বোকাজানত ভলীবল প্ৰতিযোগিতা

বোকাজানত ভলীবল প্ৰতিযোগিতা

ডিজিটেল সংবাদ,বোকাজানঃ মঙলবাৰৰ পৰা ৩ দিনীয়াকৈ বোকাজানত আৰম্ভ কৰা হৈছে ৩৪ সংখ্যক সদৌ অসম আন্তঃজিলা ছাব জুনিয়ৰ দিবা-নৈশ ভলীবল প্ৰতিযোগিতা। অসমৰ ৩৮খন জিলাৰ ৬৫টা দলে যোগদান কৰিছে উক্ত প্ৰতিযোগিতাত,ইয়াৰে ৩৩টা ল'ৰাৰ দল আৰু ৩২টা ছোৱালী দল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ কথা জানিব পৰা গৈছে।

আজি প্ৰথম দিনাৰ কাৰ্যসূচীত ক্ৰমে অসম ভলীবল সন্থাৰ পতাকা উত্তোলন কৰে অসম ভলীবল সন্থাৰ উপ-সভাপতি জীৱনমল চৰ'ণাই,আৰু বোকাজান ক্ৰীড়া সন্থাৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি মাধুৰ্য ঢেকিয়াল ফুকনে।

মুকুট গগৈয়ে স্মৃতি তৰ্পণ কৰাৰ পাছতে অৰ্জুন বঁটা বিজয়ী নয়নমণি শইকীয়া,মাউন্ট এভাৰেষ্ট বিজয়ী কাংবুৰা তিমুং,খৰসিং তেৰাংৰ লগতে জিলা খনৰ ৫ গৰাকীকৈ খেলুৱৈক উদযাপন সমিতিৰ তৰফৰ পৰা বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে।

বোকাজানত ভলীবল প্ৰতিযোগিতা
বোকাজানত ভলীবল প্ৰতিযোগিতা

পৰৱৰ্তী সময়ত বিভিন্ন জিলাৰ হৈ প্ৰতিনিধিত্ব কৰা খেলুৱৈসকলক চিনাকি হোৱাৰ পাছত স্থানীয় মহিলা-যুৱতীসকলে পৰিবেশন কৰে সমবেত সংগীত। প্ৰতিযোগিতা সমূহ আৰম্ভনি হোৱাৰ প্রাক মুহূৰ্তত বিভিন্ন জাতি-জনজাতিসকলৰ দ্বাৰা বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হয়।

বিধায়ক বিদ্যাছিং ইংলেঙ,কাৰ্বি আংলং জিলাৰ উপায়ুক্ত মধুমিতা ভাগৱতী,কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অধক্ষ্য ৰাজু টি'ছ,কাৰ্যবাহী সদস্য অমৰসিং টি'ছ,বোকাজান মহকুমাৰ মহকুমাধিপতি জন দাস ৰ উপৰিও বহুকেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in