মৰিগাঁৱত সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মাক বিপুল আদৰণি

মৰিগাঁৱত সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মাক বিপুল আদৰণি
মৰিগাঁৱত সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মাক বিপুল আদৰণি

ডিজিটেল সংবাদ বেবেজীয়াঃ মৰিগাঁৱৰ সুসন্তান উৎপল শৰ্মাই সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত আজি গৃহভূমি মৰিগাঁও জিলাত উৎপল শৰ্মাক ৰাজহুৱা ভাৱে সম্বৰ্ধনা জনোৱা হয়। সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থা, অসম সেনা মৰিগাঁও জিলা সমিতি আৰু মৰিগাঁও জিলা উন্নতি সভাৰ উদ্যোগত মৰিগাঁও জিলাৰ ঐতিহাসিক গান্ধী ভৱন প্ৰাংগণত আয়োজন কৰা হয় এই ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠান।

এই অনুষ্ঠানত আছুৰ কেন্দ্ৰীয় ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মাক সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থা, মৰিগাঁও সদৰ ছাত্ৰ সন্থাই শৰাই, জাপি, সম্বৰ্ধনা পত্ৰ, চেলেং, গামোচাৰে বিশেষ ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰাৰ উপৰিও মৰিগাঁও জিলা উন্নতি সভা, অসম সেনা মৰিগাঁও জিলা সমিতিৰ লগতে মৰিগাঁও জিলা সাহিত্য সভা, মৰিগাঁও জিলা কৰ্মচাৰী পৰিষদ, শ্ৰীমন্ত শংকৰদেৱ সংঘ, মৰিগাঁও জিলা সাংবাদিক সংস্থাকে ধৰি জিলা চেম্বাৰ্চ অৱ কমাৰ্চ, জাতীয় শ্বহীদ পৰিয়াল সমন্বয় ৰক্ষী সমিতি, মৰিগাঁও গান্ধী ভৱন পৰিচালনা সমিতি, মৰিগাঁও বিহুতলি উন্নয়ন সমিতি,মানৱ অধিকাৰ সংগ্ৰাম সমিতি, প্ৰাক্তন আছু গোটৰ লগতে সমলয় নাট্য গোষ্ঠী, সন্মিলিত নাট্য গোষ্ঠী,জ্ঞানমঞ্জুৰী আলোচনা চক্ৰ,লেখিকা সংস্থা,সদৌ অসম ভূপেন্দ্ৰ প্ৰতিযোগিতা সমিতি, বাৰোৱাৰী ৰাস মন্দিৰ সমিতিকে এশতকৈও অধিক সংগঠনে বিশেষ ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে।

ইয়াৰ পূৰ্বে জাগীৰোডত আছুৰ কেন্দ্ৰীয় ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মাক মৰিগাঁও জিলা জাগীৰোড আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে ১১টাকৈ অনুষ্ঠান প্ৰতিষ্ঠানে বিশেষ ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে মৰিগাঁওস্থিত সদৌ তিৱা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত আছুৰ কেন্দ্ৰীয় ভাৰপ্ৰাপ্ত সভাপতি গৰাকীক উষ্ম আদৰণি জনোৱা হয়।

ইফালে,আছুৰ উদ্যোগত অনুষ্ঠিত হোৱা আজি মৰিগাঁৱত ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানত সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপুল কুমাৰ নাথ, সম্পাদক ৰূপজ্যোতি মেধিয়ে আঁতধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত আছুৰ কেন্দ্ৰীয় ভাৰপ্ৰাপ্ত সভাপতি গৰাকীয়ে গুৱাহাটীৰ পৰা আহি মৰিগাঁও জিলাবাসীৰ শুভেচ্ছা আৰু সম্বৰ্ধনা গ্ৰহণ কৰি আৱেগিক হৈ পৰাৰ লগতে তেওঁ ভাষণত কয় যে- সদৌ অসম ছাত্ৰ সন্থাৰ কোনো হাইকামাণ্ড নাই, জিলাখনৰ অভাৱ অভিযোগসমূহ ৰাইজৰ অভিভাৱকত্বত আছুৱে সদায় উত্থাপন কৰি যাব।

অতি পিচপৰা মৰিগাঁও জিলাখন সাংস্কৃতিক ভাৱে চহকী হ'লেও সমস্যা বহুল মৰিগাঁও জিলাখনৰ আৰ্থ সামাজিক আৰু শৈক্ষিক ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাই সজোৰে মাত মাতি যাব বুলি তেওঁ ভাষণত দৃঢ় ভাৱে উল্লেখ কৰে। অতি উদাত্ত আৰু বলিষ্ঠ ভাৱে আগবঢ়োৱা ভাষণত ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মাই মৰিগাঁও জিলাখনৰ সংগ্ৰামী আন্দোলনৰ বিৱৰণো তেওঁৰ ভাষণত উল্লেখ কৰি জাতীয়তাবাদী চিন্তা চেতনাৰে জিলাখন সকলোৱে আগবঢ়াই নিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

ইফালে আজি ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানত মৰিগাঁও সদৰ ছাত্ৰ সন্থাৰ সভাপতি ঘনেন্দ্ৰ বৰা, সম্পাদক প্ৰণৱজ্যোতি বৰ্মন, অসম উন্নতি সভাৰ সম্পাদক অতনু কুমাৰ শৰ্মা, অসম সেনা মৰিগাঁও জিলাৰ আহ্বায়ক হিমাংশু মহন্ত, শিক্ষাবিদ পোনাৰাম নাথকে ধৰি জিলাখনৰ এশটাকৈও অধিক দল সংগঠনৰ বিষয়ববীয়া তথা সদস্য সকলৰ লগতে আছুৰ বিষয়ববীয়া, সদস্য আৰু জিলা খনৰ বিশিষ্ট ব্যক্তি সকলেও অংশ গ্ৰহণ কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in