/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-28/7an4ddst/dddd.jpg)
ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ শাৰদীয় দূৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন বাকী। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া মেঘালয়ৰ হেলিডেগঞ্জ ছিঙিমাৰীতো অসমীয়া মৃৎ শিল্পী সকল দূৰ্গা দেৱীৰ প্ৰতিমা নিৰ্মাণত ব্যস্ত হৈ পৰিছে। মানকাচৰৰ লগতে মেঘালয়তো অতি ধূম ধামেৰে দূৰ্গা পূজা উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। মেঘালয়ৰ লালমাটিত লাল কমল পাল নামৰ মৃৎ শিল্পী জনে বিগত প্ৰায় ৩৬ বছৰ ধৰি দূৰ্গা দেৱীৰ প্ৰতিমাৰ লগতে বিভিন্ন দেৱ-দেৱীৰ প্ৰতিমা নিৰ্মাণ কৰি আহিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-28/7m0rqkp3/83380dff-1193-4b73-b698-0309f71e1a9b.jpg)
বিগত দুটা বছৰে তেঁও সহযোগী হিচাপে পুত্ৰৰ সৈতে প্ৰতিমা নিৰ্মাণ কৰে। পূৰ্বে শিল্পী গৰাকীয়ে ৮-১০ টা পৰ্যন্ত দূৰ্গা দেৱীৰ প্ৰতিমা নিৰ্মাণ কৰিছিল যদিও এইবেলি শাৰীৰিক অৱস্থা ভাল নোহোৱাৰ বাবে তেঁও মাত্ৰ তিনিটা স্থানৰ বাবেহে দেৱীৰ প্ৰতিমা নিৰ্মাণ কৰি থকা পৰিলক্ষিত হৈছে। মেঘালয়ৰ লালমাটিৰ লাল কমল পালৰ দুটা মূৰ্তি অসমৰ মানকাচৰৰ কুকুৰমাৰা আৰু ফেকামাৰী মন্দিৰৰ বাবে নিৰ্মাণ কৰি থকা পৰিলক্ষিত হৈছে।
একেদৰে মেঘালয়ৰ লালমাটি মন্দিৰৰ বাবে শিল্পীজনে নিৰ্মাণ কৰিছে এটা প্ৰতিমা। বিগত ৫ দিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ বাবে প্ৰতিমা নিৰ্মাণত কিছু ব্যাঘাত জন্মিছে যদিও সময়মতে প্ৰতিমা সমূহ মণ্ডপত স্থাপন কৰাৰ বাবে দ্ৰুত গতিত লাল কমল পালে কাম চলাই থকা পৰিলক্ষিত হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-28/6tvqmizs/c94d1002-6dd1-4c81-b6f4-ed9eb5e4bfee.jpg)
লক্ষণীয় যে, মেঘালয়ৰ লালমাটিত থকা জিঞ্জিৰাম নদীত প্ৰতিবছৰে অসম আৰু মেঘালয়ৰ মুঠ ১৪ টা দূৰ্গাদেৱীৰ প্ৰতিমা বিসৰ্জন দিয়া হয়। এইবেলিও দেৱীৰ প্ৰতিমা বিসৰ্জনৰ বাবে ইতিমধ্যে আয়োজক সমিতিয়ে প্ৰস্তুতি আৰম্ভ কৰিছে। হাটশিঙিমাৰী জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ সহযোগত মেঘালয়ৰ হেলিডেগঞ্জ আৰক্ষীয়ে শান্তিপূৰ্ণ ভাৱে দূৰ্গোৎসৱ অনুষ্ঠিত কৰাৰ বাবে ব্যাপক ভাৱে নিৰপত্তা ব্যৱস্থা গঢ়ি তোলে।
হিন্দু-মুছলমানৰ মিলনভূমি হিচাপে জনাজাত লালমাটিত অসম-মেঘালয়ৰ হিন্দু-মুছলমান লোকে মিলিত হৈ দূৰ্গাপূজা উদযাপন কৰা পৰিলক্ষিত হয়। এইবেলিও উভয় ৰাজ্যৰ আৰক্ষী আৰু জিলা প্ৰশাসনে সকলো ধৰণৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ বাবে সাজু হৈ থকা পৰিলক্ষিত হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-28/amt4cebc/d23e0eba-9c40-4663-9e8d-9b63fcaf1851.jpg)