/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/f23b7863-b179-45b9-a712-52515eeb6fda/boko_19.jpg)
বকোত বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট জব্দঃ এজনক আটক...
ডিজিটেল সংবাদ ছমৰীয়া: কামৰূপৰ বকো আৰক্ষীৰ বৃহৎ সাফল্য। বকো আৰক্ষী থানাৰ সমীপৰ ডাকুৱাপাৰাত বৃহৎ পৰিমানৰ অবৈধ বিদেশী চিগাৰেট জব্দ। টাটা জেনন গাড়ীসহ প্ৰায় ৫ লক্ষাধিক টকাৰ বিদেশী(বাৰ্মিজ) চিগাৰেট জব্দ৷
আৰক্ষীয়ে আটক কৰিছে এজন সৰবৰাহকাৰীক। আটক কৰা লোকজন ধুপধৰাৰ হিমাশু বোস বুলি জানিব পৰা গৈছে। বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ফনীন্দ্ৰ নাথৰ গোপন খবৰৰ ভিত্তিত উপ-পৰিদৰ্শক অপূৰ্ব কলিতাসহ এটি আৰক্ষীৰ দলে জব্দ কৰে বাৰ্মিজ চিগাৰেটখিনি।
প্ৰাপ্ত তথ্য মতে মেঘালয়ৰ লাম্পীৰ পৰা হাহিম জোঙাখুলি পথেৰে গোৱালপাৰালৈ নি থকা অৱস্থাত বকোৰ ডাকুৱাপাৰাত জব্দ কৰে চিগাৰেটসহ গাড়ীখন। জব্দকৃত গাড়ী খনৰ নম্বৰ ML 13 8858।
ক্লিক কৰি পঢ়কঃ যুৱ সাংবাদিক সন্থা আৰু লাহোৱাল মহাবিদ্যালয়ৰ যৌথ উদ্যোগত ১০ দিনীয়া সাংবাদিকতাৰ কৰ্মশালা