বাংলাদেশৰ পৰিস্থিতি সূক্ষ্ম দৃষ্টিৰে পৰ্যবেক্ষণ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ

সংখ্যালঘুৰ বাবে বাংলাদেশ চৰকাৰক জবাবদিহি কৰিব আমেৰিকাই। এই কথা প্ৰকাশ কৰিছে হোৱাইট হাউচে। যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে বাংলাদেশৰ পৰিস্থিতি সন্দৰ্ভত সূক্ষ্ম দৃষ্টিৰে নিৰীক্ষণ কৰি থকাৰ লগতে

author-image
Asomiya Pratidin
New Update
zF

ডিজিটেল ডেস্ক : সংখ্যালঘুৰ বাবে বাংলাদেশ চৰকাৰক জবাবদিহি কৰিব আমেৰিকাই। এই কথা প্ৰকাশ কৰিছে হোৱাইট হাউচে। যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে বাংলাদেশৰ পৰিস্থিতি সন্দৰ্ভত সূক্ষ্ম দৃষ্টিৰে নিৰীক্ষণ কৰি থকাৰ লগতে দেশখনৰ ধৰ্মীয় আৰু জনগোষ্ঠীয় সংখ্যালঘুসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে আমেৰিকাই বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰক জবাবদিহি কৰিব বুলি প্রকাশ কৰে।


ইয়াৰ উপৰি উল্লেখ কৰে যে বাংলাদেশৰ প্রাক্তন প্ৰধানমন্ত্ৰী হাছিনাক পদচ্যুত কৰাৰ পিছত বাংলাদেশৰ নিৰাপত্তা পৰিস্থিতি কঠিন হৈ পৰিছে। সেয়ে আমেৰিকাই অন্তৱৰ্তীকালীন চৰকাৰৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি থকাৰ লগতে বাংলাদেশৰ আইন প্ৰয়োগকাৰী আৰু নিৰাপত্তা সেৱাৰ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰাৰ বাবে যাতে সামর্থ্য বৃদ্ধি পায়, তাৰে চিন্তা- চৰ্চা কৰা বুলি জানিবলৈ দিয়ে। এক সংবাদমেলৰ জৰিয়তে এই কথা প্ৰকাশ কৰে যুক্তৰাষ্ট্ৰৰ বিষয়ববীয়া জন কির্বিয়ে।

এক প্ৰশ্নোত্তৰত কির্বিয়ে কয়- আমি সকলো বাংলাদেশী নেতাৰ সৈতে আমাৰ যোগাযোগ ৰক্ষা কৰিছো। তেওঁলোকক আমি স্পষ্টভাৱে কৈছো যে ধর্মীয় আৰু জনগোষ্ঠীয় সংখ্যালঘুৰ সুৰক্ষা জাতি- ধৰ্ম নির্বিশেষে সকলো বাংলাদেশীক নিৰাপত্তা দিবলৈ আমি সাজু আছো। 

এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে বিগত কেইসপ্তাহমানৰ পৰা ভাৰতীয়মূলৰ আমেৰিকানসকলে হোৱাইট হাউছৰ সম্মুখত, চিকাগো, নিউয়র্ক আদিকে ধৰি কেইবাখনো চহৰত শান্তিপূর্ণ প্রতিবাদ আৰু পদযাত্রা কৰি সংখ্যালঘুৰ বিৰুদ্ধে চলি থকা বৰ্বৰতা বন্ধ কৰিবলৈ ৰাষ্ট্ৰপতি বাইডেনক আহ্বান জনাইছিল। বাংলাদেশৰ হিন্দু সম্প্রদায়ৰ লোকসকলেও এই আহ্বানৰ প্ৰতি সঁহাৰি জনাইছিল।

america bangladesh