কাইলৈ কোৱাৰ্টাৰ ফাইনেলত অসম-জম্মু আৰু কাশ্মীৰৰ মহাৰণ...

ইতিমধ্যে গ্ৰুপ পৰ্যায়ৰ মেচ সমূহৰ অন্ত পৰিছে। শক্তিশালী মুম্বাই,ঝাৰখণ্ডৰ দৰে পৰাজিত দল সমূহে পৰ্যায়ক্ৰমে প্ৰতিযোগিতাৰ পৰা বিদায় মাগিছে

author-image
Asomiya Pratidin
New Update
কাইলৈ কোৱাৰ্টাৰ ফাইনেলত অসম-জম্মু আৰু কাশ্মীৰৰ মহাৰণ...

অসম-জম্মু আৰু কাশ্মীৰৰ মহাৰণ

ডিজিটেল ডেস্কঃ সম্প্ৰতি বি চি চি আইৰ তত্বাৱধানত চলি আছে ঘৰুৱা ক্ৰিকেট প্ৰতিযোগিতা বিজয় হাজাৰে এদিনীয়া ক্ৰিকেট প্ৰতিযোগিতা। দেশৰ বিভিন্ন ৰাজ্যৰ মাজত ভিন্ন চহৰত অনুষ্ঠিত হৈছে এই প্ৰতিযযোগিতা। অংশ লৈছে ভাৰতীয় জাতীয় দলক প্ৰতিনিধিত্ব কৰা একাংশ খেলুৱৈয়ে।

Advertisment

ইতিমধ্যে গ্ৰুপ পৰ্যায়ৰ মেচ সমূহৰ অন্ত পৰিছে। শক্তিশালী মুম্বাই,ঝাৰখণ্ডৰ দৰে পৰাজিত দল সমূহে পৰ্যায়ক্ৰমে প্ৰতিযোগিতাৰ পৰা বিদায় মাগিছে। বিজয় হাজাৰে ট্ৰফীৰ খেল আহি আহি উপনীত হৈছে কোৱাৰ্টাৰ ফাইনেলত।

উল্লেখ্য যে, ৪ খনকৈ কোৱাৰ্টাৰ ফাইনেলৰ মেচ অনুষ্ঠিত হ'ব। সেই অনুসৰি ৮ টাকৈ দলে কোৱাৰ্টাৰৰ মেচ খেলাৰ সুযোগ লাভ কৰিব। যিটো দলে কোৱাৰ্টাৰ ফাইনেলত জয়ী হ'ব সিটো দলে ছেমি ফাইনেলত প্ৰবেশ কৰিব। কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ কৰা দল সমূহ হৈছে- পঞ্জাৱ,কৰ্ণাটক,মহাৰষ্ট্ৰ,উত্তৰ প্ৰদেশ,অসম,জম্মু -কাশ্মীৰ,তামিলনাডু আৰু সৌৰাষ্ট্ৰ।

সোমবাৰে অনুষ্ঠিত হ'বলগীয়া কোৱাৰ্টাৰ ফাইনেলৰ এখন গুৰুত্বপূৰ্ণ মেচত অসমে জম্মু-কাশ্মীৰৰ বিপক্ষে অংশগ্ৰহন কৰিব। শেহতীয়া প্ৰদৰ্শনৰ ভিত্তিত অসম দলটো সুন্দৰ ফৰ্মত। কিয়নো ৰিয়ান পৰাগ,ৰাহুল হাজৰিকা,মুখতাৰকে ধৰি দলৰ প্ৰায়বোৰ খেলুৱৈ সুন্দৰ ফৰ্মত। অৱশ্যে প্ৰতিপক্ষ কাশ্মীৰক সহজভাৱে নলয় কুনাল শইকীয়া নেতৃত্বাধীন অসমে।

আৰু পঢ়কঃ ড০ হীৰেণ গোহাঁইলৈ অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীৰ প্ৰজ্ঞা-সাধক উপাধি...

assam cricket bcci