্য স্থানত সন্ধান চলায়ো উৱাদিহ লাভ নকৰাত দুৰ্ভগীয়া পত্নী চিত্ৰলেখা বৰগোঁহাইয়ে ধেমাজি সদৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰে । কিন্তু ৰাজ্য চৰকাৰৰ তথাকথিত স্মাৰ্ট আৰক্ষীয়ে নিজৰ ফোঁপোলা চৰিত্ৰ উদঙাই ৫ টা দিনে নিখোজ ব্যক্তি গৰাকীৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই । কোনো ব্যৱসায়িক শত্ৰুতা নথকা, সৰল মনা ব্যক্তি গৰাকীৰ আকস্মিক সন্ধানহীনতাত চিন্তিত আৰু উদ্বিগ্ন হৈ পৰিছে পত্নী ,কন্যা পুত্ৰ সহ পৰিয়ালটো।

আৰক্ষীৰ ব্যৰ্থতাত উৎকণ্ঠীত দুৰ্ভগীয়া পৰিয়ালটোৱে কোনো ব্যক্তিয়ে যদি এই বগা বৰণৰ মাৰুটি এল্ট' ৮০০ বাহনখনৰ উপৰিও ব্যক্তি জনৰ সন্ধান লাভ কৰে তেন্তে সমীপৰ আৰক্ষী থানা অথবা 6900333050 আৰু 7099136141 নম্বৰত পৰিয়ালক অৱগত কৰাৰ কাতৰ আহ্বান জনাইছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in