গুৱাহাটীত শচীনৰ ৰেকৰ্ড স্পৰ্শ বিৰাট কোহলিৰ...

গুৱাহাটীত শচীনৰ ৰেকৰ্ড স্পৰ্শ বিৰাট কোহলিৰ...

author-image
Asomiya Pratidin
New Update
গুৱাহাটীত শচীনৰ ৰেকৰ্ড স্পৰ্শ বিৰাট কোহলিৰ...

গুৱাহাটীত শচীনৰ ৰেকৰ্ড স্পৰ্শ বিৰাট কোহলিৰ...

ডিজিটেল ডেস্কঃ ১০ ডিচেম্বৰ। বাংলাদেশৰ বিৰুদ্ধে দীৰ্ঘ সময়ৰ মূৰত শতক অৰ্জন কৰি বিৰাট কোহলিয়ে এদিনীয়া ক্ৰিকেটত যে, তেওঁৰ যুগৰ অৱসান ঘটা নাই তাৰ প্ৰমাণ দাঙি ধৰিলে।

Advertisment

ইয়াৰ পিছত আজি অৰ্থাত ১০ জানুৱাৰীত সম্পূৰ্ণ এটা মাহৰ অন্তত কোহলিয়ে পুনৰ শ্ৰীলংকাৰ বিৰুদ্ধে শতকীয় ইংনিছ খেলি আগন্তুক বিশ্বকাপত যে তেওঁৰ বেটিং বিক্ৰম অব্যাহত থাকিব তাৰ আগতীয়া ইংগিত প্ৰদান কৰিলে।

অসম ক্ৰিকেট সন্থাৰ গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ভাৰত-শ্ৰীলংকাৰ প্ৰথমখন এদিনীয়াত আজি বিৰাট কোহলিয়ে ৭৩ সংখ্যক শতক অৰ্জন কৰিবলৈ সক্ষম হৈছে। বিৰাটে ৮৭ বলত ১১৩ ৰাণ সংগ্ৰ কৰিছে।

ইয়াৰ লগে লগে কোহলিয়ে শচীন তেণ্ডুলকাৰৰ এক অভিলেখ স্পৰ্শ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে, শচীন ,তেণ্ডুলকাৰে এদিনীয়া ক্ৰিকেটত ঘৰৰ মাটিত ২০ টা শতক অৰ্জন কৰিবলৈ সক্ষম হৈছিল। আজি বৰ্ষাপাৰৰ শতকটোৰে কোহলীয়েও ভাৰত ভূমিত অনুষ্ঠিত হোৱা এদিনীয়া খেলত ২০ সংখ্যক শতক স্পৰ্শ কৰিবলৈ সক্ষম হয়।

ঘৰৰ মাটিত সৰ্বাধিক শতক অৰ্জন কৰাৰ ক্ৰিকেটাৰৰ তালিকাত শচীন আছিল শীৰ্ষ স্থানত। কোহলিয়ে আজি তেওঁৰ কেৰিয়াৰৰ ৭৩ সংখ্যক শতক অৰ্জন কৰাৰ পিছতে শচীনৰ সেই ৰেকৰ্ড স্পৰ্শ কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে, এই সময়ত শচীন আৰু বিৰাট দুয়োৱে ঘৰৰ মাটিত ২০ টাকৈ শতক অৰ্জন কৰি সৰ্বাধিক শতক অৰ্জন কৰাৰ তালিকাত শীৰ্ষ স্থানত আছে। এই পৰ্যন্ত বিৰাটে ৱেষ্ট ইণ্ডিজ আৰু শ্ৰীলংকাৰ বিৰুদ্ধেই ৯ টাকৈ মুঠ ১৮ টা শতক অৰ্জন কৰিছে।

ক্লিক কৰি পঢ়কঃ কোনে শুনিব থলুৱা গাহৰি পালকৰ বিননি? বহিঃ ৰাজ্যৰ ব্যৱসায়ীয়ে গ্ৰাস কৰিছে অসমৰ বজাৰ...

গুৱাহাটী virat kohli team india বিৰাট কোহলি বৰ্ষাপাৰা indvssl