এইবাৰ ডিভৰ্চৰ ফটোশ্বুট: পিছে প্ৰকৃততে কি ইয়াৰ আঁৰৰ কাহিনী...

সামাজিক মাধ্যমত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এক বিশেষ ফটোশ্বুটোক লৈ, কি এই ফটোশ্বুট...
এইবাৰ ডিভৰ্চৰ ফটোশ্বুট: পিছে প্ৰকৃততে কি ইয়াৰ আঁৰৰ কাহিনী...

ডিজিটেল ডেস্ক : ফটোয়ে কথা কয়। ফটোয়ে স্মৃতি ধৰি ৰাখে। ফটোয়ে ইতিহাসৰ কথা কয়। সেয়েহে হয়তো সাম্প্ৰতিক সময়ত ফটোশ্বুট এক প্ৰকাৰৰ নৃত্য নৈমিতিক ঘটনা হৈ পৰিছে। সাধাৰণ ভাবে ফটো তোলাৰ উপৰিও বৰ্তমান প্ৰতিটো উদযাপনৰ সময়ত ফটো তোলা বা ফটোশ্বুট কৰা যেন এক পৰম্পৰা। বিয়াৰ পৰা আৰম্ভ কৰি অন্নপ্ৰাসন্ন, জন্মদিন, গৃহপ্ৰৱেশ আদি সকলোতে দেখা যায় বিশেষ ফটোশ্বুট। নিজৰ সময় বা স্মৃতি ধৰি ৰাখিবলৈকে আমি সকলোয়ে এনে ফটোশ্বুটৰ অংশীদাৰ হওঁ।

যাৰ বাবে বৰ্তমান ফটোশ্বুট প্ৰতিযোগীতালৈ পৰিণত হৈছে। আনতকৈ কিমান ভাল ফটোশ্বুট কৰিব পাৰি সেইয়া মাত্ৰ ফটোগ্ৰাফাৰৰে নহয়, ফটোশ্বুটত অংশীদাৰ হোৱা গৰাকীও যেন নামি পৰে অঘোষিত প্ৰতিযোগীতাত। তদুপৰি তাৰকাই কৰা বিষয়ভিত্তিক ফটোশ্বুটেও বহু সময়ত স্থান পাই বাতৰিৰ শিৰোনাম অথবা বিৰ্ককৰ। পিছে সাধাৰণতে ফটোশ্বুট যেন মাত্ৰ ভাল সময় উদযাপনৰ বাবেহে। ফটোশ্ব'ট কৰাৰ কথা আহিলেই আমি নিজৰ ভাল মূহুৰ্তবোৰক আৱদ্ধ কৰাৰ কথাহে ভাবো। এই দৃষ্টিভংগীক চেৰ পেলাই এইবাৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এক বিশেষ ফটোশ্বুটয়ে।

ফটোশ্বুটোত নাই কোনো মডেল বা নামি-দামী তাৰকা। ফটোশ্বুটো আছিল এগৰাকী সাধাৰণ মহিলাৰ। যি নিজৰ জীৱনৰ কঠোৰ সিদ্ধান্ত গ্ৰহণক ধৰি ৰাখিল ফটোশ্বুটোৰ মাধ্যমেৰে। ফটোশ্বুট কৰি ফটোবোৰ শ্বেয়াৰ কৰিছে শালিনী নামৰ এগৰাকী মহিলাই। মহিলা গৰাকী তামিলনাডুৰ সৰু পৰ্দাৰ অভিনেত্ৰী। মহিলা গৰাকীয়ে নিজ স্বামীৰ পৰা বিবাহ বিচ্ছেদ কৰাৰ বাবে কৰে এই ফটোশ্বুট। য'ত তেওঁ লিখে "যিসকলে কণ্ঠহীন অনুভৱ কৰে তেওঁলোকলৈ এগৰাকী বিবাহ বিচ্ছেদহোৱা মহিলাৰ বাৰ্তা।" তদুপৰি শিৰোনামত তেওঁ লিখিছে "বেয়া লগা বিবাহ বিচ্ছেদ কৰাতো ভাল, কাৰণ আপুনি সুখী হোৱাৰ যোগ্য আৰু আপোনাৰ জীৱনৰ নিয়ন্ত্ৰণ নিজেই কৰক; আপোনাৰ সন্তানৰ বাবে এক উন্নত ভৱিষ্যত সৃষ্টি কৰিবলৈ প্ৰয়োজনীয় পৰিৱৰ্তন বোৰ নিজে কৰক।"

এই ফটোশ্বুটৰ ফটো সামাজিক মাধ্যমত বিয়পি পৰাৰ লগে লগে দেখিবলৈ পোৱা গৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ। বহুতে সকলো সময়তে ফটোশ্বুটো কৰাৰ কাৰ্যক বিৰূপ প্ৰতিক্ৰিয়া কৰিছে যদিও আন কিছুয়ে মহিলা গৰাকীৰ জীৱনৰ সবল সিদ্ধান্তক প্ৰশংসা কৰিছে। উল্লেখ্য যে, মহিলা গৰাকী পত্নী হোৱাৰ উপৰিও এগৰাকী মাতৃ। যি নিজৰ সন্তানক স্বামীৰ অবিহনে লালন-পালন কৰিবলৈ সাজু হৈছে।

এইবাৰ ডিভৰ্চৰ ফটোশ্বুট: পিছে প্ৰকৃততে কি ইয়াৰ আঁৰৰ কাহিনী...
কেদাৰনাথ ধামলৈ যোৱাৰ পৰিকল্পনা আছে নেকি ? যোৱাৰ আগত সাৱধান হওঁক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in