বিশাল-চুমিৰ ট্ৰেডিং কেলেংকাৰীৰ তদন্ত কৰি আছে চি আই ডিয়ে। শেহতীয়াকৈ তদন্তৰ আওঁতালৈ অনা হৈছে সাংবাদিক আৰু কেইবাগৰাকীও ইউটিউবাৰক। কিন্তু এইসকলক তলব কৰি নিয়ম মাফিক তদন্ত কৰিলেই আচঁল সত্য পোহৰলৈ আহিবনে? বহু বিয়াগোম তথা হাত দীঘল ব্যক্তি এই তদন্তৰ আওতালৈ নাহিব নেকি? মৃদুল কুমাৰ সন্দিকৈৰ এক বিশেষ প্ৰতিবেদন...
বিশাল, চুমি অনলাইন ট্ৰেডিং গোচৰত ২৮ছেপ্টেম্বৰ ২০২৪ত চি আই ডিয়ে সোধপোচ কৰিলে এজন সাংবাদিক আৰু ২জন ইউটিউবাৰক। ডিব্ৰুগড় সদৰ থানাত তিনিওকে চি আই ডি বিষয়াই সোধা-পোছা কৰে।
প্ৰথমে ডিব্ৰুগড় সদৰ থানাত গৈ উপস্থিত হৈছিলগৈ অবয়ৱ ভূঞা। ১০বজাত তেওঁক তলব কৰিছিল জেৰাৰ বাবে। ভূঞাক প্ৰায় ২০মিনিট সময় সোধপোচ কৰে তদন্তকাৰী বিষয়াই। চুমি বৰাক তেওঁ কেনেকৈ চিনি পায়, কিয় চুমি বৰাক পডকাষ্টলৈ মাতিব লগা হৈছিল, সেইদিনা কি কি কথা পাতিছিল, ট্ৰেডিং আৰু বিশালৰ সন্দৰ্ভত চুমিয়ে কিবা কৈছিল নেকি আদি কথাবোৰ অবয়ৱৰ পৰা জানিব খুজিছিল চি আই ডিয়ে।
এই জেৰাৰ বাবে যাওতে অবয়ৱ ভূঞাই পেন ড্ৰাইভত লৈ গৈছিল তেওঁ চুমি বৰাৰ সৈতে কৰা পডকাষ্টৰ দৃশ্যাংশ। সেই পডকাষ্টৰ ভিডিঅ তেওঁ চি আই ডিৰ হাতত তুলি দিয়ে। তদন্তকাৰী বিষয়াক অবয়ৱে জনাই যে, উদয়পুৰত ডেষ্টিনেশ্যন বিয়া পাতি চৰ্চাত থকা চুমিক তেওঁ পডকাষ্টৰ বাবে নিমন্ত্ৰণ কৰিছিল যদিও সেই পডকাষ্ট প্ৰমোশ্যনেল নাছিল।
প্ৰতিটো প্ৰশ্নৰ উত্তৰ সুপ্ৰতিভ আৰু স্পষ্টকৈ দিছিল অবয়ৱ ভূঞাই। তাৰ পাছতে তেওঁক তদন্তকাৰী বিষয়াই আহিবলৈ দিছিল ডিব্ৰুগড় সদৰ থানাৰ পৰা। দিনৰ ১বজাত জেৰাৰ বাবে তলব কৰা হৈছিল হিমাশ্ৰী শইকীয়া নামৰ ইউটিউবাৰগৰাকীক।
তেঁৱো তেওঁৰ ইউটিউব, ফেচবুকৰ বাবে চুমি বৰাৰ সাক্ষাত গ্ৰহণ কৰিছিল। তেওঁকো অবয়ৱক সোধা প্ৰশ্নখিনিয়ে সুধিছিল তদন্তকাৰী বিষয়াই। বৰ বেছি সময় হিমাশ্ৰীক প্ৰশ্ন কৰা নাছিল যদিও তেওঁৰ পৰা চুমিৰ সন্দৰ্ভত কিছু কথা জানিব বিচাৰিছিল চি আই ডিয়ে।
তদন্তকাৰী বিষয়াক হিমাশ্ৰীয়ে জনাইছিল যে, জনপ্ৰিয়তা থকাৰ বাবেই চুমি বৰাক তেওঁ সাক্ষাৎকাৰৰ বাবে যোগাযোগ কৰিছিল। অৱশ্যে বহুদিনৰ পাছতে সাক্ষাতকাৰৰ বাবে সময় দিছিল চুমি বৰাই। তদন্তকাৰী বিষয়াক হিমাশ্ৰীয়ে লগতে জনাই তেওঁ এই সাক্ষাতকাৰ ধনৰ বিনিময়ত নাছিল।
২৮ছেপ্টেম্বৰ, ২০২৪ৰ আবেলি ৪বজাত ডিব্ৰুগড় আৰক্ষীয়ে তলব কৰা অনুসৰি সদৰ থানাত হাজিৰ হৈছিলগৈ সাংবাদিক চক্ৰপাণি পৰাশৰ। চক্ৰপাণি পৰাশৰক আৰক্ষীয়ে সুধিছিল পাৰ্চেলিয়া নামৰ ফাৰ্মাচিটিকেল কোম্পানীটোৰ উদ্বোধনী অনুষ্ঠানৰ সন্দৰ্ভত কিছু প্ৰশ্ন।
উল্লেখযোগ্য যে, এই অনুষ্ঠানটোৰ উদ্বোধনৰ দিনা চক্ৰপাণি পৰাশৰে তেওঁৰ সামাজিক মাধ্যমত থকা চেনেলৰ বাবে এক অনুষ্ঠান প্ৰস্তুত কৰিছিল। চক্ৰপাণিয়ে কৰা এই অনুষ্ঠানটো প্ৰমোশ্যনেল আছিল নেকি সেই কথা জানিব বিচাৰিছিল চি আই ডিয়ে।
তেওঁ চি আই ডিক জনাই যে, এই অনুষ্ঠান প্ৰমোশ্যনেল আছিল আৰু এই অনুষ্ঠানৰ বাবে অহা যোৱাৰ বাবদ তেওঁক কিছু ধন বেংক একাউন্টযোগে লৈছিল। তাৰ পাছত চক্ৰপাণি পৰাশৰক চুমি বৰাৰ সন্দৰ্ভত আন কেইটামান প্ৰশ্ন কৰে চি আই ডিয়ে।
প্ৰথমে ক’ত চুমি বৰাক লগ পাইছিল, তেওঁৰ সৈতে কি ধৰণৰ যোগাযোগ আছিল আদি কথা জানিব বিচাৰে চি আই ডিয়ে। চুমি বৰাৰ সন্দৰ্ভত চক্ৰপাণিয়ে জনাই যে, শেহতীয়াকৈ 'অসমীয়া প্ৰতিদিন ডিজিটেল'ত বিশালৰ সন্দৰ্ভত প্ৰকাশিত খবৰৰ পাছতে তেওঁৰ সৈতে চুমিয়ে যোগাযোগ কৰিছিল। এই খবৰ প্ৰকাশ পোৱাৰ পাছত এক প্ৰকাৰৰ হুলস্থুল লাগিছিল তেওঁলোকৰ মাজত। এজন সাংবাদিকৰ নম্বৰ বিচাৰি চক্ৰপাণিলৈ ফোন কৰিছিল চুমিয়ে।
চক্ৰপাণিয়েও তেওঁৰ পাৰ্চেলিয়া সন্দৰ্ভত কৰা অনুষ্ঠানটোৰ ভিডিঅ’ পেন ড্ৰাইভত লৈ গৈছিল। লেপটপ লৈ বহি থকা দুই তদন্তকাৰী বিষয়াই সেই ভিডিঅৰ দৃশ্য চাইছিল আৰু এই অনুষ্ঠানলৈ কোন কোন চিকিতসক আহিছিল সেয়া লক্ষ্য কৰিছিল এই ভিডিঅ' চাই।সৌহাদ্যপূৰ্ণ পৰিৱেশতে এই সোধপোচ হৈছিল ডিব্ৰুগড় সদৰ থানাত।
চুমি বিশাল কাণ্ডৰ সন্দৰ্ভত চি আই ডিয়ে বিভিন্নজনক সোধা-পোছা কৰিছে। কিন্তু যিসকলক ইমানদিনে সোধা-পোছা কৰাতো অতি প্ৰয়োজন আছিল, তেওঁলোকৰ বহুতকে আৰক্ষীয়ে এতিয়ালৈকে সোধা-পোছৰ বাবে তলব নকৰাৰ অভিযোগ উঠিছে।
কাৰোবাক চি আই ডিয়ে তলব কৰাক লৈ আপত্তি নাথাকে। কিন্তু যিসকলে এগৰাকী পলাতক আচামীক নিজৰ ৰিৰ্জটত, সেইসকলক কিয় এটাও প্ৰশ্ন কৰা নাই চি আই ডিয়ে। যিসকলে ডিজিটেল মাধ্যমত চুমি-বিশালৰ ধন বিনিয়োগৰ অভিযোগ উঠিছে তেওঁলোকক সেই সন্দৰ্ভত সোধ-পোচ কৰিবলৈ কিয় প্ৰয়োজনবোধ কৰা নাই আৰক্ষীয়ে।
চুমি-বিশালৰ সৈতে নাম সাঙুৰ খোৱা গায়কক মাজনিশা দিছপুৰ থানালৈ মাতি সোধ-পোচ কৰা বুলি ইতিমধ্যে মানুহৰ মাজত চৰ্চা হৈছে। বহু চিকিৎসকক তেওঁলোকৰ সুবিধা অনুসৰি সংবাদমাধ্যমৰ আঁৰত ৰাখি জেৰা কৰিছে চি আই ডিয়ে।
কিয় এই পক্ষপাত? মানুহে বহু কথা লক্ষ্য কৰিছে বিশাল-চুমি কাণ্ড পোহৰলৈ অহাৰ পাছত। আত্মসৰ্মপণ কৰাৰ পাছত থানালৈ নিনি ডিব্ৰুগড়ৰ জিম খানাৰ বিলাসী কোঠালৈ কিয় নিয়া হৈছিল চুমি-তাৰ্কিকক। মুখ্যমন্ত্ৰীয়েতো সেই প্ৰশ্নৰ উত্তৰ বিচাৰিছিল, কিন্তু সেই উত্তৰ এতিয়াও দিয়া নাই কোনেও!
কি হ’ল মুখ্যমন্ত্ৰীয়ে তদন্ত হ’ব বুলি কৰা ঘোষণাৰ? গ্ৰেপ্তাৰৰ পাছত এটা নিৰ্দিষ্ট সংবাদ প্ৰতিষ্ঠানক সাক্ষাৎকাৰ গ্ৰহণৰ বাবে কাৰ নিৰ্দেশত আৰক্ষীয়ে সুবিধা কৰি দিছিল? এইবোৰ প্ৰশ্নৰতো এই গোচৰৰ তদন্তকালত চি আই ডিয়ে বিচৰাটো প্ৰয়োজন আছিল!
কেৱল আগতে সাক্ষাৎকাৰ লোৱা সাংবাদিক, ইউটিউবাৰক তলব কৰি নিয়মমাফিক জেৰা কৰিলেই এই তদন্ত প্ৰক্ৰিয়াই গতি লাভ কৰিছে বুলি ভৱাটো ভুল হ’ব। তেওঁলোকে সাক্ষাৎকাৰ লৈছিল এই কেলেংকাৰী পোহৰলৈ অহাৰ পূৰ্বেই আৰু আৰক্ষীয়ে তলব কৰাৰ লগে লগে ডিব্ৰুগড়ত হৈ উপস্থিত হৈ আৰক্ষীক সহযোগ কৰিলেগৈ।
ৰাজীৱ বৰাৰ সন্ধান এতিয়াও নাই। চুমি-তাৰ্কিকক সহায় কৰা বহু ক্ষমতাশালী লোকৰ গাত হাত দিয়া নাই চি আই ডিয়ে। সত্যৰ নামত এচামে মনেসজা খবৰ দি মানুহক বিপথে পৰিচালিত কৰিছে। এচামে প্ৰথম খবৰ দিয়াৰ নামত বহু খবৰ গাপ দিছে। এনেকৈয়ে চলি আছে দেশ, এয়াই সত্য...