গুৱাহাটীত শুভাৰম্ভ হ'ল ভিষ্টা এডুকেয়াৰৰ ভগ্নী সংস্থা ভিষ্টা ক্লাছছ...

আজি ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ড০ দিপাংকৰ দত্তৰ উপস্থিতিত অসমীয়া ছবি জগতৰ মোহময়ী অভিনেত্ৰী নিশিতা গোস্বামীয়ে এই প্ৰতিষ্ঠানখনৰ উদ্বোধন কৰে। 

New Update
WhatsApp Image 2025-07-20 at 6.00.23 PM

ডিজিটেল সংবাদ,গুৱাহাটীঃ  ৰাজ্যিক পৰ্যায়ৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষা যেনে অসামৰিক সেৱা, এছ এছ চি, বেংকিং, ৰেলৱে আদি পৰীক্ষা সমূহৰ ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ দিয়াৰ লক্ষ্যৰে আজি গুৱাহাটীৰ বেলতলাত ভিষ্টা এডুকেয়াৰৰ ভগ্নী সংস্থা ভিষ্টা ক্লাছছৰ শুভাৰম্ভ কৰা হয়।

লক্ষ্য়ণীয় যে, আজি ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ড০ দিপাংকৰ দত্তৰ উপস্থিতিত অসমীয়া ছবি জগতৰ মোহময়ী অভিনেত্ৰী নিশিতা গোস্বামীয়ে এই প্ৰতিষ্ঠানখনৰ উদ্বোধন কৰে। 

আজিৰ শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে ক্ৰমে ভিষ্টা এডুকেয়াৰৰ একাডেমিক হেড গৌতম দাস, ভিষ্টা এডুকেৰ আৰু ভিষ্টা ক্লাছৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক টিটন দাস আৰু ভিষ্টা ক্লাছৰ একাডেমিক এডভাইজাৰ দ্বীপায়ন দাসৰ লগতে কেবাগৰাকী বিশিষ্ট ব্যক্তি।

উল্লেখ কৰা প্ৰয়োজন, সমগ্ৰ উত্তৰ-পূবত কম্পিউটাৰ শিক্ষাৰ ক্ষেত্ৰত ৮ বছৰৰ সফল যাত্ৰাৰ অন্তত ভিষ্টা এডুকেৰে “We don’t teach, We make you learn” দৃষ্টিভংগীৰে নিজৰ নতুন উদ্যোগ ভিষ্টা ক্লাছছৰ শুভাৰম্ভ কৰিছে।

গুৱাহাটী বেলতলা