'ভূপেন হাজৰিকা আন্তঃৰাষ্ট্ৰীয় সমন্বয় বঁটা' গ্ৰহণ কৰিবলৈ অসমত ঊষা মংগেশকাৰ...

'ভূপেন হাজৰিকা আন্তঃৰাষ্ট্ৰীয় সমন্বয় বঁটা' গ্ৰহণ কৰিবলৈ অসমত ঊষা মংগেশকাৰ
'ভূপেন হাজৰিকা আন্তঃৰাষ্ট্ৰীয় সমন্বয় বঁটা' গ্ৰহণ কৰিবলৈ অসমত ঊষা মংগেশকাৰ

ডিজিটেল ডেস্কঃ বিখ্যাত মংগেশকাৰ পৰিয়ালৰ সৈতে অসমৰ সম্পৰ্ক নতুন নহয়। সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা আৰু লতা মংগেশকাৰ এজন আনজনৰ সংস্পৰ্শলৈ অহাৰ পিছতে মহাৰাষ্ট্ৰ আৰু অসমৰ মাজত গঢ়ি উঠিছিল এক সাংস্কৃতিক সম্পৰ্ক।

আজি আমাৰ মাজত নাই ভূপেন দা, নাই লতাদি। তথাপিও অসম আৰু মহাৰাষ্ট্ৰৰ সাংস্কৃতিক সম্পৰ্ক সুদৃঢ় ।

ভূপেন হাজৰিকা আৰু লতা মংগেশকাৰে সুদৃঢ় কৰি থৈ যোৱা সেই সম্পৰ্কক অটুট ৰাখি অসম সাহিত্য সভাই লতা মংগেশকাৰৰ ভগ্নী বিখ্যাত সংগীত শিল্পী ঊষা মংগেশকাৰক প্ৰদান কৰিবলৈ আগবাঢ়িছে ড০ ভূপেন হাজৰিকা আন্তঃৰাষ্ট্ৰীয় সমন্বয় বঁটা।

এই বঁটা গ্ৰহণ কৰিবলৈকে মুম্বাইৰ পৰা অসমলৈ আহিছে ঊষা মংগেশকাৰ। লগত আহিছে ভতিজা আদিনাথ মংগেশকাৰ আৰু বোৱাৰী কৃষ্ণা মংগেশকাৰ।

সোমবাৰে নিশা তিনিওগৰাকী আহি উপস্থিত হয় বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানহন্দৰত। ইয়াতেই অসম সাহিত্য সভাই তিনিওকে উষ্ম আদৰণি জনাইছে।

উল্লেখ্য যে আজি গণেশগুৰিৰ নেডফি হাতত বিয়লি অনুষ্ঠিত হ'বলগীয়া বঁটা প্ৰদান অনুষ্ঠানত তেওঁক এই বঁটা প্ৰদান কৰা হ'ব। ৰাজ্যপাল জগদীশ মুখী আৰু সভাৰ সভাপচি ড০ কুলৰ শইকীয়াই ঊষা মংগেশকাৰক এই বঁটা প্ৰদান কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in