ডিজিটেল সংবাদ,ধেমাজিঃ শাৰীৰিক, মানসিকভাৱে দুৰ্বল আৰু বিকাৰগ্ৰস্ত লগতে আদালতৰ যি কোনো গোচৰত সাক্ষ্যদানৰ ক্ষেত্ৰত আচামীৰ পক্ষৰ পৰা ভাবুকি পোৱা সকলক সুবিধা দিয়াৰ বাবে উচ্চতম ন্যায়ালয়ে প্ৰৱৰ্তন কৰিছে ভালনাৰেবল উইটনেছ ডেপ'জিচন চেন্টাৰ ব্যৱস্থাৰ ।
বুধবাৰে বিয়লি ২ বজাত ধেমাজি ন্যায়িক আদালতত ভালনাৰেবল উইটনেছ ডেপ'জিচন চেন্টাৰ এটা ফিটা কাটি আনুষ্ঠানিকভাৱে মুকলি কৰে ধেমাজি জিলা ও সত্ৰ ন্যায়াধীশ কৌশিক হাজৰিকাই ৷
অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন আৰু নামফলক মুকলি কৰা পিছতেই ডেপ'জিচন চেন্টাৰৰ দুৱাৰ মুকলি কৰে সত্ৰ ন্যায়াধীশ গৰাকীয়ে ৷ এই উপলক্ষে অনুষ্ঠিত হোৱা সভাত ধেমাজি জিলা সত্ৰ ন্যায়াধীশ কৌশিক হাজৰিকাই বক্তব্যত কয় যে সমগ্ৰ ভাৰততে উচ্চতম ন্যায়ালয়ে প্ৰবৰ্তন কৰা এই ভালনাৰেবল উইটনেছৰ বিষয়টি ইয়াৰ আগলৈকে মাত্ৰ ১৮ বছৰ তলৰ শিশু সকলৰ ক্ষেত্ৰতে হে প্ৰযোজ্য আছিল। পৰবৰ্তী সময়ত উচ্চতম ন্যায়ালয়ে ভালনাৰেবল উইটনেছৰ বিষয়টি ছয়টা শাখাত ভাগ কৰি লৈছে বুলি উল্লেখ কৰে ৷
পুৰুষ-মহিলা উভয়ৰ ক্ষেত্ৰত লিংগ বৈষম্যহীনভাৱে সাক্ষ্য গ্ৰহণৰ সু-ব্যৱস্থা থকাৰ লগতে শাৰীৰিক-মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষভাৱে সক্ষম,বাধাগ্ৰস্থ,বিকাৰগ্ৰস্ত সকলৰ উপৰিও আদালতৰ যি কোনো গোচৰত ক্ষেত্ৰতে আচামী পক্ষৰ পৰা ভয় ভাবুকি দিলে আদালতে বিষয়টো বিবেচনা কৰি ভালনাৰেবল উইটনেছ ডেপ'জিচন চেন্টাৰলৈ নিয়া ব্যৱস্থা আছে বুলি সত্ৰ ন্যায়াধীশ গৰাকীয়ে অৱগত কৰে ৷
সভাত ধেমাজি ন্যায়িক আদালতৰ মুখ্য ন্যায়িক দণ্ডাধীশ ঝনা শইকীয়া, অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ জোমা সিংহা, প্ৰথম শ্ৰেনী ন্যায়িক দণ্ডাধীশদ্বয় পল্লবী যোচী আৰু চন্দ্ৰমা তালুকদাৰৰ লগতে ধেমাজি জিলা উকীল সন্থাৰ সভাপতি যোগল বুঢ়াগোঁহাই, চৰকাৰী অধিবক্তা অজয় ফোকলা, ধেমাজি জিলা মুখ্য আইন সাহায্য প্ৰতিৰক্ষা বিষয়া গোপীনাথ সন্দিকৈৰ লগতে বহু লোক উপস্থিত থাকে ৷