ড০ হীৰেণ গোহাঁইলৈ অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীৰ প্ৰজ্ঞা-সাধক উপাধি...

ড০ হীৰেণ গোহাঁইলৈ অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীৰ প্ৰজ্ঞা-সাধক উপাধি...

অনুষ্ঠানত উপস্থিত থাকে সুনীলপৱন বৰুৱা,মীৰা বৰঠাকুৰ,নিত্য বৰা,পৰমানন্দ মজুমদাৰ আদিকে ধৰি বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকল...

ডিজিটেল ডেস্কঃ অসমৰ বিশিষ্ট শিক্ষাবিদ, বুদ্ধিজীৱি তথা চিন্তাবিদ ড০ হীৰেণ গোহাঁইলৈ আগবঢ়োৱা হৈছে প্ৰজ্ঞা-সাধক উপাধি। যোৰহাট জিলাৰ টিয়কৰ অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত তথা গুৱাহাটীবাসী টিয়কীয়াৰ সহযোগত ড০ হীৰেণ গোহাঁইলৈ প্ৰজ্ঞা-সাধক উপাধি প্ৰদান কৰা হয়।

দেওবাৰে অসম ৰাজ্যিক সংগ্ৰাহালয়ৰ কনকলাল বৰুৱা সভাকক্ষত অনুষ্ঠিত এক সভাত ৰাজ্যৰ বহু কেইগৰাকী বিশিষ্ট নাগৰিক,সাংবাদিক,সাহিত্যিক,শিক্ষাবিদ আদিৰ উপস্থিতিত ড০ হীৰেণ গোহাঁইলৈ আগবঢ়োৱা হয় এই সন্মান। লগতে অনুষ্ঠানত 'সাম্প্ৰতিক অসমত বুদ্ধিজীৱিসকলৰ ভূমিকা কেনে হোৱা উচিত' শীৰ্ষক এক চমু আলোচনাও অনুষ্ঠিত হয়।

উক্ত আলোচনাত নিৰ্দিষ্ট বক্তা হিচাপে অংশ লয় লেখক,চিন্তাবিদ ময়ুৰ বৰা আৰু গৌহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অখিল ৰঞ্জন দত্তই। তাৰোপৰি অনুষ্ঠানটিত বুদ্ধিজীৱিগৰাকীৰ জীৱন আৰু কৃতি সম্বলিত 'ড০ হীৰেণ গোহাঁই অভিন্দন গ্ৰন্থ'ও উন্মোচন কৰে প্ৰাক্তন বিধায়ক হেমেন দাসে।

উল্লেখ্য যে, অনুষ্ঠানটিৰ আৰম্ভণিৰ প্ৰাক্ মূহুৰ্তত ড০ গোহাঁইক তেখেতৰ বাসগৃহৰ পৰা অনুষ্ঠানলৈ আদৰি আনে উদ্যোগক্তাসকলে। তাৰপাছতেই সাংস্কৃতিক গোষ্ঠীটিৰ তৰফৰ পৰা বুদ্ধিজীৱিগৰাকীক গামোচা,চেলেং,জাপি আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ইয়াৰোপৰিও টিয়কৰ বহু অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ৯ টা বিশিষ্ট পৰিয়ালে বুদ্ধিজীৱিগৰাকীক আজিৰ এই অনুষ্ঠানটিত সম্বৰ্ধনা জ্ঞাপন কৰে।

এই সন্দৰ্ভত বুদ্ধিজীৱি গৰাকীয়ে প্ৰথমেই টিয়কবাসীক ধন্যবাদ জ্ঞাপন কৰি এনে এক সন্মান নতশিৰে গ্ৰহণ কৰা বুলি মন্তব্য আগবঢ়ায়। ড০ মন্টু বৰাই আঁত ধৰা অনুষ্ঠানটিত ড০ গোহাঁইৰ পত্নী ৰাণী গোহাঁইয়েও অনুভৱ ব্যক্ত কৰাৰ লগতে অনিৰ্বাণ গোষ্ঠীৰ কৰ্মকৰ্তাক কৃতজ্ঞতা জ্ঞাপন কৰে।

উল্লেখ্য যে, আয়োজক সমিতিয়ে জানোৱা অনুসৰি অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীয়ে ৪০টা বছৰ সম্পূৰ্ণ কৰাৰ শুভক্ষণত পদ্মৰাগ জয়ন্তী পালন কৰে। সেই অনুসৰি গোষ্ঠীটিয়ে হাতত লোৱা ৪০ টা কাৰ্যসূচীৰ অন্যতম হৈছে ড০ হীৰেণ গোহাঁলৈ প্ৰজ্ঞা-সাধক উপাধি জ্ঞাপন আৰু অভিন্দন গ্ৰন্থ উন্মোচন কাৰ্যসূচী।

অনুষ্ঠানত উপস্থিত থাকে সুনীলপৱন বৰুৱা,মীৰা বৰঠাকুৰ,নিত্য বৰা,পৰমানন্দ মজুমদাৰ আদিকে ধৰি বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in