ডিজিটেল সংবাদ,চিলাপথাৰঃ এখন বাছৰ চালক আৰু যাত্ৰীক সম্বৰ্ধনা জনালে চিলাপথাৰৰ অন্তৰ্গত এখন গাঁৱৰ ৰাইজে। কেক কাটি আদৰণী জনোৱাৰ লগতে পিন্ধালে ভমকাফুলীয়া গামোচা। ধেমাজি জিলাৰ চিলাপথাৰ অঞ্চলৰ দুৰ্গম নৈপৰীয়া মেচাকি টঙানিত এসময়ত নাছিল কোনো ব্যৱহাৰৰ উপযোগী বাট-পথ।
বানেগৰকা চিচিটঙানী অঞ্চলৰ ৰাইজে টুলুঙা নাওঁ আৰু কলৰ ভূঁৰত চিলাপথাৰ, ধেমাজি আদিলৈ যাতায়ত কৰিবলগীয়া হৈছিল। শেহতীয়াকৈ ৫২ নং (খ ) কুলাজান-বগীবিল দলং পথৰ পৰা মেচাকী টঙানী হৈ মাজুলী লৈকে সম্পূৰ্ণ হৈ উঠিল পকী পথ। ফলত পথটোৰে শুভাৰম্ভ হ'ল যাত্ৰীবাহী বাছৰ চলাচল।
স্বাধীনতাৰ ৭৬ বছৰৰ পিছত পোন প্ৰথমবাৰৰ বাবে মঙলবাৰৰ পৰা অতিকৈ পিছপৰা মেচাকি টঙানি গাঁৱৰ মাজেদি মাজুলীৰ পৰা ডিব্ৰুগড় আৰু তিনিচুকীয়ালৈ আৰম্ভ হ'ল বাছৰ চলাচল।