/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/be2c47b9-e9fb-4c44-9e36-cb49bdf0381f/FEED_kohli.jpg)
অপ্ৰতিৰোধ্য কিং কোহলি
ডিজিটেল ডেস্কঃ উভতি আহিছে বিৰাট কোহলি। বৰ্ণময় ক্ৰিকেট জীৱনত পোৱা তিক্ততা পাহৰি যেন হেৰুওৱা ছন্দ ঘূৰাই পাইছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলিয়ে।
হাজাৰ হাজাৰ ক্ৰিকেট অনুৰাগীৰ নয়ণৰ মণি সদৃশ কিং কোহলিও সন্মুখীন হৈছে সমালোচকৰ ক্ষুৰধাৰ সমালোচনা,তিক্ততা। কেৰিয়াৰলৈ নামি অহা বিপৰ্যয়ৰ বাবেই হেৰুৱাবলগীয়া হৈছে অধিনায়কৰ পদবীয়ো।
বিশ্বৰ শ্ৰেষ্ঠ বেটছমেনৰ শাৰীত থাকিলেও অধিনায়ক হৈ থকা সময়ত প্ৰায় শেষৰ ফালে পূৰ্বৰ ধাৰাবাহিকতা ৰক্ষা কৰিব নোৱৰা কোহলিয়ে ক্ৰিজত ৰাণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছিল। বেটিং বিপৰ্যয়ত ভোগা কোহলিৰ বেটৰ পৰা সুদীৰ্ঘ প্ৰায় দুটা বছৰত অহা নাছিল এটাও শতক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/fca3de0c-1f0d-4af5-933c-9fc5a842ad91/96131622.webp)
যাৰ বাবে বহুতেই ভাৰতীয় ক্ৰিকেটত 'বিৰাট যুগ'ৰ অৱসান হ'ল বুলিও মন্তব্য কৰিছিল। বহুতৰ মতেই শেষ হৈ গৈছিল বিৰাট। অৱশেষত এনে ধাৰণা ভ্ৰান্ত বুলি প্ৰমাণ কৰি সকলো সমালোচনাৰ উত্তৰ বেটেৰেই দিলে বিৰাট কোহলিয়ে।
মাত্ৰ ৪ খন মেচত ৩ টা শতক অৰ্জন কৰি কোহলিয়ে প্ৰমাণ কৰি দিলে শেষ হোৱা নাই 'বিৰাট যুগ'। যেন স্তিমিত সূৰ্য পুনৰ উদয় হ'ল। সদ্য বিদায়ী বৰ্ষত বাংলাদেশৰে হোৱা এদিনীয়াত বহু প্ৰত্যাশিত শতক অৰ্জন কৰি স্বাভাৱিক ছন্দলৈ উভতি অহাৰ ইংগিত দিছিল কিং কোহলিয়ে।
উল্লেখ্য যে, ২০১৯ চনৰ পৰা ২০২২ চনলৈকে শতকৰ মুখ দেখা নাছিল বিৰাট কোহলিয়ে। ২০২২ৰ ১০ ডিচেম্বৰত বাংলাদেশৰ বিপক্ষে ১১৩ৰাণৰ ইনিংছ খেলি দীৰ্ঘ বিৰতিৰ মূৰত অনুৰাগীৰ লগতে ভাৰতীয় ক্ৰিকেটলৈ আশাৰ সঞ্চাৰ কৰিছিল বিৰাটে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/b6265e5e-17f9-4389-a595-804bfef16c15/95062568.jpg)
অৱশ্যে ইয়াৰ পূৰ্বে তেওঁ উক্ত বছৰৰ ৮ ছেপ্তেম্বৰত টি-২০ সংস্কৰণত আফগানিস্তানৰে হোৱা এখন মেচত শতক অৰ্জন কৰে। এয়া আছিল ক্ৰিকেটৰ চমু ফৰ্মেটত কিং কোহলিৰ প্ৰথমটো শতক।
বিশ্ব ক্ৰিকেটলৈ নিজস্ব শৈলীৰ বাৰ্তা প্ৰেৰণ কৰি ২০২৩ ৰ আৰম্ভণিতে কিং কোহলিয়ে অৰ্জন কৰিলে কেৰিয়াৰৰ ৪৫ সংখ্যক শতকটো। ২০২২ ৰ শেষত বাংলাদেশৰ মাটিত খেলা এদিনীয়া শৃংখলাৰ পিছত ২০২৩ ৰ আৰম্ভিতে শ্ৰীলংকাৰ বিৰুদ্ধে খেলা এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচতেই বিৰাটে সংগ্ৰহ কৰিলে ৪৫ সংখ্যক শতকটো।
গুৱাহাটীত অনুষ্ঠিত হোৱা এই মেচখনত বিৰাটৰ বেটৰ পৰা আহিছিল ১১৩ ৰাণ। শৃংখলাৰ তৃতীয়খন মেচত বিৰাটৰ ৰুদ্ৰ ৰূপ আছিল আৰু ভয়ংকৰ। সিংহল বাহিনীৰ প্ৰতিজন বলাৰকে অতি নিৰ্দয় ভাৱে প্ৰহাৰ কৰি কোহলিয়ে সংগ্ৰহ কৰিলে অপৰাজিত ১৬৬ ৰাণ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/58f9f0dd-8bae-40b9-8b91-d670432465b9/Virat_Kohli_T20WC2021_scorimg.jpg)
কোহলিৰ এই অদমনীয় প্ৰদৰ্শনৰ বাবেই ভাৰতে মেচখনত সংগ্ৰহ কৰিলে মুঠ ৩৯০ ৰাণ। যাৰ প্ৰত্যুত্তৰত মাত্ৰ ৭৩ ৰাণতে সন্তুষ্ট থাকিল শ্ৰীলংকা। সৃষ্টি হ'ল নইতিহাস। বছৰৰ আৰম্ভণিতে এইদৰে ৰুদ্ৰ ৰূপ ধাৰণ কৰা বিৰাটক বিশ্ব ক্ৰিকেটৰ ৰথী, মহাৰথীয়ে এতিয়া কিংবদন্তি আখ্যা দিবলৈ বাধ্য হৈছে। এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ৪৯ টা শতকেৰে ৰেকৰ্ড গঢ়া শচীন তেণ্ডুলকাৰক যে শীঘ্ৰেই বিৰাটে স্পৰ্শ কৰাই নহয়, তেওঁৰ ৰেকৰ্ড ভংগ কৰিব সেয়া প্ৰায় নিশ্চিত।
উল্লেখ্য যে চলিত বৰ্ষৰ শেষৰ ফালে ভাৰতৰ মাটিত অনুষ্ঠিত হ'ব এদিনীয়া ক্ৰিকেট বিশ্বকাপ। বিশ্বকাপৰ পূৰ্বে বিৰাটৰ এই ৰুদ্ৰ ৰূপে সকলোৰে যে টোপনি হৰিব সেই কথা নিশ্চিত। ভাৰতীয় ক্ৰিকেটৰ বাবে এয়া নিশ্চয়কৈ শুভ সংবাদ।
আৰু পঢ়কঃ মহিলাৰ অনুৰ্ধ্ব ১৯ টি-২০ বিশ্বকাপঃ ভাৰতৰ হাতত পৰাস্ত UAE...