অসম-মেঘালয়ৰ ১০ খন আৰক্ষী থানা-চকীৰ যৌথ বৈঠক...

: মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ লগতে অসম মেঘালয় সীমান্তৱৰ্তী এলেকাত ড্ৰাগছ, গৰু চোৰাং সৰবৰাহৰ লগতে বিভিন্ন অপৰাধ দমন কৰি অপৰাধীক কৰায়ত্ব কৰাৰ উদ্দেশ্যে এক বিশেষ বৈঠক অনুষ্ঠিত হয়
অসম-মেঘালয়ৰ  ১০ খন আৰক্ষী থানা-চকীৰ যৌথ বৈঠক...

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা : মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ লগতে অসম মেঘালয় সীমান্তৱৰ্তী এলেকাত ড্ৰাগছ, গৰু চোৰাং সৰবৰাহৰ লগতে বিভিন্ন অপৰাধ দমন কৰি অপৰাধীক কৰায়ত্ব কৰাৰ উদ্দেশ্যে এক বিশেষ বৈঠক অনুষ্ঠিত হয়। বৃহস্পতিবাৰে দিনৰ ১২ বজাত মানকাচৰ থানাত বি এছ এফ, চি আৰ পি এফৰ লগতে উভয় ৰাজ্যৰ মুঠ ১০ খন আৰক্ষী থানা আৰু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সৈতে এক বিশেষ বৈঠক অনুষ্ঠিত হয়।

মানকাচৰ থানাত অনুষ্ঠিত হোৱা এই বৈঠকত হাটশিঙিমাৰী জিলা আৰক্ষী অধীক্ষক হৰেন টকবী, জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ফাৰুক আহমেদ, ৪৮ বেটেলিয়ানৰ সহকাৰী কমাণ্ডেণ্ট বাংকিত লাং বালা, মানকাচৰৰ ভাৰত বাংলাদেশ সীমান্তত থকা মুঠ ৯ টা বি এছ এফ কেম্পৰ কোম্পানী কমাণ্ডেণ্ট উপস্থিত থাকে । আনহাতে অসম মেঘালয় সীমান্তত সংঘটিত হৈ অহা সকলো প্ৰকাৰৰ অপৰাধ দমন কৰি অপৰাধীক কৰায়ত্ব কৰাৰ ক্ষেত্ৰত উভয় ৰাজ্যৰ আৰক্ষীয়ে বি এছ এফ আৰু চি আৰ পি এফৰ সহযোগত কৰিব বুলি বৈঠক খনত আলোচনা কৰা হয়।

মন কৰিবলগীয়া যে ড্ৰাগছ সৰবৰাহকাৰী মানকাচৰত প্ৰৱেশ কৰি ভাৰত বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাৰৰ বেৰৰ ওপৰেদি উলটা পাঞ্জাৱ নামৰ হিন্দী চিনেমাৰ দৰে বাংলাদেশলৈ ড্ৰাগছ সৰবৰাহ কৰে। একেদৰে বৰ্তমান সময়ত মেঘালয় হৈ চোৰাং গৰু মানকাচৰত অনাৰ পাছত কাঁইটীয়া তাৰৰ বেৰৰ ওপৰেদি বাঁহৰ ঢেঁকীৰ সহযোগত বাংলাদেশলৈ গৰু সৰবৰাহ কৰে।

এনে ঘটনা প্ৰায় প্ৰতিদিনে হৈ আহিছে। ড্ৰাগছ, গৰুৰ চোৰাং ব্যৱসায়ৰ লগতে সকলো প্ৰকাৰৰ অপৰাধ দমনৰ ক্ষেত্ৰত উভয় ৰাজ্যৰ সীমান্তত থকা আৰক্ষী আৰু বি এছ এফ, চি আৰ পি এফ বাহিনীৰ সহযোগত অভিযান চলোৱা হব হব বুলি হাটশিঙিমাৰী জিলা আৰক্ষী অধীক্ষক হৰেন টকবী সাংবাদিকক জানিবলৈ দিয়ে।

আৰু পঢ়ক: তেজপুৰত অনুষ্ঠিত হ'ব দ্বিতীয় বৰভাগ গ'লফ প্ৰতিযোগিতা...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in