/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/4ffc2e90-3190-4827-b759-f5276e7ea2ce/keshab.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰ :- কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ পয়ালগা অৱস্থাৰ কথা সংবাদমাধ্যমত প্ৰকাশ পোৱাৰ পিছতেই সোমবাৰে সন্ধিয়া স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই চিকিৎসালয়খন চাডেন ভিজিট কৰে । কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত আজি সন্ধিয়া চাডেন ভিজিট কৰাত চিকিৎসালয় কৰ্তৃপক্ষৰ মাজত হুৱাদুৱা পৰিৱেশৰ সৃষ্টি হয় ।
উল্লেখ্য যে বিটিচি বিধান পৰিষদীয়ৰ সাত জনীয়া ষ্টেণ্ডিং কমিটিয়ে কিছুদিন পূৰ্বে কোকৰাঝাৰ আৰ এন বি চিকিৎসালয় পৰিদৰ্শন কৰি স্বাস্থ্যবিভাগৰ পয়ালগা অৱস্থা আঙুলিয়াই দিছিল। ইয়াৰ উপৰিও চিকিৎসালয়খনৰ দুৰৱস্থাৰ বাবে বিটিচিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে' জগৰীয়া বুলি মন্তব্য কৰাৰ পিছতেই মন্ত্ৰীৰ চাডেন ভিজিট যথেষ্ট তাপপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে ।
স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আৰএনবি চিকিৎসালয়ৰ অধীক্ষক তথা কোকৰাঝাৰ মেডিকেল কলেজৰ যুটীয়া সচিব ড° এ.এচ শৰ্মা , বিটিআৰৰ স্বাস্থ্য সঞ্চালক ড° উমেশ ফাংচ' , আৰএনবি চিকিৎসালয়ৰ প্ৰশাসক চিন্ময় দাস আৰু বিটিচিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ৰ সৈতে অধীক্ষকৰ কোঠাত এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় । উক্ত বৈঠকত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আৰএনবি চিকিৎসালয়ৰ কাৰিকৰী অসুবিধা সমূহ দুৰ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে । তদুপৰি মেডিকেল কলেজলৈ আৰএনবি চিকিৎসালয়ৰ কৰ্মচাৰীসকল স্থানান্তৰিত হোৱাৰ বিষয়টোৱে আলোচনাত স্থান লাভ কৰে ।
ইপিনে আজি সন্ধিয়া স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কোকৰাঝাৰ আৰ এন বি চিকিৎসালয় পৰিদৰ্শন কৰি সংবাদমাধ্যমৰ আগত চিকিৎসালয়খনৰ কিছু সমস্যা আছে বুলি অকপটে স্বীকাৰ কৰি সমস্যা সমাধানৰ বাবে নিৰ্দেশ দিয়া হৈছে বুলি মন্তব্য কৰে । আনহাতে কোকৰাঝাৰ মেডিকেল কলেজত যাতে অহা শিক্ষাবৰ্ষৰ পৰাই পাঠ্যক্ৰম আৰম্ভ কৰিব পাৰে তাৰ অনুমতি বিচাৰি মেডিকেল কাউঞ্চিল অব ইণ্ডিয়ালৈ আবেদন কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে । কোকৰাঝাৰ মেডিকেল কলেজত কোকৰাঝাৰ আৰএনবি চিকিৎসালয়খন সংলগ্ন হব আৰু তাৰবাবে খৰকতীয়া ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে বুলি মন্তব্য কৰে ।
তদুপৰি খালী হৈ থকা যুটীয়া স্বাস্থ্য সঞ্চালকৰ পদসমুহ কেবিনেটৰ সিদ্ধান্ত অনুসৰি খুব কম সময়ৰ ভিতৰতেই পুৰণ কৰা হ'ব আৰু অহা এমাহৰ ভিতৰত ৰাজ্যত ৫০০তকৈ অধিক নতুন চিকিৎসক নিযুক্তি দিয়া হ'ব বুলি মন্তব্য কৰিছে মন্ত্ৰী কেশৱ মহন্তই । প্ৰণিধানযোগ্য যে আজি মন্ত্ৰী কেশৱ মহন্তই পোণপ্ৰথমে নিৰ্মিয়মান কোকৰাঝাৰ মেডিকেল কলেজ পৰিদৰ্শন কৰি অগ্ৰগতিৰ বুজ লয় আৰু ইয়াৰ পিছতেই কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত চাডেন ভিজিট দিয়ে ।
আৰু পঢ়ক: ধান মৰনা মাৰি থকা অৱস্থাত মেচিনৰ চকাৰ তলত সোমাই প্ৰাণ গ'ল শিশুৰ...