/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/8f234916-1735-4aef-9367-0ae2bac9f2a0/aasu.jpg)
মিচিং লোক সংস্কৃতিৰ শিল্পী একলব্য গামলৈ প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা
ডিজিটেল ডেস্কঃ আজি গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী হস্তীৰ কন্যা খ্যাত প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্যু তিথি। মঙলবাৰে মহানগৰীৰ চানমাৰীত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্যু তিথি পালন কৰে।
বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভণী কৰে। অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ড০ সমুজ্বল কুমাৰ ভট্টাচাৰ্য প্ৰমুখ্যে সন্থাৰ সভাপতি আৰু সম্পাদকে। আনহাতে শিল্পীগৰাকীৰ পবিত্ৰ মৃত্যু বাৰ্ষিকী উপলক্ষে সদৌ অসম ছাত্ৰ সন্থাই এইবৰ্ষৰ প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা আগবঢ়াই মিচিং লোক সংস্কৃতিৰ শিল্পী একলব্য গামলৈ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/d50c03e2-d591-48fc-9955-4b426edaaa45/505f7b32_43bb_4929_8093_885d8bb4768a.jpg)
বঁটাটিত আছে এখন চেলেং,গামোছা,শৰাই আদিৰ লগতে নগদ ২৫ হাজাৰ টকা। বঁটা প্ৰদান কাৰ্যসূচীৰ পাছতেই অনুষ্ঠিত হয় আমন্ত্ৰিত শিল্পীৰ দ্বাৰা গোৱালপৰীয়া লোকগীতৰ অনুষ্ঠান। অনুষ্ঠানত উপস্থিত থাকে আছুৰ কৰ্মকৰ্তা,সাংবাদিক আদিৰ লগতে অন্যান্য ব্যক্তিসকল।
আৰু পঢ়কঃ জালুকবাৰীত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ