''যদি কোনো হিন্দুক আক্ৰমণ কৰা হয় তেন্তে'' দ্যা কাশ্মীৰ ফাইলচৰ নিৰ্মাতা বিবেক অগ্নিহোত্ৰীৰ টুইট

দ্যা কাশ্মীৰ ফাইলচ'ক লৈ সৃষ্টি হোৱা বিতৰ্কৰ পাছতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ছবি খনৰ নিৰ্দেশক বিবেক অগ্নিহোত্ৰীয়ে। তেওঁ জম্মু-কাশ্মীৰৰ ঘটনাক লৈ ইজৰাইলৰ ছবি নিৰ্মাতা নাদৱ লাপিদক কটাক্ষ কৰি মন্তব্য কৰে।
''যদি কোনো হিন্দুক আক্ৰমণ কৰা হয় তেন্তে'' দ্যা কাশ্মীৰ ফাইলচৰ নিৰ্মাতা বিবেক অগ্নিহোত্ৰীৰ টুইট

ডিজিটেল ডেস্ক: 'দ্যা কাশ্মীৰ ফাইলচ'ক লৈ সৃষ্টি হোৱা বিতৰ্কৰ পাছতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ছবি খনৰ নিৰ্দেশক বিবেক অগ্নিহোত্ৰীয়ে। তেওঁ জম্মু-কাশ্মীৰৰ ঘটনাক লৈ ইজৰাইলৰ ছবি নিৰ্মাতা নাদৱ লাপিদক কটাক্ষ কৰি মন্তব্য কৰে। আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত ইজৰাইলৰ ছবি নিৰ্মাতা গৰাকীয়ে দ্যা কাশ্মীৰ ফাইলচক লৈ মন্তব্য কৰাৰ পাছতেই সৃষ্টি হৈছিল বিতৰ্কৰ।

টুইটৰ জৰিয়তে প্ৰতিক্ৰিয়া ব্যক্ত কৰি অগ্নিহোত্ৰীয়ে কৈছে যে ''যদি ইয়াৰ পাছত কাশ্মীৰত কোনো হিন্দুৰ ওপৰত আক্ৰমণ হয় তেন্তে আপুনি জানে ইয়াৰ বাবে জগৰীয়া কোন''।

অগ্নিহোত্ৰীয়ে এই টুইটটোৰ লগত অন্য এটা টুইট সংলগ্ন কৰি এই কথা লিখে। সংলগ্ন কৰা টুইটত ৪ খন ফটো আছে।সেই ফটো এখনত লাপিদ, দ্বিতীয় ফটোত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফ্টী, তৃতীয় আৰু চতুৰ্থ ফটোত কাশ্মীৰৰ হিন্দুৰ লিষ্ট আছে।

অগ্নিহোত্ৰীয়ে লিখিছে যে, ''কাৰণ আৰু প্ৰতিক্ৰিয়া।এসপ্তাহৰো কম সময়ৰ ভিতৰত, ইছলামবাদী সন্ত্ৰাসবাদীসকলক #IFFI2022 ভাৰত চৰকাৰৰ মঞ্চৰ পৰা মুকলিকৈ আদৰ্শগত সমৰ্থন দিয়াৰ পিছত, ৰেজিষ্টেন্স ফ্ৰণ্টে (এলইটিৰ এটা সন্মুখ) কাশ্মীৰী হিন্দুসকলৰ এখন তালিকা জাৰী কৰিছে যাক ইয়াৰ সন্ত্ৰাসবাদীয়ে লক্ষ্য কৰি লৈছে''।

উল্লেখ্য যে, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ছবি মহোৎসৱত দ্যা কাশ্মীৰ ফাইলচক লৈ বিবাদিত মন্তব্য কৰিছিল ইজৰাইলৰ লাপিদে। ইয়াৰ পাছতেই ইজৰাইলৰ ৰাজদূতে ভাৰতক ক্ষমা বিচাৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in