মহিলাৰ অনুৰ্ধ্ব ১৯ টি-২০ বিশ্বকাপঃ ভাৰতৰ হাতত পৰাস্ত UAE...

মহিলাৰ অনুৰ্ধ্ব ১৯ টি-২০ বিশ্বকাপঃ ভাৰতৰ হাতত পৰাস্ত UAE...

author-image
Asomiya Pratidin
New Update
মহিলাৰ অনুৰ্ধ্ব ১৯ টি-২০ বিশ্বকাপঃ ভাৰতৰ হাতত পৰাস্ত UAE...

মহিলাৰ অনুৰ্ধ্ব ১৯ টি-২০ বিশ্বকাপঃ ভাৰতৰ হাতত পৰাস্ত UAE...

ডিজিটেল ডেস্কঃ মহিলাৰ অনুৰ্ধ্ব ১৯ টি-২০ বিশ্বকাপৰ গ্ৰুপ ডিৰ এখন মেচত আদি ভাৰতীয় দলটোৱে ইউ এ ইক ১২২ ৰাণৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হৈছে। মেচখনত প্ৰথমে বেটিং কৰি ভাৰতীয় দলটোৱে ২০ অভাৰত তিনি উইকেট হেৰুৱাই ২১৯ ৰাণ সংগ্ৰহ কৰে।

Advertisment

ভাৰতৰ এই বৃহৎ ৰাণৰ আঁৰত আছিল অধিনায়ক শ্বেফালি বাৰ্মা আৰু শ্বেতা চেহৰাৱতৰ অৰ্ধশতকীয় ইনিংছ। শ্বেফালিয়ে ৭৮ ৰাণৰ এক ইনিংছ উপহাৰ দিয়াৰ বিপৰীতে শ্বেতা চেহৰাৱতে ৭৪ ৰাণ ইনিংছে খেলিবলৈ সক্ষম হয়।

আনহাতে ৰিচা ঘোষৰ বেটৰ পৰা আহে ৪৯ ৰাণ। নিৰ্ধাৰত ২২০ ৰাণৰ লক্ষ্য আগত লৈ খেল পথাৰত নমা ইউ এ ইৰ দলটোৱে মাত্ৰ ৯৭ ৰাণহে কৰিবলৈ সক্ষম হয়।

দুৰ্বল আৰম্ভণিৰে ভাৰতৰ বিৰুদ্ধে অসহায় হৈ পৰা দলটোৱে মাত্ৰ ৪০ ৰাণতে প্ৰথম ৩ টা ইউকেট হেৰুৱায়। দলটোৰ হৈ মিহিকা গৌৰে সৰ্বাধিক ২৬ ৰাণ কৰে।

ক্লিক কৰি পঢ়কঃ হিমালয়ৰ ৰহস্যৰ সন্ধানত

INDVSUAE UNDER 19 T-20 WORLDCUP