উৰিয়ামঘাটত বৰ্ণিল সাংস্কৃতিক সমাৰোহ আযোজন; লাইখুটা স্থাপন

: ধনশিৰি মহকুমাৰ অসম নগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ ৰাজহুৱা ভৱন খেলপথাৰৰ প্ৰাঙ্গনত ফেব্ৰুৱাৰী মাহৰ ২৮ আৰু ২৯ তাৰিখে অনুষ্ঠিত হ'ব বিভিন্ন জাতি-জনগোষ্ঠীৰ বৰ্ণিল সাংস্কৃতিক সমাৰোহ।
উৰিয়ামঘাটত বৰ্ণিল সাংস্কৃতিক সমাৰোহ আযোজন; লাইখুটা স্থাপন

ডিজিটেল সংবাদ, উৰিয়ামঘাট: ধনশিৰি মহকুমাৰ অসম নগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ ৰাজহুৱা ভৱন খেলপথাৰৰ প্ৰাঙ্গনত ফেব্ৰুৱাৰী মাহৰ ২৮ আৰু ২৯ তাৰিখে অনুষ্ঠিত হ'ব বিভিন্ন জাতি-জনগোষ্ঠীৰ বৰ্ণিল সাংস্কৃতিক সমাৰোহ। এই সমাৰোহৰ লাইখুটা মাঙ্গলিক নিয়মেৰে আজি স্থানীয় বিধায়ক বিশ্বজিত ফুকনে স্থাপন কৰে। উৰিয়ামঘাট সীমান্তৰ বিভিন্ন দল সংগঠন আৰু সীমান্তবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানটোৰ লাইখুটা স্থাপনৰ পাছতে অৱসৰপ্ৰাপ্ত শিক্ষক নৰেন চুতীয়াৰ সভাপতিত্বত এখনি সভা অনুষ্ঠিত হয়।

সীমান্ত অঞ্চলৰ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি আৰু স্থানীয় ৰাইজৰ লগতে স্থানীয় নগালেণ্ডৰ গাওঁবুঢ়া হেচিত ভি আওমি, প্ৰেচিডেন্ট গাওঁ বুঢ়া এচচিয়েচন, গাওঁবুঢ়া চিতভি চু, গাওঁবুঢ়া হখভি জাখা, গাওঁবুঢ়া নিখেত য়েপথ ,আৰু গাওঁবুঢ়া জেকি,হ য়েপথ উপস্থিত থাকি অনুষ্ঠানটোত সক্ৰিয় সহায় সহযোগিতা আগবঢ়াব বুলি অৱগত কৰে। সভাত স্থানীয় বিধায়কে বৰ্ণিল সাংস্কৃতিক সমাৰোহৰ যোগেদি বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত ভাতৃত্ব,সমন্বয় স্থাপন কৰাৰ লগতে দাঁতিকাষৰীয়া নগালেণ্ডৰ মাজত অসমৰ সম্পৰ্ক অধিক সুদৃঢ় কৰিব বুলি মত প্ৰকাশ কৰে।

উল্লেখ্য যে উক্ত সমাৰোহত আছুৰ মূখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচায্য, বিশিষ্ট শিক্ষাবিদ ড° অমৰজ্যোতি চৌধুৰী,প্ৰতিদিন টাইমৰ মূখ্য সম্পাদক নিতুমনি শইকীয়া,গুৱাহাটী উচ্ছ ন্যায়লয়ৰ বিশিষ্ট অধিবক্তা নেকিবুৰ জামান আৰু জনতাৰ কন্ঠ মহেন্দ্ৰ হাজৰীকা উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।

আৰু পঢ়ক: অসম-মেঘালয়ৰ ১০ খন আৰক্ষী থানা-চকীৰ যৌথ বৈঠক...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in