কোনে শুনিব থলুৱা গাহৰি পালকৰ বিননি? বহিঃ ৰাজ্যৰ ব্যৱসায়ীয়ে গ্ৰাস কৰিছে অসমৰ বজাৰ...

কোনে শুনিব থলুৱা গাহৰি পালকৰ বিননি? বহিঃ ৰাজ্যৰ ব্যৱসায়ীয়ে গ্ৰাস কৰিছে অসমৰ বজাৰ...
কোনে শুনিব থলুৱা গাহৰি পালকৰ বিননি? বহিঃ ৰাজ্যৰ ব্যৱসায়ীয়ে গ্ৰাস কৰিছে অসমৰ বজাৰ...

ডিজিটেল ডেস্কঃ চৰকাৰী চাকৰিৰ পিছত দৌৰি নাথাকি ৰাজ্যৰ কেইবা লক্ষ্যাধিক শিক্ষিত যুৱকে স্বাৱলম্বনৰ বাবে নিজেই পথ তৈয়াৰ কৰি লৈছে। 'পথাৰো আমাৰ বজাৰো আমাৰ' লক্ষ্যৰে অসমৰ এই শিক্ষিত যুৱকসকলে কৃষি কৰ্ম, পশুপালন, মীন পালন আদিকেই জীৱিকাৰ মাধ্যম হিচাপে নিৰ্ধাৰণ কৰি লক্ষ্যপ্ৰাপ্তিৰ উদ্দেশ্যে আগবাঢ়িছে।

ৰাজ্য চৰকাৰৰ পশুপালন বিভাগে এনে পশুপালকসকলৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে যদিও অৱশ্যে এই আঁচনিয়ে আজিও ৰাজ্যৰ অধিকাংশ পশুপালককে স্পৰ্শ কৰিব পৰা নাই। তাৰ ভিতৰত অন্যতম গাহৰি পালকসকল।

যাৰ বাবে বিপদত পৰিছে ৰাজ্যৰ লাখ লাখ গাহৰি পালক। উল্লেখ্য যে, উত্তৰ পূৰ্বাঞ্চলত গাহৰিৰ এখন বৃহৎ বজাৰ আছে। এই বজাৰখনক লক্ষ্য কৰি লৈছে বহিঃ ৰাজ্যৰ ব্যৱসায়ীয়ে। অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ জনগোষ্ঠীয় সমাজখনে পূৰ্বে পৰা পৰম্পৰাগত ভাৱে গাহৰি পালন কৰি আহিছিল যদিও সময় আগবঢ়াৰ লগে লগে সকলো শ্ৰেণীৰ লোকেই গাহৰি পালনৰ বাবে আগ্ৰহী হৈ উঠা পৰিলক্ষিত হৈছে।

বহু শিক্ষিত যুৱকে গাহৰি পালনৰ জৰিয়তে স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিছে। অৱশ্যে অসমত স্থানীয় ভাৱে উৎপাদিত গাহৰিয়ে অসমৰ গাহৰি বজাৰখনৰ চাহিদা পূৰণ কৰিব পাৰে যদিও উত্তৰ পূৰ্বাঞ্চলৰ বৃহৎ বজাৰখনৰ বাবে সেয়া পৰ্যাপ্ত নহয়।

আজিও উত্তৰ পূৰ্বাঞ্চলৰ বৃহৎ বজাৰখন সম্পূৰ্ণৰূপে দখল কৰিব পৰা নাই অসমৰ গাহৰি পালকসকলে। চাহিদা অনুসৰি আজিও উত্তৰ পূৰ্বাঞ্চলত উৎপাদন নহয় গাহৰি। যাৰ সুযোগ গ্ৰহণ কৰিছে বহিঃৰাজ্যৰ ব্যৱসায়ীয়ে।

আনহাতে বহিঃৰাজ্যৰ বেপাৰীৰ শক্তিশালী লবীয়ে অসমৰ গাহৰি পালকসকলক ভাতে মৰাৰ বাবে কৌশল ৰচনা কৰি আহিছে। যি কৌশলৰ অংশীদাৰ হৈ পৰিছে ৰাজ্যৰ পশুপালন বিভাগৰ একাংশ উচ্চপদস্থ বিষয়া আৰু মুনাফালোভী অসাধু ব্যৱসায়ী।

বহিঃৰাজ্যৰ পৰা আমদানি কৰা গাহৰিৰ বাবে এতিয়া ৰাজ্যৰ ক্ষুদ্ৰ গাহৰি পালকসকলে প্ৰাপ্যৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। কিয়নো উৎসৱৰ বতৰত এতিয়া বৃদ্ধি পাইছে মাছ, মাংস আদিৰ চাহিদা।

স্বাভাৱিতে এই সময়ত বৃদ্ধি পাইছে গাহৰিৰো চাহিদা। কিন্তু এই চাহিদা পূৰণ কৰিও লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে ৰাজ্যৰ গাহৰি পালক। ইয়াৰ অন্তৰালৰ কাৰণ উত্তৰ প্ৰদেশ, পঞ্জাৱ, হাৰিয়ানা আদি বহিঃ ৰাজ্যৰ গাহৰি।

কিয়নো এই ৰাজ্যবোৰৰ পৰা ট্ৰাকৰ উপৰিও ৰে'লৰ জৰিয়তেও আমদানি কৰা হৈছে গাহৰি। বহিঃৰাজ্যৰ পৰা এইদৰে গাহৰি আমদানি কৰাৰ ফলতেই স্থানীয় গাহৰি পালকে এতিয়া প্ৰাপ্য মূল্য পোৱাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে।

মন কৰিবলগীয়া যে, বিগত সময়ত ৰাজ্যৰ পশুপালন বিভাগে ছোৱাইন ফ্লুৰ সংক্ৰমণ ৰোধৰ বাবে ৰাজ্যৰ গৰিষ্ঠসংখ্যক জিলাতেই হাজাৰ হাজাৰ গাহৰি নিধন কৰিলে। ছোৱাইন ফ্লুৰ বাবেই গাহৰি বিক্ৰীটো বাধা আৰোপ কৰিছিল।

একেদৰে বহিঃৰাজ্যৰ পৰা গাহৰি আমদানি কৰাৰ ক্ষেত্ৰত আৰোপ কৰিছিল বাধা। অনুৰূপ ধৰণে অসমৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ নাগালেণ্ড, মেঘালয় আদি ৰাজ্যলৈ গাহৰি ৰপ্তানি কৰাৰ ক্ষেত্ৰতো আছিল নিষেধাজ্ঞা।

কিন্তু পৰিতাপৰ কথা, অসমৰ পশুপালকক গাহৰি ৰপ্তানি আৰু বিক্ৰীত বাধা প্ৰদান কৰা পশুপালন বিভাগৰ চকুৰ সন্মুখেদিয়েই বহিঃ ৰাজ্যৰ পৰা ট্ৰাকে ট্ৰাকে অসমলৈ আহিল উত্তৰ প্ৰদেশ, পঞ্জাৱ, হাৰিয়ানা আদিৰ গাহৰি। যিয়ে ছোৱাইন ফ্লুৱে কঁকাল ভাঙি থোৱা অসমৰ স্থানীয় গাহৰি পালকক প্ৰায় নিঃশেষ কৰাৰ পৰিকল্পনাৰ কথাকেই প্ৰমাণ কৰে।

যিহেতু অসমৰ গাহৰি পালকসকলে অসমত প্ৰয়োজনীয় গাহৰিৰ মাংসৰ চাহিদা পুৰণ কৰিব পাৰে, সেয়ে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই হস্তক্ষেপ কৰি যথোপযুক্ত ব্যৱস্থা তৎকালীনভাৱে গ্ৰহণ কৰাটো অসমৰ গাহৰি পালকসকলৰ বাবেই অতি প্ৰয়োজন।

উল্লেখ্য যে, অসমত বৰ্তমান প্ৰায় ৭.৫ লাখ গাহৰি পালক আছে। এই গাহৰি পালকসকলে প্ৰায় ২০ লাখ গাহৰি প্ৰতিপালন কৰি আছে। দেশৰ ভিতৰতে অসমত সৰ্বাধিক গাহৰি উৎপাদন হয়। পূৰ্বৰত তুলনাত বৰ্তমান দিনক দিনে গাহৰিৰ চাহিদা অধিক বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে।

এনে পৰিস্থিতিত অসমৰ এই গাহৰি পালকসকলৰ ভৱিষ্যত সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি, গাহৰিৰ বজাৰখন নিজৰ হাততে ৰাখিবলৈ, গাহৰি পালকসকলক উচিত প্ৰাপ্য লাভৰ বাবেই শীঘ্ৰে সঠিক পদক্ষেপ গ্ৰহণ কৰাটো বাঞ্চনীয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in